বালিপৰাৰ নতুন আদাবাৰীত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন
বালিপৰা, প্ৰতিবেদক: সমগ্ৰ বিশ্বৰ লগতে শোণিতপুৰ জিলাৰ বালিপৰাৰ নতুন আদাবাৰী চাহ বাগিচাতো যথাযোগ্য মৰ্যাদাৰে আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয়। অসম চাহ জনজাতি মহিলা সমিতিৰ তেজপুৰ শাখাৰ উদ্যোগত দিনজোৰা বিভিন্ন কাৰ্যসূচীৰে এই বিশেষ দিনটো পালন কৰা হয়। কাৰ্যসূচীৰ আৰম্ভণিতে পুৱা পতাকা উত্তোলন কৰে শোণিতপুৰ জিলা সমিতিৰ সভানেত্ৰী শ্ৰীমতী মিনা চৰেন বাইদেউয়ে। ইয়াৰ পিছতে স্মৃতি তৰ্পণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে তেজপুৰ শাখাৰ সম্পাদিকা শ্ৰীমতী সুমন দেৱী চাহানীয়ে। দিনটোৰ অন্যতম আকৰ্ষণ আছিল মহিলাসকলে উলিওৱা এক বৰ্ণিল শোভাযাত্ৰা। হাতে হাতে বেনাৰ আৰু পোষ্টাৰ লৈ উলিওৱা এই শোভাযাত্ৰাৰ জৰিয়তে সমাজত নাৰীৰ মৰ্যাদা, সুৰক্ষা আৰু অধিকাৰৰ বাবে সজাগতামূলক আহ্বান জনোৱা হয়। পৰৱৰ্তী সময়ত মহিলাসকলৰ মাজত বিভিন্ন খেল-ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে এখন মুকলি সভা আৰু পুৰস্কাৰ বিতৰণী অনুষ্ঠানো সম্পন্ন হয়। অনুষ্ঠানত অসম চাহ জনজাতি ছাত্ৰ সন্থা (ATTSA) আৰু অসম চাহ জনজাতি মহিলা সমিতিৰ কেইবাগৰাকী বিষয়-ববীয়া উপস্থিত থাকে। সমগ্ৰ কাৰ্যসূচীৰ জৰিয়তে সমাজত নাৰীৰ সমতা, সুৰক্ষা আৰু মৰ্যাদাৰ বাৰ্তা শক্তিশালীভাৱে প্ৰচাৰ কৰা হয়।
বালিপৰাৰ নতুন আদাবাৰীত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন
Lucknow
light rain
33.5
°
C
33.5
°
33.5
°
56 %
8.1kmh
98 %
Fri
34
°
Sat
36
°
Sun
36
°
Mon
30
°
Tue
32
°

