39.1 C
New Delhi
Wednesday, June 3, 2026
spot_img
Homeআঞ্চলিকডিব্ৰুগড়ত আজিৰে পৰা কৃষক মেলা ।

ডিব্ৰুগড়ত আজিৰে পৰা কৃষক মেলা ।

ডিব্ৰুগড়ত আজিৰে পৰা কৃষক মেলা ।

ডিব্ৰুগড় : কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সন্থা (আটমা) ডিব্ৰুগড় জিলাৰ উদ্যোগত আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে “কৃষক মেলা” । জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ প্ৰাঙ্গণত অনুষ্ঠিত হোৱা এই কৃষক মেলাত পুৱাৰে পৰা জিলাখনৰ কৃষক সকলে ভিৰ কৰা পৰিলক্ষিত হৈছে । কাৰ্যক্ৰমণিকা অনুসৰি পুৱা কৃষক সকলৰ নাম পঞ্জীয়ন কৰাৰ পাছতে খোৱাং সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে কৃষক মেলাখনি উদ্ধোধনী কৰে । দিনৰ ভাগত অনুষ্ঠিত হোৱা মুকলি সভাত চৰকাৰে কৃষক ৰাইজৰ বাবে ৰূপায়ন কৰা অভিলাষী আঁচনি সমুহ কেনেদৰে আবেদন কৰি পাব পাৰি । কৃষকৰ আয় দুগুণ বৃদ্ধি কৰাৰ ক্ষেত্ৰত চৰকাৰে লোৱা প্ৰদক্ষেপ সমুহ কৃষক ৰাইজৰ আগত অৱগত কৰে কৃষি বিষয়া অনুপ কুমাৰ পেগু, জেষ্ঠ কৃষি উন্নয়ন বিষয়া ভাস্কৰ বৰাই । আনহাতে একেটা অনুষ্ঠানতে ৭ জনকৈ উদ্যমী কৃষক ক্ৰমে – – সুনিল সিং, অনিমা দত্ত, জিতু গগৈ, বাবুল গোহাঁই, দুলাল কোঁৱৰ, তিলক সোনোৱাল আৰু সঞ্জয় হাজৰিকাক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে । আবেলি ভাগত কৃষক সকলৰ মাজত অনুষ্ঠিত হোৱা “কেচুসাৰ আৰু ইয়াৰ উপকাৰীতা” সম্পৰ্কে হোৱা আলোচনা চক্ৰত কেইবাজনো বিশেষজ্ঞ কৃষি বিজ্ঞানী উপস্থিত হৈ কৃষক ৰাইজক কয় যে – – বৰ্তমান সময়ত ৰাসায়নিক সাৰ প্ৰয়োগ কৰাৰ ফলত মাতিৰ গুনাগুণ আৰু উবৰাৰ ক্ষেত্ৰত যথেষ্ট ভাবুকি সৃষ্টি কৰিছে । সেই বাবে মানুহৰ বেমাৰ আজাৰ সঘনাই বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে । আমি এই ক্ষেত্ৰত সকলোৱে সজাগ সচেতন হব লাগিব আৰু আমি যিমানেই পাৰো জৈৱিক পদ্ধতিৰে খেতি কৰিবলৈ আৰম্ভ কৰিব লাগিব আৰু নিজকে নিৰোগী হবলৈ জৈৱিক পদ্ধতিৰে কৰা খেতিৰ শাক – পাচলি খাব লাগিব বুলি কয় । অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে – – চাবুৱা – লাহোৱাল বিধানসভা সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱা, জেষ্ঠ বিজ্ঞানী তথা মুৰব্বী কৃষি বিজ্ঞান কেন্দ্ৰ ডিব্ৰুগড়ৰ ড০ দেৱজিৎ বৰঠাকুৰৰ লগতে বিভাগৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে ।

RELATED ARTICLES
Lucknow
scattered clouds
36.5 ° C
36.5 °
36.5 °
25 %
3.8kmh
49 %
Wed
36 °
Thu
42 °
Fri
43 °
Sat
42 °
Sun
44 °

Most Popular