31 C
New Delhi
Wednesday, July 29, 2026
spot_img
Homeআঞ্চলিকসামৰণি পৰিল অসম জনজাতি সাংস্কৃতিক সমাৰোহ-২০২৬

সামৰণি পৰিল অসম জনজাতি সাংস্কৃতিক সমাৰোহ-২০২৬

সামৰণি পৰিল অসম জনজাতি সাংস্কৃতিক সমাৰোহ-২০২৬

ট্ৰাইবেল নাথাকিলে দুনিয়াই নাথাকিব — বিশ্বজিৎ দৈমাৰী

দুৰ্নীতিৰ দৰ্পণ, জাগীৰোড, ২৩ ফেব্ৰুৱাৰী:- “জনজাতি সকলৰ বাদে আনৰ তাত আচল বস্তুটো নাপায়। জনজাতি মানেই পিছপৰা নহয়। সাজ পাৰ নিজৰ, ভাষা নিজৰ, সংস্কৃতি, কলা সকলো নিজৰ আনকি ঈশ্বৰো নিজৰ, উপাসনা পদ্ধতিও নিজৰ সেই সকল কেনেকৈ পিছপৰা হ’ব!আজিকালি জনজাতিসকলৰ খাদ্যাভাস, ৰহণ-ধৰণ আন আন লোকেও আকোঁৱালি লৈছে। ট্ৰাইবেল নাথাকিলে দুনিয়াই নাথাকিব। চব ধংচ হৈ যাব।” – অসম জনজাতি সাংস্কৃতিক মহাসভাৰ উদ্যোগত আয়োজিত দ্বিতীয় ৰাজ্যিক জনজাতি সাংস্কৃতিক সমাৰোহৰ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত হৈ এনেদৰেই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। ভাষণ প্ৰসংগত তেওঁ কয় যে লোক বিশ্বাস সমূহ পালন কৰাটো ট্ৰাইবেলৰ মুখ্য চৰিত্ৰ। ‘চৰ্ট কাট’ আমাৰ চৰিত্ৰ নহয়। যিমান ধনী হ’লেও জনজাতি লোক সকল পৰিবৰ্তনৰ ঢৌত উটি ভাঁহি নাযায়। দাম কম হ’লেও মহিলাসকলে মেক্সি পিন্ধাৰ বিপৰীতে নিজৰ সাজ পাৰ অতীজৰে পৰা পিন্ধি আহিছে বুলি কয়। সোণ যি স্থানতে নাৰাখক কেতিয়াও তাৰ অস্তিত্বৰ পৰিবৰ্তন নহয়, ঠিক তেনেকৈ তিৱা বা আন জনগোষ্ঠীৰ লোকসকলো সোণৰ দৰে একেই বুলি কৈ জনগোষ্ঠীয় লোকসকল Like a Gold- বুলি দোহাৰে। লগতে জনজাতি মহাসভাৰ কাম-কাজক প্ৰশংসা কৰি তেওঁ অৱসৰ লোৱাৰ পিছত অসম জনজাতি মহাসভাৰ হৈ ৰাইজৰ বাবে কাম কৰাৰ আগ্ৰহ প্ৰকাশ কৰে।

