41.5 C
New Delhi
Sunday, June 21, 2026
spot_img
Homeঅসমশিলচৰ ফাটক বজৰাত ৫০ লাখ টকাৰ বিদেশী সুৰা সহ গ্ৰেপ্তাৰ তিনি সৰবৰাকাৰী

শিলচৰ ফাটক বজৰাত ৫০ লাখ টকাৰ বিদেশী সুৰা সহ গ্ৰেপ্তাৰ তিনি সৰবৰাকাৰী

শিলচৰ ফাটক বজৰাত ৫০ লাখ টকাৰ বিদেশী সুৰা সহ গ্ৰেপ্তাৰ তিনি সৰবৰাকাৰী

গুলশন আহমেদ খান, শিলচৰ:- ২৪ ফেব্ৰুৱাৰী’- ‘নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ অভিযান অব্যাহত ৷ পুনৰ কাছাৰত বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী সহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তিনি সৰবৰাহকাৰীক । গোপন সূত্ৰৰ ভিত্তিত শিলচৰ ফাটক বজাৰত NL 01AB 5741 নম্বৰৰ এখন ট্ৰাকত তলাচি চলাই আৰক্ষীয়ে জব্দ কৰে ২২২ কাৰ্টুন বিদেশী সুৰা। লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চালমান আহমেদ, ইমৰান হুছেইন আৰু মুন্না লস্কৰ নামৰ তিনি সৰবৰাহকাৰীক । জানিব পৰা মতে, জব্দ হোৱা বুজন পৰিমাণৰ বিদেশী সুৰা খিনি চুবুৰীয়া মেঘালয়ৰ পৰা ট্ৰাকত বিভিন্ন সামগ্ৰীৰ ভিতৰত লুকুৱাই লৈ অনা হৈছিল আৰু কাছাৰৰ মাজেদি মিজোৰামত সৰবৰাহৰ পৰিকল্পনা আছিলে। আৰক্ষীয়ে এনে তথ্য লাভৰ পাছত শিলচৰ ফাটক বজাৰত অভিযান চলাই ট্ৰাক সহ সুৰা খিনি জব্দ কৰিবলৈ সক্ষম হয়। জব্দকৃত বিদেশী সুৰা খিনিৰ চোৰাং বজাৰ মূল্য ৫০ লাখ টকা হব বুলি আৰক্ষীৰ সূত্ৰত জানিব পৰা গৈছে । এই সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

RELATED ARTICLES
Lucknow
broken clouds
43.1 ° C
43.1 °
43.1 °
18 %
6.4kmh
84 %
Sun
40 °
Mon
45 °
Tue
45 °
Wed
46 °
Thu
47 °

Most Popular