33.4 C
New Delhi
Tuesday, July 28, 2026
spot_img
Homeঅসমশ্ৰী শ্ৰী জৰাবাৰী সত্ৰত ষষ্ঠদশ সত্ৰাধিকাৰ প্ৰয়াত গৌৰীকান্ত দেৱ গোস্বামীৰ উনবিংশতম তিৰোভাৱ...

শ্ৰী শ্ৰী জৰাবাৰী সত্ৰত ষষ্ঠদশ সত্ৰাধিকাৰ প্ৰয়াত গৌৰীকান্ত দেৱ গোস্বামীৰ উনবিংশতম তিৰোভাৱ তিথি উদযাপনঃ

শ্ৰী শ্ৰী জৰাবাৰী সত্ৰত ষষ্ঠদশ সত্ৰাধিকাৰ প্ৰয়াত গৌৰীকান্ত দেৱ গোস্বামীৰ উনবিংশতম তিৰোভাৱ তিথি উদযাপনঃ

দুৰ্নীতিৰ দৰ্পণ সেৱা আমগুৰি পৰা বুলবুল আলী ২৬মে: শিৱসাগৰ জিলাৰ জাঁজী ঐতিহাসিক শ্ৰী শ্ৰী জৰাবাৰী সত্ৰৰ ষষ্ঠদশ সত্ৰাধিকাৰ প্ৰয়াত গৌৰীকান্ত দেৱ গোস্বামীৰ উনবিংশতম তিৰোভাৱ তিথি উদযাপন সফলতাৰে সম্পন্ন হৈ যায়। পণ্ডিতপ্ৰবৰ প্ৰয়াত সত্ৰাধিকাৰ শ্ৰীশ্ৰী গৌৰীকান্ত দেৱ গোস্বামীৰ তিৰোভাৱ তিথিৰ লগত সংগতি ৰাখি যোৱা ২২ মে’ৰ পৰা ২৫ মে’লৈ চাৰি দিনীয়াকৈ অখণ্ড ভাগৱত পাঠৰ আয়োজন কৰা হয়। উল্লেখ্য যে প্ৰয়াত সত্ৰাধিকাৰ গৰাকীয়ে নিজা পাণ্ডিত্যৰ বলত দ্বাদশ স্কন্ধ ভাগৱত কন্ঠস্থ কৰিব পাৰিছিল। তেখেতৰ সেই গুণৰ প্ৰতি সন্মান জনাই শ্ৰীশ্ৰী জৰাবাৰী সত্ৰ‌ই প্ৰতি বছৰে প্ৰয়াত সত্ৰাধিকাৰজনাৰ তিৰোভাৱ তিথিত এইদৰে অখণ্ড ভাগৱত পাঠ অনুস্থিত কৰি আহিছে। তিথিৰ লগত সংগতি ৰাখি ২৫ মে’ৰ দিনা খন প্ৰয়াত গৌৰীকান্ত দেৱ গোস্বামীৰ প্ৰতিমূৰ্ত্তিত মাল্যৰ্পন কৰে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ড° বাবুল চন্দ্ৰ মহন্তই বিশেষ মুহূৰ্তত সোঁৱৰণ কৰি কয় যে প্ৰয়াত গৌৰীকান্ত দেৱগোস্বামীক তেখেতৰ ১০১ বছৰ বয়সত বৰপেটা সত্ৰত সাক্ষাৎ হোৱাৰ সৌভাগ্য হৈছিল। তেওঁ লগতে সোঁৱৰে যে সংস্কৃত ভাষাৰ বিদগ্ধ পণ্ডিত প্ৰয়াত দেৱগোস্বামীয়ে পাঁচ বছৰ কাল বাৰানসীত ধৰ্ম বিষয়ক শিক্ষা গ্ৰহণ কৰিছিল। জীৱিত অৱস্থাত দেৱগোস্বামী অসমৰ সমগ্ৰ সত্ৰ সমাজৰ ভিতৰত আটাইতকৈ জ্ঞানী পণ্ডিত আৰু সন্মানীয় ব্যক্তিত্ব আছিল বুলি মত পোষণ কৰে। অনুষ্ঠানৰ অন্তিম দিনা অন্যান্য কাৰ্যসূচীৰ লগতে পুৱা ভাগৰ পৰা নাম প্ৰসঙ্গ আৰু মাজুলীৰ নতুন কমলাবাৰী সত্ৰৰ দ্বাৰা গায়ন বায়ন আৰু চালি নাচ পৰিৱেশন কৰা হয়।

RELATED ARTICLES
Lucknow
overcast clouds
32.4 ° C
32.4 °
32.4 °
58 %
0.8kmh
97 %
Tue
36 °
Wed
37 °
Thu
35 °
Fri
35 °
Sat
35 °

Most Popular