39.1 C
New Delhi
Wednesday, June 3, 2026
spot_img
Homeআঞ্চলিকভেঁকুৰ খেতিৰ প্ৰসাৰৰ বাবে কাটানালাত অনুষ্ঠিত হৈছে আইচিআৰ কেভিকে ক্ষেত্ৰ দিৱস

ভেঁকুৰ খেতিৰ প্ৰসাৰৰ বাবে কাটানালাত অনুষ্ঠিত হৈছে আইচিআৰ কেভিকে ক্ষেত্ৰ দিৱস

ভেঁকুৰ খেতিৰ প্ৰসাৰৰ বাবে কাটানালাত অনুষ্ঠিত হৈছে আইচিআৰ কেভিকে ক্ষেত্ৰ দিৱস
প্ৰীতম দাস হাইলাকান্দি ২৪ ফেব্ৰুৱাৰীঃ
হাইলাকান্দি জিলাৰ কাটানালা গাঁৱত ভেঁকুৰ খেতিক জনপ্ৰিয় আৰু লাভজনক উদ্যোগ হিচাপে প্ৰচাৰৰ বাবে এক সফল ক্ষেত্ৰ দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত হয়। ২০২৫ চনৰ ২৩ ফেব্ৰুৱাৰীত আইচিআৰ-টিএছপি প্ৰকল্পৰ অধীনত আইচিএআৰ কেভিকে হাইলাকান্দিৰ দ্বাৰা আয়োজিত এই কাৰ্যসূচীত কৃষক আৰু স্থানীয় জনজাতীয় সম্প্ৰদায়ৰ উল্লেখযোগ্য অংশগ্ৰহণৰ সাক্ষী হৈছিল। কাৰ্যসূচীৰ সমন্বয়ক ড° সৌৰভ শৰ্মা, এছ এম এছ (প্লাণ্ট প্ৰটেকচন) আৰু ভাৰপ্ৰাপ্ত মুৰব্বী। ক্ষেত্ৰ দিৱস উপলক্ষে দুটা প্ৰদৰ্শনী স্থানত ভেঁকুৰ উৎপাদনৰ বাস্তৱসন্মত ছবি প্ৰদৰ্শন কৰা হয়। প্ৰদৰ্শনীত উৎপাদনৰ ফলাফল সন্তোষজনক আছিল, যাৰ বাবে উপস্থিত কৃষকসকলৰ মাজত যথেষ্ট উৎসাহৰ সৃষ্টি হৈছিল।আলোচনাত অংশগ্ৰহণ কৰা কৃষক আৰু জনজাতি সম্প্ৰদায়ৰ লোকসকলে আয় বৃদ্ধি আৰু স্বাৱলম্বীতা অৰ্জনৰ বাবে ভেঁকুৰৰ খেতিক উচ্চ মূল্যৰ বিকল্প কৃষি উদ্যোগ হিচাপে গ্ৰহণ কৰাৰ প্ৰতি গভীৰ আগ্ৰহ প্ৰকাশ কৰে। ভেঁকুৰৰ খেতিৰ আধুনিক পদ্ধতি, কম খৰচী উৎপাদন আৰু বজাৰৰ সম্ভাৱনা সম্পৰ্কেও বিশদ ধাৰণা আগবঢ়ায় বিশেষজ্ঞসকলে। মন কৰিবলগীয়া যে আইচিআৰ কেভিকে হাইলাকান্দীয়ে দীৰ্ঘদিন ধৰি জনজাতীয় কৃষকৰ উন্নয়নৰ বাবে বিভিন্ন প্ৰয়োজনভিত্তিক প্ৰশিক্ষণ আৰু প্ৰদৰ্শনী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। সংশ্লিষ্ট মহলে আশা কৰিছে যে এনেধৰণৰ পদক্ষেপে অঞ্চলটোত পুষ্টিৰ সুৰক্ষা শক্তিশালী কৰি তুলিব আৰু ক্ৰমান্বয়ে বহনক্ষম জীৱিকাৰ ক্ষেত্ৰত ইতিবাচক পৰিৱৰ্তন আনিব।

RELATED ARTICLES
Lucknow
scattered clouds
36.5 ° C
36.5 °
36.5 °
25 %
3.8kmh
49 %
Wed
36 °
Thu
42 °
Fri
43 °
Sat
42 °
Sun
44 °

Most Popular