22.7 C
New Delhi
Saturday, February 21, 2026
spot_img
Homeখেলভাৰত–পাক টি–২০ বিশ্বকাপ মেচৰ অন্তৰালত শ্রীলংকাৰ ৰাষ্ট্ৰপতিসমস্যা সমাধান কৰিলে Anura Kumara Dissanayake

ভাৰত–পাক টি–২০ বিশ্বকাপ মেচৰ অন্তৰালত শ্রীলংকাৰ ৰাষ্ট্ৰপতিসমস্যা সমাধান কৰিলে Anura Kumara Dissanayake


স্প’ৰ্টছ ডেস্কঃ
টি–২০ বিশ্বকাপত ভাৰতৰ বিৰুদ্ধে খেলিব নোৱাৰোঁ বুলি আগতীয়াকৈ ঘোষণা কৰিছিল পাকিস্তানে। ১ ফেব্ৰুৱাৰীত পাকিস্তান চৰকাৰে জানিবলৈ দিয়ে যে, বিশ্বকাপত অংশ ল’লেও ভাৰতৰ বিপক্ষে দলটো নামিব নোৱাৰিব। এই সিদ্ধান্তই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মহলত যথেষ্ট চাঞ্চল্যৰ সৃষ্টি কৰিছিল।
কিন্তু এদিনেৰে পৰিস্থিতি সলনি হয়। এক সপ্তাহৰ ভিতৰতে পাকিস্তান চৰকাৰে নিজৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰি ভাৰতৰ বিৰুদ্ধে খেলিবলৈ সন্মতি দিয়ে। এই সিদ্ধান্ত সলনি কৰাৰ আঁৰত কোন আছিল, সেয়া স্পষ্টকৈ জনালে পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ অধ্যক্ষ Mohsin Naqvi।
ৰবিবাৰে শ্রীলংকাৰ R. Premadasa Stadiumত অনুষ্ঠিত ভাৰত–পাক মেচ চাবলৈ উপস্থিত আছিল নকভি। সেই সময়তে শ্রীলংকাৰ ৰাষ্ট্ৰপতি Anura Kumara Dissanayakeও উপস্থিত আছিল। উভয়ৰ মাজত বৈঠক অনুষ্ঠিত হয় আৰু পাছদিনাও পুনৰ সাক্ষাৎ হয়।
নকভিৰ ভাষ্যমতে, পাকিস্তান চৰকাৰ সিদ্ধান্তত অটল হৈ থকাৰ সময়তে শ্রীলংকাৰ ৰাষ্ট্ৰপতিয়ে পাকিস্তানৰ প্ৰধানমন্ত্ৰী Shehbaz Sharifক ফোনযোগে আলোচনা কৰে। তাৰ পিছতেই পাকিস্তান চৰকাৰে নিজৰ সিদ্ধান্ত সলনি কৰে।
নকভিয়ে কয়, পাকিস্তানৰ ৰাষ্ট্ৰপতি Asif Ali Zardari আৰু প্ৰধানমন্ত্ৰীয়ে শ্রীলংকাৰ ৰাষ্ট্ৰপতিক ধন্যবাদ জ্ঞাপন কৰিছে। তেওঁ স্পষ্টকৈ মন্তব্য কৰে যে, “এই মেচ অনুষ্ঠিত হোৱাৰ নেপথ্যত আপুনি আসল নায়ক। আপোনাৰ হস্তক্ষেপৰ ফলতেই দুয়োখন দেশৰ মাজৰ এই বহুল প্ৰতীক্ষিত মেচ অনুষ্ঠিত হ’ল। প্ৰায় ২০০ কোটি লোকে এই খেল উপভোগ কৰিলে।”
নকভিয়ে আৰু কয় যে, ভাৰতৰ সৈতে বহুতো ৰাজনৈতিক সমস্যা থাকিলেও ৰাষ্ট্ৰপতি দেশানায়েকৰ ফোন পোৱাৰ পিছতে পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে তেওঁক জনায় যে, আৰু কোনো বাধা নাই — দলটো মেচ খেলিবলৈ নামিব।
এই ঘটনাই পুনৰ এবাৰ স্পষ্ট কৰিলে যে, কূটনৈতিক তৎপৰতাই খেল-ধুলাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে।

RELATED ARTICLES
Lucknow
clear sky
19.5 ° C
19.5 °
19.5 °
35 %
2.8kmh
0 %
Sat
19 °
Sun
30 °
Mon
31 °
Tue
32 °
Wed
32 °

Most Popular