31 C
New Delhi
Wednesday, July 29, 2026
spot_img
Homeখেলমৰিগাঁৱত ব্যাপক প্ৰস্তুতি: ২৫ মাৰ্চত মৰি মুছলমান গাঁৱত অসম ভিত্তিত দিবা-নৈশ কাবাডী...

মৰিগাঁৱত ব্যাপক প্ৰস্তুতি: ২৫ মাৰ্চত মৰি মুছলমান গাঁৱত অসম ভিত্তিত দিবা-নৈশ কাবাডী প্ৰতিযোগিতা

মৰিগাঁৱত ব্যাপক প্ৰস্তুতি: ২৫ মাৰ্চত মৰি মুছলমান গাঁৱত অসম ভিত্তিত দিবা-নৈশ কাবাডী প্ৰতিযোগিতা

দুৰ্নীতিৰ দৰ্পন মৰিগাঁও ৬ মাৰ্চ: মৰিগাঁও জিলাৰ ক্ৰীড়া জগতলৈ এক উৎসৱমুখৰ পৰিৱেশ নমাই আনিবলৈ সাজু হৈছে মৰি মুছলমান গাঁও আঞ্চলিক সমিতি। অহা ২৫ মাৰ্চত মৰি মুছলমান গাঁও আঞ্চলিক সমিতি খেল পৰিচালনা সমিতিৰ উদ্যোগত আৰু খিলঞ্জীয়া সুৰক্ষা সমিতি অসম, মৰিগাঁও জিলা সমিতিৰ সক্ৰিয় সহযোগত মৰি মুছলমান গাঁৱৰ কদমতলি ক্ৰীড়া প্ৰাংগণত এখনি দিনযোৰা কাৰ্যসূচীৰে অসম ভিত্তিত দিবা-নৈশ কাবাডী প্ৰতিযোগিতা আয়োজন কৰা হৈছে। অসমৰ গ্ৰাম্য ক্ৰীড়াৰ অন্যতম জনপ্ৰিয় খেল কাবাডীক পুনৰ উজ্জীৱিত কৰা আৰু যুৱ প্ৰজন্মক খেল-ধেমালিৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যেৰে এই বৃহৎ প্ৰতিযোগিতাখনৰ পৰিকল্পনা কৰা হৈছে। আয়োজক সমিতিৰ সূত্ৰই জনোৱা মতে, উক্ত প্ৰতিযোগিতাত ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা আগশাৰীৰ কাবাডী দলসমূহে অংশগ্ৰহণ কৰিব। প্ৰতিযোগিতাৰ আকৰ্ষণ বৃদ্ধিৰ বাবে আয়োজক সমিতিয়ে কেইবাটাও বৃহৎ পুৰস্কাৰ ঘোষণা কৰিছে। সেই অনুসৰি: শ্ৰেষ্ঠ বিজয়ী (প্ৰথম পুৰস্কাৰ): নগদ ৩০,০০০ টকা আৰু আকৰ্ষণীয় ট্ৰফী। দ্বিতীয় বিজয়ী (দ্বিতীয় পুৰস্কাৰ): নগদ ২০,০০০ টকা আৰু ট্ৰফী। তৃতীয় স্থানপ্ৰাপ্ত দল: সন্মানীয় ট্ৰফী প্ৰদান কৰা হ’ব। পৰিচালনা সমিতিয়ে জনাইছে যে ২৫ মাৰ্চৰ দিনা পুৱা পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণেৰে দিনজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হ’ব আৰু বিয়লিৰ পৰা কদমতলিৰ পথাৰত আৰম্ভ হ’ব তীব্ৰ প্ৰতিদ্বন্দিতাপূৰ্ণ কাবাডী যুঁজ। নিশাৰ ভাগত ফ্লাড লাইটৰ পোহৰত খেলুৱৈসকলৰ কৌশল উপভোগ কৰিবলৈ মৰিগাঁও জিলাৰ লগতে চুবুৰীয়া জিলাসমূহৰ পৰাও হাজাৰ হাজাৰ দৰ্শকৰ সমাগম হ’ব বুলি আশা কৰা হৈছে। খিলঞ্জীয়া সুৰক্ষা সমিতি আৰু খেল পৰিচালনা সমিতিয়ে জিলাখনৰ সমূহ ক্ৰীড়াপ্ৰেমী ৰাইজক উক্ত দিনা উপস্থিত থাকি খেলুৱৈসকলক উৎসাহিত কৰিবলৈ আৰু প্ৰতিযোগিতাখন সাফল্যমণ্ডিত কৰি তুলিবলৈ আন্তৰিক আহ্বান জনাইছে।

RELATED ARTICLES
Lucknow
overcast clouds
34.4 ° C
34.4 °
34.4 °
50 %
5kmh
100 %
Wed
36 °
Thu
36 °
Fri
34 °
Sat
36 °
Sun
35 °

Most Popular