34 C
New Delhi
Thursday, August 20, 2026
spot_img
Homeঅসমধুবুৰী জিলাৰ গৌৰীপুৰত পুনৰ ড্ৰাগছ বিৰোধী অভিযান ,

ধুবুৰী জিলাৰ গৌৰীপুৰত পুনৰ ড্ৰাগছ বিৰোধী অভিযান ,

ধুবুৰী জিলাৰ গৌৰীপুৰত পুনৰ ড্ৰাগছ বিৰোধী অভিযান ,

গৌৰীপুৰৰ পৰা শেখৰ দাসৰ প্ৰতিবেদন:- গৌৰীপুৰত ড্ৰাগছ বিৰোধী অভিযানত আৰক্ষীৰ সাফল্য। আজি বিয়লি প্ৰায় ৫:৩০ বজাত, এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত, গৌৰীপুৰ থানাৰ অন্তৰ্গত বালাজান দ্বিতীয় খণ্ডৰ চাহেবগঞ্জ হাইস্কুলৰ সমীপৰ নিজ বাসগৃহত এজন ব্যক্তিয়ে নিষিদ্ধ নিচাজাতীয় সামগ্ৰীৰ ব্যৱসায় চলাই থকাৰ তথ্য লাভ কৰি বালাজান আৰক্ষী চকী আৰু জিলা অপৰাধ শাখা (DCU)-ই যৌথভাৱে এক মাদকদ্ৰব্য বিৰোধী অভিযান চলায়। প্ৰত্যক্ষদৰ্শীৰ উপস্থিতিত সন্দেহযুক্ত ব্যক্তিজনৰ ঘৰত বালাজান আউটপোষ্ট আৰু ডি চি ইউৰ এটা দলে অভিযান চলায় । তালাচী অভিযানৰ সময়ত অভিযুক্ত ব্যক্তিজনক তেওঁৰ পত্নীসহ আটক কৰা হয়। আটক কৰা ব্যক্তি দুজন হৈছে বালাজান দ্বিতীয় খণ্ড গাঁৱৰ (গৌৰীপুৰ থানাৰ অন্তৰ্গত) মনোৱাৰ হুছেইন (৩৬ বছৰ), পিতৃ- স্বৰ্গীয় তাহেৰ আলী আৰু তেওঁৰ পত্নী আনজুমা খাতুন (৩০ বছৰ)। তাৰ পাছত স্বাধীন প্ৰত্যক্ষদৰ্শীৰ উপস্থিতিত সকলো আইনী নিয়ম মানি ঘৰটোত তালাচী চলোৱা হয়। তালাচীৰ সময়ত তলত উল্লেখিত সামগ্ৰীসমূহ উদ্ধাৰ কৰা হয়: ১. আটক কৰা মনোৱাৰ হুছেইনৰ জিম্মাৰ পৰা সন্দেহযুক্ত হিৰোইন ভৰ্তি মুঠ ৮ (আঠ) টা প্লাষ্টিকৰ কন্টেইনাৰ উদ্ধাৰ কৰা হয়, যাৰ ওজন কন্টেইনাৰসহ ৮.৬০ গ্ৰাম। ২. ৫০০ টকীয়া নোটৰ নগদ মুঠ ৫৩,০০০/- (তিপ্পান্ন হাজাৰ) টকা ৩. দুটা এণ্ড্ৰইড ম’বাইল ফোন জব্দ কৰা হয়। সন্দেহযুক্ত নিচাজাতীয় দ্ৰব্যখিনিৰ পেকিং আৰু চিল-মোহৰ মৰাকে ধৰি সকলো আইনী প্ৰক্ৰিয়া ঘটনাস্থলীতে সম্পূৰ্ণ কৰা হয়। সমগ্ৰ প্ৰক্ৰিয়াটোৰ ‘ই-সাক্ষ্য’ (e-Sakshya)-ৰ জৰিয়তে ভিডিঅ’গ্ৰাফী কৰা হয়। আটক কৰা অভিযুক্ত মনোৱাৰ হুছেইন আৰু আনজুমা খাতুনক প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণৰ বাবে থানালৈ আনি অধিক তথ্যৰ সন্ধানত আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ।

RELATED ARTICLES
Lucknow
few clouds
30 ° C
30 °
29.4 °
89 %
2.1kmh
23 %
Thu
32 °
Fri
35 °
Sat
34 °
Sun
30 °
Mon
33 °

Most Popular