39.1 C
New Delhi
Friday, April 24, 2026
spot_img
Homeঅসমনামনি অসমতো ব্যাপক সঁহাৰি লাভ কৰে 'জন আশীর্বাদ যাত্রা'ই , সৰভোগ, বজালী,...

নামনি অসমতো ব্যাপক সঁহাৰি লাভ কৰে ‘জন আশীর্বাদ যাত্রা’ই , সৰভোগ, বজালী, টিহু, নলবাৰী, ৰঙিয়াত পাৰভঙা জনতাৰ যেন , আগতীয়া বিহু: মুখ্যমন্ত্রী , ৰাইজৰ এই বিপুল সঁহাৰি অসমৰ দ্রুত বিকাশৰ বাবে অমোঘ শক্তি: মুখ্যমন্ত্রী

নামনি অসমতো ব্যাপক সঁহাৰি লাভ কৰে ‘জন আশীর্বাদ যাত্রা’ই , সৰভোগ, বজালী, টিহু, নলবাৰী, ৰঙিয়াত পাৰভঙা জনতাৰ যেন , আগতীয়া বিহু: মুখ্যমন্ত্রী , ৰাইজৰ এই বিপুল সঁহাৰি অসমৰ দ্রুত বিকাশৰ বাবে অমোঘ শক্তি: মুখ্যমন্ত্রী

ষ্টাফ ৰিপৰ্টাৰ,বাইহাটা চাৰিআলি, ৯ মার্চ: মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টিৰ ‘জন আশীৰ্বাদ যাত্রা’ই আজি নামনি অসমতো ব্যাপক সঁহাৰি লাভ কৰে। ‘অসমৰ সুৰক্ষা, বিকাশৰ প্রতিজ্ঞা’ৰে যোৱা ২৮ ফেব্ৰুৱাৰীত ঢেকিয়াজুলি সমষ্টিৰ পৰা আৰম্ভ হোৱা এই জন আশীর্বাদ যাত্রাই ইতিমধ্যে উজনি অসমক সামৰি লোৱাৰ পিছত আজি নৱম দিনা নামনি অসমৰ সৰভোগ, বজালী, টিহু, নলবাৰীৰ মাজেৰে গৈ ৰঙিয়া বিধানসভা সমষ্টিত প্রথম পৰ্যায়ৰ এই যাত্ৰাৰ সামৰণি পেলায়। আৰম্ভণিৰ পৰা শেষলৈ পৰিলক্ষিত হোৱা অভূতপূর্ব জনসমুদ্ৰৰ মাজত অব্যাহত ৰখা যাত্রাকালত মুখ্যমন্ত্রীক জাতি-ধর্ম নির্বিশেষে সকলো স্তৰৰ জনসাধাৰণে শুভাশিস প্রদান কৰে। মুখ্যমন্ত্রী ড’ শর্মাই আজি পুৱা বজালী জিলাৰ ঐতিহ্যমণ্ডিত শ্রীশ্রী বামাখাটা সত্ৰত সেৱা আগবঢ়াই দিনটোৰ কাৰ্যসূচী আৰম্ভ কৰে। মঙ্গল ধ্বনিৰে আৰম্ভ হোৱা জন আশীর্বাদ যাত্রাত অসংখ্য লোকে মুখ্যমন্ত্রীক শৰাই, গামোচা, আনাই আদিৰে সম্ভাষণ জনোৱাৰ লগতে নিজ হাতেৰে অংকন কৰা ছবিও উপহাৰ দিয়ে। নিশা পর্যন্ত চলা জন আশীর্বাদ যাত্রাত প্রতিটো সমষ্টিতে পথৰ দুয়োকাষে সমবেত অগণন জনতাই মুখ্যমন্ত্রীক আদৰণি জনাই ভাৰতীয় জনতা পার্টিব প্রতি আস্থা আৰু বিশ্বাস প্রকাশ কৰে। শিশুৰ পৰা বৃদ্ধলৈ স্বতঃস্ফূর্তভারে ওলাই অহা পাৰভঙা জনতাই আজি সৰভোগ, বজালী, টিহু, নলবাৰী, ৰঙিয়াত যেন আগতীয়া বিহু উদ্যাপন কৰিলে। জন আশীৰ্বাদ যাত্ৰাৰ অংশ হিচাপে বিভিন্ন স্থানত সমবেত বিপুল ৰাইজক সম্বোধন কৰি মুখ্যমন্ত্রী ড” শর্মাই আগন্তুক বিধানসভা নির্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰক পুনৰ সেৱাৰ সুযোগ দিবলৈ অসমবাসীলৈ আহ্বান জনায়। তেওঁ কয় যে অসমবাসীলৈ আগবঢ়োৱা সেৱাৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰখাৰ বাবে ৰাইজৰ আশীৰ্বাদ বিচাৰি এই যাত্রা অব্যাহত ৰখা হৈছে। যোৱা পাঁচ বছৰত ভাৰতীয় জনতা পার্টি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে প্ৰদান কৰা প্রতিশ্রুতিসমূহ আখৰে আখৰে পালন কৰিছে। তেওঁ কয় যে ভাৰতীয় জনতা পার্টিয়ে যোৱা নিৰ্বাচনৰ সময়ত ১ লাখ চাকৰি প্ৰদানৰ প্রতিশ্রুতি প্রদান কৰিছিল যদিও সেই সীমা অতিক্রমী প্রায় ১ লাখ ৬০ হাজাৰ গৰাকী যুৱক-যুৱতীক চৰকাৰী চাকৰি প্ৰদান কৰিলে। আগন্তুক কার্যকালত ভাৰতীয় জনতা পার্টি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে ২ লাখ নিযুক্তি প্রদান কৰিব। তেওঁ কয় যে যোৱা পাঁচ বছৰত উন্নয়নৰ যি ভেটি স্থাপন হ’ল, আগন্তুক সময়ত ইয়াতকৈ বহু বেছি কাম কৰা হ’ব। জনতাৰ অভূতপূর্ব সঁহাৰি প্ৰত্যক্ষ কৰি তেওঁ অভিভূত হোৱা বুলি উল্লেখ কৰি কয় যে ৰাইজৰ এই বিপুল সঁহাৰি অসমৰ দ্রুত বিকাশৰ বাবে অমোঘ শক্তি। জনসাধাৰণৰ মৰম আৰু উৎসাহে তেওঁক অধিক নিষ্ঠাৰে কাম কৰি যাবলৈ প্রেৰণা যোগাইছে বুলি মুখ্যমন্ত্রীয়ে মন্তব্য কৰে। আজিৰ এই জন আশীর্বাদ যাত্ৰাত মুখ্যমন্ত্রীৰ সৈতে ভাৰতীয় জনতা পার্টিৰ ৰাজ্যিক সভাপতি তথা সাংসদ দিলীপ শইকীয়া, পঞ্চায়ত আৰু গ্রামোন্নয়ন আদি বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, পৰিৱেশ আৰু বন আদি বিভাগৰ মন্ত্রী চন্দ্রমোহন পাটোৱাৰী, জনস্বাস্থ্য কাৰিকৰী আদি বিভাগৰ মন্ত্রী জয়ন্ত মল্লবৰুৱা প্রমুখ্যে দলীয় কার্যকর্তা আৰু বিপুল ৰাইজ উপস্থিত থাকে।

RELATED ARTICLES
Lucknow
dust
41 ° C
41 °
41 °
11 %
3.6kmh
2 %
Fri
43 °
Sat
46 °
Sun
46 °
Mon
46 °
Tue
42 °

Most Popular