35.1 C
New Delhi
Sunday, July 26, 2026
spot_img
Homeঅসমছিলা বনাঞ্চলত বন বিভাগৰ তৎপৰতা , কলাবাঘ ধৰাৰ তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ ছিলা...

ছিলা বনাঞ্চলত বন বিভাগৰ তৎপৰতা , কলাবাঘ ধৰাৰ তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ ছিলা বনাঞ্চলিক কাৰ্যালয়ৰ

ছিলা বনাঞ্চলত বন বিভাগৰ তৎপৰতা। কলাবাঘ ধৰাৰ তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ ছিলা বনাঞ্চলিক কাৰ্যালয়ৰ

পঙ্কজ নাথ, ষ্টাফ ৰিপৰ্টাৰ , ৭ জুলাই : কামৰূপ জিলাৰ ছিলা বন বিষয়া কাৰ্যলয়ৰ অন্তৰ্গত ছিলা খণ্ড বিষয়া কাৰ্যলয়ৰ সমীপৰ বঙলাগোৰ, নিজসিন্দুৰীঘোপা, বৰগাঁও অঞ্চলত আতংক বিয়পাইছে এহাল কলা বাঘে। খবৰ অনুসৰি বঙলাগোৰৰ কালী পাহাৰৰ পৰা নামি অহা এহাল কলা বাঘে আজি কেইদিনমান আগৰে পৰা উপৰোক্ত অঞ্চল সমূহত বিচৰণ কৰি ফুৰিছে বুলি গাৱৰ ৰাইজে উল্লেখ কৰিছে। গাঁৱৰ ৰাইজে কোৱা অনুসৰি বাঘ দুটিয়ে এতিয়ালৈকে জনাঞ্চলত কোনো বিশেষ উপদ্ৰৱ কৰা নাই যদিও বাঘৰ মুক্ত বিচৰণত আতংকিত হৈ পৰিছে অঞ্চলবাসী ৰাইজ । গাৱঁৰ ৰাইজৰ মতে বাঘ দুটিয়ে এতিয়ালৈকে মানুহৰ ওপৰত আক্ৰমণ কৰা নাই যদিও গাঁৱৰ মাজত প্ৰবেশ কৰি এতিয়ালৈকে দুই চাৰিটা গৰু ছাগলী মাৰি গাঁৱৰ ৰাইজৰ কিছু ক্ষতিসাধন কৰিছে। এই সন্দৰ্ভত ৰাইজে ছিলা বন আঞ্চলিক কাৰ্যালয়ৰ বন বিষয়া সিদ্ধাৰ্থ পেগুৰ লগতে ছিলা খণ্ড বন বিষয়া ইনাল হকক খবৰ দিয়াৰ মাত্ৰকে তেওঁলোকৰ ফালৰ পৰা তাৎক্ষণিক ভাৱে ব্যৱস্থা গ্ৰহণ কৰে বুলি জানিব পৰা গৈছে। ছিলা বনাঞ্চলিক কাৰ্যালয়ে যোৱাকালি অঞ্চলটোৰ ৰাইজৰ সৈতে বিষদ ভাৱে আলোচনা কৰি বাঘ সঘনাই আহ যাহ কৰিব পৰা সম্ভাব্য স্থানত আজি দিনৰ ভাগত এটি বাঘ ধৰা পিঞ্জৰা স্থাপন কৰে। ইয়াৰ লগতে বনাঞ্চলিক কাৰ্যালয়টোৰ তৰফৰ পৰা তৎপৰতা অবলম্বন কৰি বনবিভাগৰ কৰ্মী কেইজনমানকো বাঘৰ উপস্থিতি তদাৰকৰ বাবে দায়িত্ব অৰ্পণ কৰে বুলি জানিব পৰা গৈছে।

RELATED ARTICLES
Lucknow
overcast clouds
34.8 ° C
34.8 °
34.8 °
49 %
2.9kmh
100 %
Sun
34 °
Mon
38 °
Tue
38 °
Wed
34 °
Thu
35 °

Most Popular