ৰেলৱে সুৰক্ষা বাহিনীৰ দ্বাৰা সমগ্ৰ উত্তৰ-পূব সীমান্ত ৰেলৱেত সতৰ্কতা আৰু যাত্ৰী সহায়তা বৃদ্ধিৰ দিশত পদক্ষেপ গ্ৰহণ
লামডিং, পিএনচি, ২৩ মাৰ্চ: উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ৰেলৱে সুৰক্ষা বাহিনীয়ে ইয়াৰ অধিক্ষেত্ৰৰ অধীনত অপৰাধৰ বিৰুদ্ধে কঠোৰ সতৰ্কতা বজাই ৰাখি যাত্ৰীসকলৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰি আহিছে৷ এক ধাৰাবাহিক সফল অভিযানত ৰেলৱে সুৰক্ষা বাহিনীৰ টীমসমূহে মূল ষ্টেচনসমূহত যাত্ৰীৰ সামগ্ৰী চুৰিৰ সৈতে জড়িত একাধিক ব্যক্তিক কৰায়ত্ত কৰে৷ বিগত ৭ মাৰ্চ, ২০২৬ তাৰিখে গুৱাহাটী ৰেলৱে ষ্টেচনত প্ৰায় ১০, ০০০ টকা মূল্যৰ এটা চুৰি হোৱা মোবাইল ফোনৰ সৈতে দুজন ব্যক্তিক কৰায়ত্ত কৰা হয় আৰু ব্যক্তিকেইজনক বিহিত আইনী ব্যৱস্থা গ্ৰহণৰ বাবে জিআৰপি/গুৱাহাটীৰ হাতত অৰ্পন কৰা হয়৷ ইয়াৰ পিছত ১৩ আৰু ১৫ মাৰ্চ, ২০২৬ ত লামডিং ৰেলৱে ষ্টেচনত ক্ৰমে ৫, ০০০ আৰু ৬, ০০০ টকা মূল্যৰ দুটা চুৰি হোৱা মোবাইল ফোনৰ সৈতে দুজন অপৰাধীক কৰায়ত্ত কৰা হয় আৰু তেওঁলোকক পৰৱৰ্তী বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে জিআৰপি/লামডিঙৰ হাতত অৰ্পন কৰা হয়৷ তদুপৰি ১৪ মাৰ্চ, ২০২৬ তাৰিখে গুৱাহাটী ৰেলৱে ষ্টেচনত প্ৰায় ১৫, ০০০ টকা মূল্যৰ এটা চুৰি হোৱা মোবাইল ফোনৰ সৈতে এজন ব্যক্তিক কৰায়ত্ত কৰা হয় লগতে ব্যক্তিজনক জিআৰপি/গুৱাহাটীৰ হাতত অৰ্পন কৰা হয়৷ উপৰোক্ত সকলো ঘটনাৰ ক্ষেত্ৰত প্ৰযোজ্য আইনৰ ধাৰাসমূহৰ অধীনত গোচৰ ৰুজু কৰা হৈছে৷ অপৰাধ প্ৰতিৰোধৰ উপৰিও ৰেলৱে সুৰক্ষা বাহিনীৰ জোৱানসকলে বিপদাপন্ন যাত্ৰীসকলক তৎকালীনভাৱে চিকিৎসা সাহায্য প্ৰদান কৰি আহিছে৷ ৯ মাৰ্চ, ২০২৬ তাৰিখে নিউ জলপাইগুড়ী ৰেলৱে ষ্টেচনত এজন যাত্ৰীক অসুস্থ অৱস্থাত পোৱা যায় যিজন খোজ কাঢ়িব নোৱাৰা অৱস্থাত আছিল লগে লগে তেওঁক শিলিগুড়ীৰ অসামৰিক চিকিৎসালয়লৈ চিকিৎসাৰ বাবে স্থানান্তৰ কৰা হয়৷ ইয়াৰ পিছত ১৪ মাৰ্চ, ২০২৬ তাৰিখে নিউ জলপাইগুড়ীৰ য়াৰ্ড এলেকাত অজ্ঞাত এজন ব্যক্তিক অসুস্থ/আঘাতপ্ৰাপ্ত অৱস্থাত পোৱা যায় আৰু লগে লগে তেওঁক উদ্ধাৰ কৰি শিলিগুড়ীৰ জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷ একেদিনাই ৰেল নং ১৫৯৬১ আপত শ্বাস-প্ৰশ্বাসৰ সমস্যাত ভুগি থকা আন এজন যাত্ৰীক তৎকালীন সহায়তা প্ৰদান কৰি নিউ জলপাইগুড়ীৰ ৰেলৱে চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয়৷ তদুপৰি ১৭ মাৰ্চ, ২০২৬ তাৰিখে নিউ জলপাইগুড়ী ৰেলৱে ষ্টেচনত অৰ্ধচেতন অৱস্থাত থকা এগৰাকী অজ্ঞাত মহিলা যাত্ৰীক উদ্ধাৰ কৰি প্ৰয়োজনীয় চিকিৎসাৰ বাবে ৰেলৱে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়৷ উত্তৰ-পূব সীমান্ত ৰেলৱে যাত্ৰীৰ সুৰক্ষা, নিৰাপত্তা আৰু কল্যাণ নিশ্চিত কৰাৰ প্ৰতি ইয়াৰ দায়বদ্ধতাক পুনৰবাৰ প্ৰতিফলিত কৰিছে৷ ৰেলৱে সুৰক্ষা বাহিনীয়ে ৰেলৱে সম্পত্তিৰ সুৰক্ষাৰ লগতে প্ৰয়োজন অনুসৰি সময়মতে মানৱীয় সহায়তা প্ৰদান কৰি সতৰ্ক আৰু সক্ৰিয়ভাৱে সেৱা আগবঢ়াই গৈছে৷
ৰেলৱে সুৰক্ষা বাহিনীৰ দ্বাৰা সমগ্ৰ উত্তৰ-পূব সীমান্ত ৰেলৱেত সতৰ্কতা আৰু যাত্ৰী সহায়তা বৃদ্ধিৰ দিশত পদক্ষেপ গ্ৰহণ
Lucknow
dust
41
°
C
41
°
41
°
11 %
3.6kmh
2 %
Fri
43
°
Sat
46
°
Sun
46
°
Mon
46
°
Tue
42
°

