39.4 C
New Delhi
Monday, June 15, 2026
spot_img
Homeপৃথিৱীখনডাষ্টবিন সদৃশ ঠাইত মৰো জিও জীও কৈ এতিয়াও জীয়াই আছে এগৰাকী ব্যক্তি

ডাষ্টবিন সদৃশ ঠাইত মৰো জিও জীও কৈ এতিয়াও জীয়াই আছে এগৰাকী ব্যক্তি

ডাষ্টবিন সদৃশ ঠাইত মৰো জিও জীও কৈ এতিয়াও জীয়াই আছে এগৰাকী ব্যক্তি

ষ্টাফ ৰিপ’ৰ্টাৰ;দুৰ্নীতিৰ দৰ্পণ, ৬ মাৰ্চ- দৰং জিলাৰ দলগাঁও থানাৰ অন্তৰ্গত কৌপাটিৰ বল্লভ ভাই পেটেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত প্ৰত্যক্ষ হৈছে এগৰাকী ব্যক্তিৰ। বয়স আনুমানিক ষাঠিৰ উৰ্দ্ধত হ’ব। আজি পুৱাৰ এটি দৃশ্যই সেমেকি তুলিছে সচেতন ব্যক্তি সকলক। কাৰোবাৰ মতে দুমাহ আকৌ আন কাৰোবাৰ মতে পোন্ধৰ-ষোল্ল দিন ধৰি একেঠাইত শুই আছে বুলি জনায়। উঠি বহিব পৰা অৱস্থাত নাই যদিও কেতিয়াবা উঠি বহা প্ৰত্যক্ষ কৰিছে বুলিও প্ৰত্যক্ষ্দৰ্শীয়ে জানিবলৈ দিয়ে। আনকি ব্যক্তিগৰাকীক খোজকঢ়া বা কথা কোৱা দেখা নাই বুলিও জানিবলৈ দিয়ে।ব্যক্তি গৰাকীৰ কোনো পৰিচয় উদ্ধাৰ হোৱা নাই আৰু ঠিকনা বিহীন জাজাবৰ হয় নেকি সেয়াও স্পষ্ট হোৱা নাই। আপোনাৰ দৃষ্টিত কিজানি এনে দৃশ্য দুৰ্লভ দৃশ্যৰ ভিতৰত এটা দৃশ্য হ’ব। হৃদয় চুই যোৱা এটি কৰুণ দৃশ্য। আৱৰ্জনা থলিলৈ পৰিণত হৈছে ব্যক্তি গৰাকীৰ চৌপাশ। প্ৰকৃততে এয়া আৱৰ্জনা থলী বুলি ভাবি আগুৱাই গৈ প্ৰত্যক্ষ হৈছিল অৰ্ধনগ্ন অৱস্থাত পৰি থকা মানুহজনলৈ। ডাষ্টবিন সদৃশ ঠাইত মাজতে শুই আছে জীৱন্ত শৰীৰ সৈতে এটি প্ৰাণ। শৰীৰত মহ-মাখিয়ে উপদ্ৰৱ চলাই গৈছে। মাখিৰ উপদ্ৰৱ সহ্য কৰিব নোৱাৰা হলত কোনোমতে বাগৰ সলায় , মুখমণ্ডলত বহা মাখিবোৰ কেতিয়াবা হাতেৰে গুচাই দিয়ে। ৰাজপথেৰে মানুহ আহিছে গৈছে। কিন্তু কাৰোৰে ভ্ৰুক্ষেপ নাই ব্যক্তিগৰাকীলৈ। দিনে-নিশাই মানুহ পাৰ হৈ গৈছে কাষেদি। কোনোবাই ঘূৰি চোৱাৰ ইচ্ছাও প্ৰকাশ কৰা নাই। অৰ্ধনগ্ন শৰীৰত মাখি-মহে কামুৰিছে। মাখিয়ে মুখৰ ভিতৰত প্ৰৱেশ কৰাৰ সুযোগ লৈছে যদিও শৰীৰৰ ভাৰসাম্যৰ শেষ শক্তিকণ থকাৰ বাবে নিজেই উমান পাইছে আৰু মাখিবোৰক গুচাই দিয়াৰ যত্ন কৰিছে নিজেই। ৰ’দ- বতাহ, বৰষুণ ইত্যাদি শৰীৰৰ ওপৰেদিও পাৰ হৈ গৈছে। বাটৰুৱা, পথচাৰী কোনোবাই দি গৈছে পানীৰ বটল, কোনোবাই কিবা খাদ্যও দি যোৱাৰ কথাও প্ৰত্যক্ষদৰ্শীয়ে ব্যক্ত কৰে। প্ৰকৃততে ব্যক্তি গৰাকী আহিল ক’ৰ পৰা? কোনোবাই অইন স্থানৰ পৰা আনি এই ঠাইত এৰি থৈ গৈছে নেকি এই ব্যক্তি গৰাকীক? সম্প্ৰতি ব্যক্তিৰ জন দেখা গৈছে দলগাঁৱৰ পৰা শিলবৰী সংযোগী অসমমালা পথৰ নিলগত ও কৌপাটিস্থিত বল্লভ ভাই পেটেল উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত। আপোনাৰ আৰু আমাৰ দৃষ্টিত অচিনাকি যদিও মানৱতাৰ দৃষ্টিত অচিনাকী নহয় বুলি ক’ব লাগিব। এতিয়াও দেহত প্ৰাণ আছে, এতিয়াও লৰ-চৰ কৰি আছে।এগৰাকী জীৱিত ব্যক্তি, জীৱন্ত শৰীৰৰ যত্ন আৰু পৰিচৰ্যা কৰিবলৈ আছেনে কিবা চৰকাৰী ব্যৱস্থা! ব্যক্তি জনক বৰ্তমান প্ৰয়োজন চিকিৎসা সেৱা, বাসস্থান, আপোনজন আৰু উপযুক্ত খাদ্যৰ। কোনোবা সদাশয় ব্যক্তি, দল সংগঠন আগবাঢ়ি আহিব নে সহায় কৰিবলৈ এই নিৰীহ লোক জনক ! পৰিচয়বিহীন, নিৰাশ্ৰয়, অসহায় ব্যক্তি গৰাকীয়ে হেৰুৱাই পেলাইছে নিজৰ ভাৰসাম্য। গতিকে আপুনি যদি ব্যক্তি গৰাকীৰ পৰিচয় জানে তেন্তে আপোনজনক বিচাৰি পোৱাত সহায় কৰি দিয়ক। নতুবা চৰকাৰে নিৰাপদ হিচাপে এটা ঠাইত সুস্থিৰ ভাৱে মৃত্যুৰ আগমুহূৰ্তলৈকে এইজনৰ প্ৰতি চকু দিয়াৰ আহ্বান জনাইছে প্ৰত্যক্ষদৰ্শীৰ মাজৰ পৰা। পৃথিৱীত মানৱতাৰ উৰ্দ্ধত একোৱে নাই। এই কথাই যাতে ব্যক্তি গৰাকীৰ ক্ষেত্ৰত প্ৰতিস্ফুত হৈ উঠে আৰু এই ধাৰা অব্যাহত থাকে।

RELATED ARTICLES
Lucknow
clear sky
39.7 ° C
39.7 °
39.7 °
19 %
4.2kmh
0 %
Mon
41 °
Tue
42 °
Wed
43 °
Thu
45 °
Fri
45 °

Most Popular