      আনহাতে ২০ ৰ পৰা ২২ ফেব্ৰুৱাৰীলৈ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূক্ৰমণিকাৰে আয়োজিত সমাৰোহ খনত মৰিগাঁও, নগাঁও, হোজাই, কামৰূপ, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং জিলাৰ শিল্পী সকলে অংশগ্ৰহণ কৰাৰ ওপৰিও গোৱালপাৰা, ধেমাজি, ডিব্ৰুগড় আদি জিলাৰ জনগোষ্ঠীয়‌ শিল্পী দল সমূহৰ অংশগ্ৰহণে সমাৰোহখন সৰ্বাঙ্গসুন্দৰ কৰি তোলে। উল্লেখ্য যে অসম ৰাজ্যিক সাংস্কৃতিক মহাসভাৰ অন্তৰ্গত সাংবিধানিক স্বীকৃতি প্ৰাপ্ত তিৱা, কাৰ্বি, বড়ো, ৰাভা, ৰেংমা, সোণোৱাল, সোণোৱাল কছাৰী, দেউৰী, ডিমাছা আদি কৰি চৈধ্যটা জনগোষ্ঠীৰ সাংস্কৃতিক দলসমূহে তিৱা, কাৰ্বি, মজাৰ, ৰুংটাংকাই, ছাথাৰ, হাজং, দেউৰী, ডিমাছা আদি কৃষি ভিত্তিক আৰু পূজা-পাৰ্বনত পৰিৱেশিত গীত-নৃত্যৰে মুখৰিত কৰি ৰাখে জাগীৰোড সোণাইকুছি পাহাৰৰ ছগ্ৰাচালৰ সমাৰোহ ক্ষেত্ৰ। দেওবাৰে পুৱা উলিওৱা বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাত অসমৰ প্ৰতিটো জনগোষ্ঠীৰ সাজপাৰ, লোকাচাৰ, লোকনৃত্যৰ এক দৃষ্টিনন্দন সমাহাৰ পৰিলক্ষিত হয়। অসম জনজাতি সাংস্কৃতিক মহাসভাৰ সভাপতি দেবেন্দ্ৰ নাথ বসুমতাৰীৰ সঞ্চালনাত অনুষ্ঠিত মুকলি সভাত সাংস্কৃতিক মহাসভাৰ শীৰ্ষ গীতটি পৰিৱেশন কৰে জিলাৰ শিল্পীসকলে। অভ্যৰ্থনা সমিতিৰ সম্পাদক জোৰচিং বৰদলৈয়ে আদৰণি ভাষণ আগবঢ়োৱা অনুষ্ঠানটোত কাৰ্বি আংলং জিলাৰ স্বায়ত্ব পৰিষদৰ কাৰ্যবাহী সদস্য ডমিনিক উফিং মাচলাই, তিৱা সাহিত্য সভাৰ সভাপতি হৰচিং খলা, দেউৰী সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ষড়ানন দেউৰী, মায়ং ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্ৰিয়ংকা গগৈ, সাংস্কৃতিক মহাসভাৰ মুখ্য উপদেষ্টা চন্দ্ৰ চিং ক্ৰ, কাৰ্যকৰী সভাপতি ড° পৱিত্ৰ কুমাৰ পেগু, মুখ্য সম্পাদক সূৰুয কুমাৰ পাতিৰি, অভ্যৰ্থনা সমিতিৰ উপ-সভাপতি নাৰায়ণ কুমাৰ ৰাডু কাকতি, তিৱা নৃত্য গুৰু নাদিৰাম দেউৰীসহ বিভিন্ন জিলাৰ বিষয়ববীয়া সকল উপস্থিত থাকে। মুকলি সভাত পদুম বৰাইলী আৰু ড° তুলসী সোণোৱালৰ যুটীয়া সম্পাদনাত ‘গোভা’ শীৰ্ষ এখন স্মৃতি গ্ৰন্থ উন্মোচন কৰা হয়। ইপিনে প্ৰতিটো নিশাৰ দৰেই অন্তিম দিনা অৰ্থাৎ কালি নিশাও মুল মঞ্চত অনুষ্ঠিত হয় বৰ্ণিল সাংস্কৃতিক সন্ধিয়া। অনুষ্ঠানৰ আঁতধৰে কণ্ঠ শিল্পী প্ৰহ্লাদ প্ৰতিম বৰদলৈয়ে।‌ শেষত অসম সংগীত পৰিৱেশনেৰে সমাৰোহৰ সামৰণি পৰে।

RELATED ARTICLES
Lucknow
overcast clouds
31.1 ° C
31.1 °
31.1 °
64 %
5.1kmh
100 %
Wed
36 °
Thu
36 °
Fri
35 °
Sat
36 °
Sun
36 °

Most Popular