31 C
New Delhi
Wednesday, July 29, 2026
spot_img
Homeঅসমশিলচৰত জব্দ ২০২৫ লিটাৰ অবৈধ বিদেশী সুৰা: আটক ৩

শিলচৰত জব্দ ২০২৫ লিটাৰ অবৈধ বিদেশী সুৰা: আটক ৩

শিলচৰত জব্দ ২০২৫ লিটাৰ অবৈধ বিদেশী সুৰা: আটক ৩

শিলচৰ পিএনচি,২৭  ফেব্ৰুৱাৰী:নিৰ্ভৰযোগ্য চোৰাংচোৱাৰ ভিত্তিত অনুসন্ধান চলাই শিলচৰ আৰক্ষীয়ে এখন ট্ৰাকৰ পৰা ২০২৫ লিটাৰ  ভাৰতত নিৰ্মিত অবৈধ বিদেশী সুৰা ( আইএম এফ এল ) উদ্ধাৰ কৰিছে।এই সন্দৰ্ভত আৰক্ষীয়ে ২২২ কাৰ্টন সুৰা জব্দ কৰাৰ লগতে তিনিজন লোকক আটক কৰে। 

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ছ’চিয়েল মিডিয়াৰ জৰিয়তে এই কার্যক প্রশংসা কৰি কৈছে যে ৰাজ্যত অবৈধ সুৰা ব্যৱসায়ৰ বিৰুদ্ধে চৰকাৰৰ অভিযান অব্যাহত আছে৷ তেওঁ স্পষ্ট কৰি দিয়ে যে চোৰাং ব্যৱসায়ীসকল সক্ৰিয় হ’ব পাৰে, কিন্তু আইন অধিক কঠোৰ আৰু সজাগ হৈ আছে। 

এই ঘটনা সদৰী কৰি কাছাৰৰ জেষ্ঠ্য আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাসে যোৱা নিশা সাংবাদিকৰ আগত কয় যে আৰক্ষীয়ে শিলচৰৰ এটা কৌশলগত স্থানত ট্ৰাকখন ৰখাই তালাচী চলাই বিপুল পৰিমাণৰ এই অবৈধ সুৰা উদ্ধাৰ কৰে। আৰক্ষীয়ে এই সন্দৰ্ভত বিতং তদন্ত কৰি সুৰাৰ উৎপত্তি আৰু গন্তব্যস্থানৰ লগতে ৰেকেটৰ লগত জড়িত আন লোক সম্পৰ্কে জানিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে। 

RELATED ARTICLES
Lucknow
overcast clouds
34.4 ° C
34.4 °
34.4 °
50 %
5kmh
100 %
Wed
36 °
Thu
36 °
Fri
34 °
Sat
36 °
Sun
35 °

Most Popular