39 C
New Delhi
Thursday, June 4, 2026
spot_img
Homeঅসমমোৰ তলৰ কৰ্মচাৰী হলেও ৰামচৰণ বৰ্মন মোৰ পিতৃতুল্য এই মন্তব্য চুম্পী চুতীয়া...

মোৰ তলৰ কৰ্মচাৰী হলেও ৰামচৰণ বৰ্মন মোৰ পিতৃতুল্য এই মন্তব্য চুম্পী চুতীয়া তথ্য আৰু জনসংযোগ বিষয়া নলবাৰী, এগৰাকী সৎআৰু নিষ্ঠাবান কৰ্মচাৰীৰ বিদায়ত হুকহুকাই কান্দি দিলে এগৰাকী বিষয়াই৷

মোৰ তলৰ কৰ্মচাৰী হলেও ৰামচৰণ বৰ্মন মোৰ পিতৃতুল্য এই মন্তব্য চুম্পী চুতীয়া তথ্য আৰু জনসংযোগ বিষয়া নলবাৰী, এগৰাকী সৎআৰু নিষ্ঠাবান কৰ্মচাৰীৰ বিদায়ত হুকহুকাই কান্দি দিলে এগৰাকী বিষয়াই৷

ষ্টাফৰিপোৰ্টাৰ দুৰ্নীতিৰ দৰ্পন নলবাৰী২ মাৰ্চ: নলবাৰী জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ উচ্চবৰ্গৰ সহায়ক ৰামচৰণ বৰ্মন সুদীৰ্ঘ ৩৮বছৰ৪মাহ১৫দিন ৰাজ্যৰ বিভিন্ন স্থানত কামকৰি যোৱাপাচবছৰ নলবাৰী জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ত উচ্চবৰ্গৰ সহায়ক হিচাপে কামকৰি ২৮ফেব্ৰুৱাৰী তাৰিখে অৱসৰ গ্ৰহণ কৰে৷ আজি নলবাৰী নতুন কৈ নিৰ্মাণ হোৱা সংহত জিলা আয়ুক্ত ভৱনত আৰম্ভহোৱা নতুন তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ত আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ জনাই৷ বিদায় সম্ভাসনৰ সময়ত ৰামচৰণ বৰ্মনৰ সততা নিষ্ঠা আৰু কৰ্তব্য পৰায়ণতাৰ কথা কৈ জনসংযোগ বিষয়া গৰাকীয়ে কান্দোনত ভাঙিপৰে আৰু তেওঁৰ জীৱন সুস্থ তথা দীৰ্ঘায়ু কামনা কৰে৷ তাৰ লগতে বিদায় সম্ভাষণ গ্ৰহণ কৰা ৰামচৰণ বৰ্মনেও শোকত ম্ৰিয়মাণ হৈ পৰে৷ ১৯৮৭ ইংৰাজী চনৰ১৬অক্টোবৰ তাৰিখে নলবাৰী তথ্য আৰু জনসংযোগ কাৰ্যালয়ত কাৰ্যালয়ৰ সহায়ক হিচাপে নিযুক্তি লাভ কৰি পাঁচবছৰ কাৰ্যকাল সুকলমেপাৰ কৰি তাৰপৰা পুনৰ বদলি হৈ মঙল দৈত চাৰিবছৰ অতিবাহিত কৰে ইয়াৰ পিচত চৌধ্যবছৰ মৰিগাঁও জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালত কৰ্ম সমাপন কৰে তাৰপৰা চাৰিবছৰ বঙাইগাঁও তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ত এল ডি ইউ হিচাপে কামকৰে৷ বঙাইগাঁও ৰ পৰা হাতশিঙিমাৰী লৈ উচ্চবৰ্গৰ সহায়ক হিচাপেবদলি হৈ তাত চাৰিবছৰ সম্পূৰ্ণ কৰি পুনৰ গৃহজিলা নলবাৰীলৈ উচ্চবৰ্গৰ সহায়কৰ পদতে মকৰল হয়৷ অৱশেষত যোৱা ২৮ফেব্ৰুৱাৰী ২০২৬ইং তাৰিখে তেখেতে অৱসৰ গ্ৰহণকৰে৷ যিহেতু নলবাৰীত নতুনকৈ হোৱা সংহত জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয় স্থানান্তৰিত হল সেইহেতু আজি তেখেতক উক্তকাৰ্যালয়ৰ বিষয়া চুম্পী চুতীয়া আৰু সহকাৰী কৰ্মচাৰী বৃন্দ‌ই আনুষ্ঠানিকভাৱে বিদায় দি চকুলো টুকা দৃশ্য‌ই সকলোৰে মন সেমেকাই তোলে৷ জিলাতথ্য আৰু জনসংযোগ বিষয়া চুম্পী চুতীয়াই কয় যে যদিও ৰামচৰণ বৰ্মন মোৰ কৰ্মচাৰী আছিল মই কিন্তু মোৰ পিতৃ তুল্য সম জ্ঞান কৰিছিলো৷ তেখেতৰ লগত কাম কৰি পিতৃৰ লগত নিৰাপদে থকাৰ দৰে অনুভৱ কৰিছিলো৷ অৱসৰ যিহেতু সময়ৰ আহ্বান গতিকে তেখেতে চৰকাৰী ভাৱে অৱসৰ গ্ৰহণ কৰিলেও তেখেতৰ বাবে আমাৰ কাৰ্যালয়ৰ দুৱাৰ সদায় খোলা থাকিব যেতিয়াই মন যায় আহিপাৰে আনহাতে তেখেত যিহেতু অভিজ্ঞপুষ্ট ব্যক্তি আমাক দিহাপৰামৰ্শ দিবলৈও অনুৰোধ কৰিলো৷ অশেষত ৰামৰচণ বৰ্মনেও আটায়ে ওচৰত মনৰ ভাৱপ্ৰকাশ কৰি আৱেগিক হৈ পৰে৷

RELATED ARTICLES
Lucknow
few clouds
35.3 ° C
35.3 °
35.3 °
29 %
2.2kmh
18 %
Wed
34 °
Thu
42 °
Fri
43 °
Sat
42 °
Sun
44 °

Most Popular