22.7 C
New Delhi
Saturday, February 21, 2026
spot_img
Homeবিজ্ঞানবিহাৰত খোলা ঠাইত মাছ-মাংস বিক্ৰিত কড়াকড়ি, নতুন বিধি শীঘ্ৰে বলবৎ

বিহাৰত খোলা ঠাইত মাছ-মাংস বিক্ৰিত কড়াকড়ি, নতুন বিধি শীঘ্ৰে বলবৎ


পাটনা, ১৮ ফেব্ৰুৱাৰীঃ
বিহাৰত খোলা ঠাইত মাছ আৰু মাংস বিক্ৰিত কড়াকড়ি আৰোপৰ দিশে আগবাঢ়িছে নীতীশ কুমাৰৰ চৰকাৰ। শীঘ্ৰেই কাৰ্যকৰী হ’বলগীয়া নতুন বিধি অনুসৰি ৰাজ্যৰ কোনো স্থানতেই খোলা ঠাইত মাছ-মাংস বিক্ৰী কৰিব নোৱাৰিব।
ৰাজ্যৰ উপমুখ্যমন্ত্ৰী বিজয়কুমাৰ সিন্‌হাই জনোৱা মতে, নতুন নিয়ম বলবৎ হ’লে কেৱল লাইচেন্সপ্ৰাপ্ত ব্যৱসায়ীয়েহে নিৰ্দিষ্ট নীতি-নিয়ম মানি মাছ-মাংস বিক্ৰী কৰিব পাৰিব। নিয়ম ভংগ কৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও তেওঁ স্পষ্টকৈ সকীয়াই দিয়ে। চৰকাৰৰ ফালৰ পৰা ইতিমধ্যে নৱ বিধি প্ৰণয়নৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু অতি শীঘ্ৰেই সেয়া কাৰ্যকৰী হ’ব বুলি তেওঁ ইঙ্গিত দিয়ে। অৱশ্যে কেতিয়াৰ পৰা বিধি বলবৎ হ’ব অথবা শাস্তিৰ ধৰণ কি হ’ব, সেই বিষয়ে এতিয়ালৈকে সবিশেষ প্ৰকাশ কৰা হোৱা নাই।
এই সিদ্ধান্তক সমৰ্থন জনাইছে কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিংহই। তেওঁ কয়, ৰাজ্য চৰকাৰৰ এই পদক্ষেপক আদৰণি জনোৱা উচিত আৰু জিলা প্ৰশাসনে যথাযথভাৱে বিধিখন কাৰ্যকৰী কৰাৰ ব্যৱস্থা ল’ব লাগিব।
উল্লেখযোগ্য যে, এই নতুন বিধি বলবৎ হ’লে ৰাজ্যজুৰি মাছ-মাংস ব্যৱসায়ত ব্যাপক প্ৰভাৱ পৰাৰ সম্ভাৱনা দেখা গৈছে। চৰকাৰৰ চূড়ান্ত জাননী প্ৰকাশৰ পাছত বিষয়টো অধিক স্পষ্ট হ’ব বুলি ধাৰণা কৰা হৈছে।

RELATED ARTICLES
Lucknow
clear sky
19.5 ° C
19.5 °
19.5 °
35 %
2.8kmh
0 %
Sat
19 °
Sun
30 °
Mon
31 °
Tue
32 °
Wed
32 °

Most Popular