কংগ্ৰেছৰ প্ৰাৰ্থী নন্দিতা দাসৰ ঐতিহাসিক হয়গ্ৰীৱ মাধৱ মন্দিৰত সেৱা লৈ নিৰ্বাচনী প্ৰচাৰ–■ শাসকীয় চৰকাৰে হাজোৰ পিতল শিল্প, পৰ্য্যটনৰ ক্ষেত্ৰত একোৱেই নকৰিলে -নন্দিতা দাস
ষ্টাফ ৰিপৰ্টাৰ দুৰ্নীতিৰ দৰ্পণ হাজো, ৫এপ্ৰিল: আসন্ন বিধানসভা নিৰ্বাচন৷ সম্মুখত মাথোঁন কেইটামান দিন৷ নিৰ্বাচনক কেন্দ্ৰ কৰি শাসকীয় দলৰ লগতে বিৰোধী দলে যুদ্ধদেহিং ভাবে ভোটাৰ ৰাইজৰ মাজত নিৰ্বাচনী প্ৰচাৰ তুংগত কৰি তোলা পৰিলক্ষিত হৈছে৷ ৩০নম্বৰ হাজো-শুৱালকুচি বিধানসভা সমষ্টিৰ নিৰ্বাচনী যুঁজঁ ক্ৰমান্বয়ে তুংগত উঠিছে৷ বিজেপি মিত্ৰজোটৰ সমান্তৰালভাৱে কংগ্ৰেছৰ প্ৰাৰ্থী নন্দিতা দাসৰ নিৰ্বাচনী প্ৰচাৰ ক্ৰমান্বয়ে আকৰ্ষণীয় হৈ পৰিছে৷ তেনে সময়তে হাজো-শুৱালকুচি বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী নন্দিতা দাসে আজি পুৱাই হাজো হয়গ্ৰীৱ মাধৱ মন্দিৰত সেৱা গ্ৰহণ কৰে৷ ইয়াৰ পিছতে মাধৱ মন্দিৰ প্ৰাংগণৰ পৰা হাজোৰ একাধিক অঞ্চলত বিশাল ৰেলী উলিয়াই নিৰ্বাচনী প্ৰচাৰ অভিযান চলাই৷ নিৰ্বাচনী প্ৰচাৰ চলাই কংগ্ৰেছৰ প্ৰাৰ্থী নন্দিতা দাসে কয় হাজোৰ পিতল শিল্প, পৰ্য্যটনৰ ক্ষেত্ৰত যথেষ্ট কৰণীয় থাকি গ’ল৷ বিগত সময়ছোৱাত হাজোৰ বিধায়িকা গৰাকীয়ে চকুমুদি উন্নয়নৰ প্ৰতি পিঠি দিলে৷ বিজেপি মিত্ৰজোটৰ অগপৰ প্ৰাৰ্থীয়ে উন্নয়নৰ প্ৰতিশ্ৰুতি দিয়াটো অতিকৈ হাস্যকৰ৷ কংগ্ৰেছৰ প্ৰাৰ্থী নন্দিতা দাসে নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰি শাসকীয় চৰকাৰে হাজোৰ সামগ্ৰিক উন্নয়নৰ বাবে একোৱেই নকৰিলে বুলি গভীৰ খেদ প্ৰকাশ কৰে৷ অসমত গৌৰৱ গগৈৰ নেতৃত্বত চৰকাৰ গঠনৰ পিছত তেনে সমস্যাৰ সমাধানৰ বাট মুকলি কৰাৰো আশ্বাস প্ৰদান কৰে কংগ্ৰেছৰ প্ৰাৰ্থী নন্দিতা দাসে৷

