35.1 C
New Delhi
Sunday, July 26, 2026
spot_img
Homeঅসমনিৰ্বাচনক কেন্দ্ৰ কৰি ব্যাপক তৎপৰতা আৰক্ষীৰ

নিৰ্বাচনক কেন্দ্ৰ কৰি ব্যাপক তৎপৰতা আৰক্ষীৰ

নিৰ্বাচনক কেন্দ্ৰ কৰি ব্যাপক তৎপৰতা আৰক্ষীৰ

ষ্টাফ ৰিপৰ্টাৰ, দুৰ্নীতিৰ দৰ্পণ, হাজো, ৫ এপ্ৰিল, ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৩০নং হাজো শুৱালকুছি সমষ্টিৰ ৰাজনৈতিক পৰিবেশ ক্ৰমান্বয়ে উত্তপ্ত হৈ পৰিছে৷ সমাগমত বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি হাজো আৰু ৰামদিয়া আৰক্ষীয়ে অঞ্চলটোত ব্যাপক তৎপৰতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে৷ এনে সময়তে নিৰ্বাচনৰ প্ৰাকমুহূৰ্ত অঞ্চলত যাতে কোনো ধৰণৰ কুটঘাতমুলক কাৰ্য্য, আইন শৃংখলা বিঘ্নিত কৰিব নোৱাৰে তাৰে পৰিপ্ৰেক্ষিতত নিছিদ্ৰ পহৰাৰ ব্যবস্থা গ্ৰহণ কৰিছে হাজো-ৰামদিয়া আৰক্ষীয়ে৷ ইফালে, বৃহত সংখ্যক আৰক্ষী, চিআৰপিএফ অৰ্ধসামৰিক বাহিনীৰ লোকক লৈ হাজো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ তত্ত্বাৱধানত সমগ্ৰ অঞ্চলত তহল দি কুটঘাতমুলক কাৰ্য্য ৰোধৰ তদাৰক কৰি থকা পৰিলক্ষিত হৈছে৷

RELATED ARTICLES
Lucknow
overcast clouds
34.8 ° C
34.8 °
34.8 °
49 %
2.9kmh
100 %
Sun
34 °
Mon
38 °
Tue
38 °
Wed
34 °
Thu
35 °

Most Popular