39.1 C
New Delhi
Wednesday, June 3, 2026
spot_img
Homeঅসমমঙলদৈত কে’বাটাও ইছলামিক সংস্থাৰ বৈঠক, ২০২৬ বৰ্ষৰ ৰমজানৰ ফিৎৰা ৮২ টকা নিৰ্ধাৰণ#

মঙলদৈত কে’বাটাও ইছলামিক সংস্থাৰ বৈঠক, ২০২৬ বৰ্ষৰ ৰমজানৰ ফিৎৰা ৮২ টকা নিৰ্ধাৰণ#

মঙলদৈত কে’বাটাও ইছলামিক সংস্থাৰ বৈঠক, ২০২৬ বৰ্ষৰ ৰমজানৰ ফিৎৰা ৮২ টকা নিৰ্ধাৰণ#

ছিপাঝাৰৰ পৰা জেহিৰুল আলমৰ প্ৰতিবেদন দুৰ্নীতিৰ দৰ্পণ ২৪ ফেব্ৰুৱাৰীঃ আজি মঙলদৈস্থিত অসম ছুন্নী মাদ্ৰাছা শিক্ষা ব’ৰ্ডৰ মুখ্য কাৰ্যালয়ত ২০২৬ বৰ্ষৰ পৱিত্ৰ ফিৎৰাৰ মূল্য নিৰ্ধাৰণ কৰাৰ বাবে কে’বাটাও ইছলামিক সংস্থাৰ বিষয়ববীয়া এক বৈঠকত মিলিত হয়৷ উক্ত বৈঠকত অসম ছুন্নী মাদ্ৰাছা শিক্ষা ব’ৰ্ড, আহলে ছুন্নত ওৱাল জামাআত, অসম, সদৌ অসম উলামা-ই-আহলে ছুন্নত কাউন্সিল, জামাআ’তে-ৰাজা-ই-মুস্তাফা, অসম, ইছলামিক ইডুকেশ্বনেল ব’ৰ্ড অব ইণ্ডিয়া, অসম শাখা, ছুন্নী ষ্টুডেণ্ট ফেডাৰেশ্বন, অসম, ৰাজা ফাউণ্ডেশ্যন, অসম, যুৱ আহলে ছুন্নত, অসম, উলামায়ে আহলে ছুন্নত কাউন্সিল, দৰঙৰ মুফতীয়ানে কিৰাম, উলামায়ে কিৰাম আৰু বিষয়ববীয়া সকল উপস্থিত থাকে৷ এই বৈঠকত সৰ্বসন্মতিক্ৰমে ২০২৬ বৰ্ষৰ ৰমজানৰ ফিৎৰা ২ কিলো ৪৭ গ্ৰাম (আধা স্বাঅ’) আটাৰ নূন্যতম মূল্য ৮২ টকা নিৰ্ধাৰণ কৰা হয়৷ এই হিচাপে সমূহ অসমবাসী মুছলমানক ফিৎৰা আদায় দিবলৈ সংস্থা কেইটাই আহ্বান জনায়৷ এইবছৰৰ ফিৎৰা সম্পৰ্কত বিতং আলোচনাৰ অন্তত হাদীচ শ্বৰীফত উল্লেখ থকা আৰু ফুকাহা-ই-কিৰামৰ বিশ্লেষণ অনুসৰি আধা স্বাঅ’ গুৰি আটা অৰ্থাৎ ২ কিলো ৪৭ গ্ৰামৰ বৰ্তমানৰ খুচুৰা বজাৰ মূল্য নিৰ্ধাৰণ কৰে আৰু ইয়াৰ মূল্য ৮২ টকা৷ ইয়াৰ উপৰিও ক্বুৰআন শ্বৰীফৰ নিৰ্দেশ মৰ্মে নিজৰ পচন্দনীয় ভাল দ্ৰব্য বা সামগ্ৰী দান কৰা উত্তম৷ সেয়েহে নিজে ভালপোৱা আটাৰ মূল্য ফিৎৰা হিচাপে আদায় কৰা উচিত৷ যাতে উক্ত মূল্য ৮২ টকাৰ কম নহয়৷ এক স্বাঅ’ হ’ল ৪ কিলো ৯৪ গ্ৰামৰ সমান৷ আৰ্থিকভাৱে স্বাৱলম্বী (মালিকে নিচাব) সকলে ফিৎৰা ৪ কিলো ৯৪ গ্ৰাম খেজুৰ, পনীৰ, কিচমিছ বা যৱৰ মূল্য আদায় কৰিব৷ লগতে মালিকে নিচাব সকলক শতকৰা আঢ়ৈ টকা হিচাপে জাকাত আদায় দিবলৈ আহ্বান জনায়৷ সংস্থা কেইটাই পৱিত্ৰ ৰমজান মাহ উপলক্ষে সমগ্ৰ অসমবাসী ৰাইজলৈ শুভেচ্ছা জনাইছে৷ সংস্থা কেইটাৰ হৈ মুফতী ৱালিউদ্দিন মিশ্ববাহী, মুফতী আতাউৰ ৰহমান মিশ্ববাহী, মুফতী তাজনুৰ আলী ক্বাদিৰী, মুফতী নবীউল হক ৰেজৱী, মৌলানা জয়নাল আব্দিন মাঞ্জাৰী আৰু মৌলানা আলহাজ আজিমুদ্দিন আহমেদ ৰেজৱী, মৌলানা জয়নাল আব্দিন মাঞ্জাৰী, মৌলানা আব্দুল হান্নান মিশ্ববাহীয়ে এই কথা সদৰী কৰি সংবাদ মাধ্যমলৈ এক প্ৰেছ বিবৃতি প্ৰেৰণ কৰিছে৷

RELATED ARTICLES
Lucknow
scattered clouds
36.5 ° C
36.5 °
36.5 °
25 %
3.8kmh
49 %
Wed
36 °
Thu
42 °
Fri
43 °
Sat
42 °
Sun
44 °

Most Popular