29 C
New Delhi
Friday, August 21, 2026
spot_img
Homeশেহতীয়া খবৰমানকাচৰত কুখ্যাত ড্ৰাগছ মাফিয়া জাকিৰ মিঞা গ্ৰেপ্তাৰ৫৫ লাখ টকাৰ ড্ৰাগছ জব্দ; সীমান্তৰে...

মানকাচৰত কুখ্যাত ড্ৰাগছ মাফিয়া জাকিৰ মিঞা গ্ৰেপ্তাৰ৫৫ লাখ টকাৰ ড্ৰাগছ জব্দ; সীমান্তৰে বাংলাদেশলৈ সৰবৰাহৰ চেষ্টা

মানকাচৰ, প্ৰতিবেদক: ৰাজ্যত নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অব্যাহত অভিযানত এইবাৰ ধৰা পৰিল মানকাচৰৰ কুখ্যাত ড্ৰাগছ মাফিয়া জাকিৰ মিঞা। সীমান্ত আৰক্ষীৰ সূত্ৰ অনুসৰি, যোৱা তিনিদিন পূৰ্বে মানকাচৰ- বাংলাদেশ সীমান্তত প্ৰায় ৫৫ লাখ টকাৰ ড্ৰাগছসহ দুজন সৰবৰাহকাৰীক হাতেনাতে গ্ৰেপ্তাৰ কৰা হৈছিল।
জানিব পৰা মতে, কাঁইটীয়া তাৰৰ বেৰৰ ওপৰেৰে বাংলাদেশলৈ ড্ৰাগছ সৰবৰাহ কৰাৰ সময়তে ১৮৩ নং বেটেলিয়ান বিএছএফ আৰু স্থানীয় আৰক্ষীয়ে যৌথ অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰে। ঘটনাস্থলীৰ পৰা আবু ছামা আৰু এক্ৰামূল হক নামৰ দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছিল।
ইপিনে, ঘটনাৰ তদন্ত অব্যাহত ৰাখি আৰক্ষীয়ে নিশা অভিযান চলাই এই চক্রৰ মূল অভিযুক্ত জাকিৰ মিঞাক আটক কৰি গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে, জাকিৰ মিঞাই ড্ৰাগছখিনি বাংলাদেশত সৰবৰাহ কৰাৰ উদ্দেশ্যে আবু ছামা আৰু এক্ৰামূল হকক সীমান্তলৈ প্ৰেৰণ কৰিছিল।
বৰ্তমানে ধৃতসকলক সোধা-পোছা অব্যাহত আছে আৰু এই চক্রৰ সৈতে জড়িত আন লোকৰ সন্ধানত আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰিছে।

RELATED ARTICLES
Lucknow
overcast clouds
28 ° C
28 °
25.8 °
100 %
2.1kmh
96 %
Fri
36 °
Sat
35 °
Sun
31 °
Mon
34 °
Tue
33 °

Most Popular