দীপৰ বিলত থলুৱা প্ৰজাতিৰ মাছৰ পোনা এৰি দিলে দীপৰ বিল পাছপাৰা সমবায় সমিতিয়ে ; জানুৱাৰীলৈ বিলৰ বুকুত বন্ধ থাকিব মাছ ধৰা পৰ্ব
দুৰ্নীতিৰ দৰ্পণ ননীগোপাল বৰ্মন নলবাৰী ,৭ জুলাই : দীপৰ বিলৰ সংৰক্ষণৰ হকে মাত মাতি অহা আৰু বিলত মাছ ধৰি জীৱিকা নিৰ্বাহ কৰি অহা আঠ শতাধিক মাছমৰীয়া পৰিয়ালৰ উমেহতীয়া সংগঠন দীপৰ বিল পাছপাৰা সমবায় সমিতিয়ে প্ৰতি বছৰে বাৰিষা কালত দীপৰ বিলত থলুৱা প্ৰজাতিৰ মাছৰ বংশবৃদ্ধিৰ বাবে বিলৰ বুকুত মাছৰ পোনা এৰি দি আহিছে । এইবেলিও আজি দীপৰ বিলৰ বুকুত ৰৌ , ভকুৱা , কুৰিহা আৰু মিৰগা মাছৰ প্ৰায় তিনি কুইণ্টল পোনা এৰি দিয়া হয় । অৱশ্যে ইয়াৰে প্ৰায় দুই কুইণ্টল আছিল ভকুৱা মাছৰ পোনা। মাছৰ পোনা এৰি দিয়া উপলক্ষে দীপৰ বিলৰ দক্ষিণ পাৰত থকা ঐতিহাসিক শ্ৰী শ্ৰী ভাঙাৰা গোঁহাই মন্দিৰ চৌহদত অনুষ্ঠিত চমু অনুষ্ঠানত দীপৰ বিল সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক প্ৰমোদ কলিতা , দীপৰ বিল পাছপৰা সমবায় সমিতিৰ সভাপতি গোলক দাস (১) , সম্পাদক গোলক দাস (২) , উপদেষ্টা সতীশ দাসকে ধৰি কেবাজনো কৰ্মকৰ্তা উপস্থিত থাকে। তাৰ পাছত বিলৰ বুকুত নাৱৰ সহায়ত সমিতিৰ সদস্যসকলে মাছৰ পোনা সমুহ এৰি দিয়ে । ইফালে দীপৰ বিল পাছপৰা সমবায় সমিতিৰ কৰ্মকৰ্তা সকলে জানিবলৈ দিয়া মতে মাছৰ পোনা এৰি দিয়াৰ পাছত আগন্তক ছয় মাহৰ বাবে বিলৰ বুকুত মাছ ধৰা পৰ্ব বন্ধ থাকিব। এই সময়চোৱাত দীপৰ বিলৰ বুকুত তথা মাজত নাও লৈ মাছ ধৰা কাৰ্য বন্ধ থাকিব। কেৱল দীপৰ বিলৰ পাৰতহে মাছ মাৰিব পাৰিব । পৰবৰ্তী অহা ২০২৭ বৰ্ষৰ জানুৱাৰী মাহৰ প্ৰথমটো দেওবাৰত দীপৰ বিলত সমূহীয়াভাবে মাছ ধৰা পৰ্ব আৰম্ভ হোৱাৰ পাছতহে বিলৰ বুকুত মাছমৰীয়া সকলে মাছ ধৰিব পাৰিব । উল্লেখ্য যে দীপৰ বিলৰ অতন্দ্ৰ প্ৰহৰী হিচাপে পৰিচিত দীপৰ বিল পাছপৰা সমবায় সমিতিয়ে জন্মলগ্নৰে পৰা বিলখন যাতে প্ৰাকৃতিক ভাবে সুৰক্ষিত হয় আৰু মাছমৰীয়া পৰিয়ালৰ লোকসকলৰ বিলত মাছ ধৰা অধিকাৰ সদায় সুৰক্ষিত হৈ থাকে তাৰ বাবে কাম কৰি আহিছে ।
দীপৰ বিলত থলুৱা প্ৰজাতিৰ মাছৰ পোনা এৰি দিলে দীপৰ বিল পাছপাৰা সমবায় সমিতিয়ে ; জানুৱাৰীলৈ বিলৰ বুকুত বন্ধ থাকিব মাছ ধৰা পৰ্ব
Lucknow
overcast clouds
28.2
°
C
28.2
°
28.2
°
76 %
2.1kmh
97 %
Tue
36
°
Wed
36
°
Thu
35
°
Fri
34
°
Sat
34
°

