41.1 C
New Delhi
Friday, April 24, 2026
spot_img
Homeঅসমগৌৰীপুৰৰ নতুন ৰোড অভাৰ ব্ৰিজ খনে যাতায়তৰ বিলম্ব হ্ৰাস কৰাৰ লগতে সুৰক্ষা...

গৌৰীপুৰৰ নতুন ৰোড অভাৰ ব্ৰিজ খনে যাতায়তৰ বিলম্ব হ্ৰাস কৰাৰ লগতে সুৰক্ষা আৰু গতিশীলতা বৃদ্ধি কৰিব

গৌৰীপুৰৰ নতুন ৰোড অভাৰ ব্ৰিজ খনে যাতায়তৰ বিলম্ব হ্ৰাস কৰাৰ লগতে সুৰক্ষা আৰু গতিশীলতা বৃদ্ধি কৰিব
মালিগাঁও,পিএন চি, ২৩ মাৰ্চ: উত্তৰ-পূব সীমান্ত ৰেলৱেই আলিপুৰদুৱাৰ মণ্ডলৰ অধীনৰ গৌৰীপুৰত লেভেল ক্ৰছিং গেট নং চিএ -২৬ ৰ সলনি সফলতাৰে এখন ৰোড অভাৰ ব্ৰিজৰ নিৰ্মাণ সম্পূৰ্ণ কৰিছে, যি অঞ্চলটোত ৰেল-পথৰ আন্তগাথনিৰ উন্নয়নত এক গুৰুত্বপূৰ্ণ সফলতাৰূপে চিহ্নিত হৈছে। উত্তৰ-পূব সীমান্ত ৰেলৱেৰ নিৰ্মাণ সংস্থাৰ দ্বাৰা নিৰ্মিত ই প্ৰকল্পটো নিৰ্ধাৰিত সময়সীমাৰ ভিতৰতে সম্পূৰ্ণ কৰা হৈছে। এই ৰোড অভাৰ ব্ৰিজখন গৌৰীপুৰ আৰু আলমগঞ্জ ষ্টেচনৰ মাজৰ কিলোমিটাৰ ১৬২/৫-৬ কিলোমিটাৰত নিৰ্মাণ কৰা হৈছে। এই সেঁতুখন সৰ্বমুঠ ৯৪০ মিটাৰ দৈৰ্ঘ্য পৰ্যন্ত বিস্তৃত আৰু সৰ্বোচ্চ গ্ৰেডিয়েন্ট ১ ইন ৪০ ৰ সৈতে ডিজাইন কৰা হৈছে। ৰাষ্ট্ৰীয় ঘাইপথৰ মানদণ্ড অনুসৰি নিৰ্মিত এই সেঁতুখনত ১০.৫০ মিটাৰ বহল কেৰেজৱে আছে, যি তিনিটা লেনৰ সুবিধাৰে যান-বাহনৰ সুগম আৰু দক্ষ চলাচল নিশ্চিত কৰি তুলিব। এই সেঁতুখনৰ এক বিশেষ বৈশিষ্ট্য হৈছে ৬২ মিটাৰ দীঘল ব’ ষ্ট্ৰিং গাৰ্ডাৰৰ মেইন স্পেন যি সমৃদ্ধ অভিযান্ত্ৰিক লগতে আধুনিক নিৰ্মাণশৈলীকে প্ৰতিফলিত কৰিছে। এই ৰোড অভাৰ ব্ৰিজখনে ব্যস্ততম লেভেল ক্ৰছিং গেট নং চিএ -২৬ক প্ৰতিস্থাপন কৰিছে, য’ত পূৰ্বে ট্ৰেইন-ভেহিকল ইউনিট ৬৯,৮৪০ আছিল, যি ৰেল আৰু পথ যাতায়তৰ অত্যাধিক ব্যৱহাৰকে সূচায়। এই স্থান কৌশলগতভাৱে গুৰুত্বপূৰ্ণ কাৰণ ই গৌৰীপুৰ আৰু ধুবুৰীৰ মাজত সংযোগ কৰা ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থিত, যি অঞ্চলটোৰ যোগাযোগৰ বাবে এক গুৰুত্বপূৰ্ণ সংযোগ স্থাপন কৰে। এই ৰোড অভাৰ ব্ৰিজখন সম্পূৰ্ণ হোৱাৰ পৰিণামস্বৰূপে সঘনাই গেট বন্ধ হোৱাৰ ফলত হোৱা বিলম্ব সম্পূৰ্ণৰূপে নিৰ্মূল হোৱাৰ লগতে যান বাহন আৰু পথচাৰিৰ বাধাহীন আৰু সুৰক্ষিত চলাচল নিশ্চিত হৈছে। এই সেতুখনে দুৰ্ঘটনাৰ আশংকা যথেষ্ট হ্ৰাস কৰি যাতায়তৰ সময় ৰাহি কৰাৰ লগতে ইন্ধনৰ ব্যয় হ্ৰাস কৰিছে। ইয়াৰ উপৰিও ই স্থানীয় বাণিজ্যক সমৃদ্ধ কৰাৰ লগতে সুবিধা বৃদ্ধি কৰিব আৰু অঞ্চলটোৰ সামগ্ৰিক আৰ্থিক উন্নয়নত অৱদান আগবঢ়াব বুলি আশা কৰা হৈছে। উত্তৰ-পূব সীমান্ত ৰেলৱে যাত্ৰী আৰু পথ ব্যৱহাৰকাৰীসকলৰ বাবে আন্তঃগাঁথনি আধুনিকীকৰণ, সুৰক্ষা আৰু সুবিধা বৃদ্ধিৰ প্ৰতি সদায় প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে।

RELATED ARTICLES
Lucknow
dust
41 ° C
41 °
41 °
11 %
3.1kmh
1 %
Fri
43 °
Sat
46 °
Sun
46 °
Mon
46 °
Tue
42 °

Most Popular