32 C
New Delhi
Thursday, August 20, 2026
spot_img
Homeঅসমমৰিগাঁও জিলা সাহিত্য সভাৰ বিষ্ণু ৰাভা দিৱস উদ্ যাপন ,জাগীৰ ভাস্কৰ্য শিল্পী...

মৰিগাঁও জিলা সাহিত্য সভাৰ বিষ্ণু ৰাভা দিৱস উদ্ যাপন ,জাগীৰ ভাস্কৰ্য শিল্পী পদ্মেশ্বৰ মেধিক সম্বৰ্ধনা

মৰিগাঁও জিলা সাহিত্য সভাৰ বিষ্ণু ৰাভা দিৱস উদ্ যাপন ,জাগীৰ ভাস্কৰ্য শিল্পী পদ্মেশ্বৰ মেধিক সম্বৰ্ধনা

দুৰ্নীতিৰ দৰ্পণ, জাগীৰোড, ২১ জুন:
জাগী ভকতগাঁও শাখা সাহিত্য সভাৰ আতিথ্যত মৰিগাঁও জিলা সাহিত্য সভায়ো দিনজোৰা কাৰ্যসূচীৰে বিষ্ণু ৰাভা দিৱস উদ্ যাপন কৰে। ভকত গাঁৱৰ সমূহীয়া ভৱনত অনুষ্ঠিত অনুষ্ঠানৰ আৰম্ভণিতে জাগী ভকতগাঁও শাখা সাহিত্য সভাৰ সভানেত্ৰী মিনতি দেৱীয়ে পতাকা উত্তোলন কৰি দিনজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যৰ্পন কৰে জাগীভকতগাঁও শাখা সাহিত্য সভাৰ উপদেষ্টাত্ৰয় হিৰেন শৰ্মা, উমাকান্ত ডেকাৰজা, প্ৰশান্ত কুমাৰ খাউণ্ডে। মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক লক্ষেশ্বৰ ডেকাই চিত্ৰাংকন প্ৰতিযোগিতা উদ্বোধন কৰে। শাখাৰ প্ৰাক্তন সম্পাদকদ্বয় ৰণ্টুমণি শইকীয়া, ৰাজীৱ চহৰীয়া আৰু চিত্ৰ, ভাস্কৰ্যশিল্পী আনন্দেশ্বৰ বৰুৱাৰ পৰিচালনাত অনুষ্ঠিত চিত্ৰাংকন প্ৰতিযোগিতাত অঞ্চলৰ বিভিন্ন বিদ্যালয়ৰ অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাত স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰী সকলক বৃজেশ শৰ্মাৰ স্মৃতিত পুৰস্কাৰ প্ৰদান কৰে মাতৃ বৰষা গোস্বামী শৰ্মাই । আনহাতে তুমি সুবাস অসমীৰে, তুমি সুবাস সৃষ্টিৰে শীৰ্ষক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান উদ্বোধন কৰে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক পিনাকী ভূষণ মহন্তই। অনুষ্ঠানত ৰাতুল চৌধুৰী, লোহিত চন্দ্ৰ ডেকা, কনকেশ্বৰ ডেকা, ৰিজুমণি কলিতা, মমি ডেকা, ধৰিত্ৰী ডেকা, কাব্যনিল হাজৰিকাকে ধৰি বহুকেইগৰাকী নবীন প্ৰৱীণ শিল্পীয়ে গীত পৰিবেশন কৰাৰ লগতে জাগী উচ্চতৰ মাধ্যমিক বিদ্যালয়, আৰিয়া শঙ্কৰী সঙ্গীত কলাকেন্দ্ৰ, শংকৰদেৱ বিদ্যা নিকেতন, কুমৈকছাৰী গাঁও প্ৰাথমিক বিদ্যালয়ৰ শিল্পী সকলে অনুষ্ঠানত গীত, নৃত্য প্ৰদৰ্শনৰ লগতে অশ্লেষা বৰা, শিৱানী বৰ্মন, হীমাশ্ৰী শইকীয়া আদিয়ে নৃত্য প্ৰদৰ্শন কৰি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলে । মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি ড° হৰমোহন কলিতাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা উদ্বোধন কৰে মৰিগাঁও জিলা সাহিত্য সভাৰ সাংস্কৃতিক উপসমিতিৰ কাৰ্যকৰী সভাপতি ড° খগেন শৰ্মাই। সভাত বিষ্ণু ৰাভা দিৱস উদ্ যাপন সমিতিৰ সভাপতি নিকুঞ্জ মোহন শৰ্মাই আদৰণী ভাষণ প্ৰদান কৰে । সভাত নিৰ্দিষ্ট বক্তা ৰূপে অংশগ্ৰহণ কৰি মৰিগাঁও মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড° নীলমণি ফুকনে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱন- দৰ্শন সন্দৰ্ভত আলোকপাত কৰি কয় যে বিষ্ণুৰাভা মহাপুৰুষ শংকৰদেৱৰ যোগ্য উত্তৰসূৰী। অসমৰ নৱজাগৰণৰ সৃষ্টিকাৰী। সভাত নিৰ্দিষ্ট বক্তা ৰূপে অংশগ্ৰহণ কৰি অসম সাহিত্য সভাৰ অনুবাদ প্ৰকল্প উপসমিতিৰ কাৰ্যকৰী সভাপতি ড° দীপক জ্যোতি বৰুৱাই কয় বৰ্তমান সময়ত অসমীয়া মানুহে অসমীয়াৰ সংজ্ঞা বিচাৰি ফুৰাটো চিন্তনীয়। বিষ্ণুপ্ৰসাদ ৰাভাই নিজৰ জীৱন- দৰ্শন আৰু কৰ্মৰে প্ৰকৃত অসমীয়াৰ পৰিচয় দি থৈ গৈছে। সভাত জাগীৰোড সমজিলাৰ সহ আয়ুক্ত প্ৰীতম গগৈ, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মৰিগাঁও জিলা সমিতিৰ উপদেষ্টা জ্যোতিৰ্ময় গোস্বামী,সাধাৰণ সম্পাদক মাধুৰ্য ময়ূৰ বৰা,সাংস্কৃতিক সম্পাদক সংগ্ৰাম ডেকা,মৰিগাঁও জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক মুন ঠাকুৰীয়া, সাংগঠনিক সম্পাদক প্ৰাঞ্জল বৰা,সাংস্কৃতিক উপ-সমিতিৰ আহ্বায়ক তপন শৰাই, সাহিত্যসেৱী কৃষ্ণলাল শৰ্মা, সমাজকৰ্মী প্ৰাঞ্জুমিকা বৰা প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে সভাত জাগীৰ চিত্ৰ আৰু ভাস্কৰ্য শিল্পী পদ্মেশ্বৰ মেধিক গামোচা, চেলেং আৰু সম্বৰ্ধনা পত্ৰৰে মৰিগাঁও জিলা সাহিত্য সভাই বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। সভাত জাগী ভকতগাঁও শাখা সাহিত্য সভা আৰু উদ্ যাপন সমিতিৰ সম্পাদক হিমু বৰাই শলাগৰ শৰাই আগবঢ়ায়। মৰিগাঁও জিলা সাহিত্য সভাৰ সম্পাদক কুশল বৰা আৰু বিষ্ণুৰাভা দিৱস উদ্ যাপন সমিতিৰ কাৰ্যকৰী সভাপতি জয়ন্ত সাগৰ শইকীয়াই আঁত ধৰা সভাখনত মৰিগাঁও জিলা সাহিত্য সভাৰ বিভিন্ন শাখাৰ সভাপতি, সম্পাদকৰ লগতে বিনোদ চন্দ্ৰ শৰ্মা, কৃষ্ণকান্ত শইকীয়া, নিজৰা শইকীয়া, পিংকী শইকীয়া, পৰিণীতা হাজৰিকা,দিঠক কোঁৱৰ, হীৰকজ্যোতি নাথ, যতিন ডেকা, দুলু ডেকা, মধু ডেকা মধপ্ৰমুখ্যে বহু কেইগৰাকী সাহিত্যানুৰাগী ব্যক্তি উপস্থিত থাকে।

RELATED ARTICLES
Lucknow
broken clouds
29 ° C
29 °
29 °
94 %
1kmh
53 %
Thu
31 °
Fri
35 °
Sat
34 °
Sun
30 °
Mon
33 °

Most Popular