তামাৰহাট, ১৬ ফেব্ৰুৱাৰী: ধুবুৰী জিলাৰ তামাৰহাট থানাৰ আৰক্ষীয়ে পুনৰ এবাৰ ড্ৰাগছ বিৰোধী অভিযানত সফলতা লাভ কৰিছে। যোৱা নিশা থানাখনৰ অন্তৰ্গত মধ্যপেটলা গাঁৱত চলোৱা এক বিশেষ অভিযানত আৰক্ষীয়ে ৯৪টা কন্টেনাৰত সংৰক্ষিত প্ৰায় ১৩৫ গ্ৰাম ব্ৰাউন ছুগাৰসহ এজন কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়।
আটক হোৱা ব্যক্তি জন মধ্যপেটলা গাঁৱৰ বাসিন্দা সহিদুল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। আৰক্ষীৰ মতে, সহিদুলে দীৰ্ঘদিন ধৰি বৃহত্তৰ তামাৰহাট অঞ্চলৰ যুৱ প্ৰজন্মৰ মাজত ড্ৰাগছ সৰবৰাহ আৰু বিক্ৰী কৰি অহা বুলি অভিযোগ আছে।
বিশেষ সূত্ৰে লাভ কৰা তথ্যৰ ভিত্তিত তামাৰহাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাতুল দাসৰ নেতৃত্বত এটা আৰক্ষী দলে নিশা অভিযান চলায়। অভিযান চলোৱাৰ সময় আৰক্ষীয়ে সহিদুলক আটক কৰাৰ লগতে তেওঁৰ দখলৰ পৰা ৯৪টা কন্টেনাৰত ১৩৫ গ্ৰাম ব্ৰাউন ছুগাৰ, এটা মোবাইল ফোন আৰু নগদ ছয় হাজাৰ টকা উদ্ধাৰ কৰে।
ইতিমধ্যে আৰক্ষীয়ে এই সন্দৰ্ভত এটা গোচৰ পঞ্জীয়ন কৰি ধৃত সহিদুলক আদালতত হাজিৰ কৰোৱাৰ পাছত ধুবুৰী জেল-হাজোতলৈ প্ৰেৰণ কৰিছে।
তামাৰহাট আৰক্ষীৰ এই অভিযানক স্থানীয় ৰাইজে আদৰণি জনোৱাৰ লগতে অঞ্চলটোত ড্ৰাগছ মুক্ত পৰিৱেশ গঢ়ি তুলিবলৈ অধিক কঠোৰ পদক্ষেপ গ্ৰহণৰ দাবী উত্থাপন কৰিছে।
ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে তামাৰহাট আৰক্ষীৰ সফল অভিযান৯৪টা কন্টেনাৰত ১৩৫ গ্ৰাম ব্ৰাউন ছুগাৰসহ এজন কুখ্যাত সৰবৰাহকাৰী আটক
RELATED ARTICLES
Lucknow
clear sky
19.5
°
C
19.5
°
19.5
°
35 %
2.8kmh
0 %
Sat
19
°
Sun
30
°
Mon
31
°
Tue
32
°
Wed
32
°

