32.9 C
New Delhi
Friday, June 5, 2026
spot_img
Homeঅসমকমতাপুৰ সায়ত্ব শাসিত পৰিষদৰ অনুদানৰ ধনেৰে তামাৰহাট প্ৰেছ ক্লাবৰ মেৰামতি কাৰ্যৰ শুভাৰম্ভ

কমতাপুৰ সায়ত্ব শাসিত পৰিষদৰ অনুদানৰ ধনেৰে তামাৰহাট প্ৰেছ ক্লাবৰ মেৰামতি কাৰ্যৰ শুভাৰম্ভ

::::কমতাপুৰ সায়ত্ব শাসিত পৰিষদৰ অনুদানৰ ধনেৰে তামাৰহাট প্ৰেছ ক্লাবৰ মেৰামতি কাৰ্যৰ শুভাৰম্ভ::::

কমল ৰায়, তামাৰহাট ৫ মাৰ্চ:- কমতাপুৰ সায়ত্ব শাসিত পৰিষদৰ অনুদানৰ ধনেৰে তামাৰহাট প্ৰেছ ক্লাব গৃহৰ মেৰামতি কামৰ শুভাৰম্ভ কৰা হয় । কমতাপুৰ সায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী পাৰিষদ প্ৰদীপ কুমাৰ ৰায়ে যোৱা কালি (০৪/০৩/২৬) ৰঙা ফিতা কাটি প্ৰেছ ক্লাবৰ মেৰামতি কামৰ শুভাৰম্ভ কৰে । উল্লেখ্য যে তামাৰহাট প্ৰেছ ক্লাবৰ কাৰ্যকৰী কমিটিৰ আবেদন মৰ্মে কমতাপুৰ সায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী পাৰিষদ প্ৰদীপ কুমাৰ ৰায়ে কমতাপুৰ সায়ত্ব শাসিত পৰিষদৰ পূঁজিৰ পৰা তামাৰহাট প্ৰেছ ক্লাব গৃহৰ মেৰামতিৰ বাবে ২০২৪-২৫ বিত্তীয় বছৰত পাঁচ লাখ টকা মঞ্জুৰী দিয়ে । উক্ত মঞ্জুৰীকৃত ধনেৰে কমতাপুৰ সায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী পাৰিষদ প্ৰদীপ কুমাৰ ৰায়ে তামাৰহাট প্ৰেছ ক্লাবৰ গৃহৰ মেৰামতি কাৰ্যৰ শুভাৰম্ভ কৰি মঞ্জুৰীকৃত ধনেৰে প্ৰেছ ক্লাব গৃহৰ মেৰাতি ভালদৰে কৰিবলৈ নিৰ্মাণ সমিতিক নিৰ্দেশ দিয় । পৰবৰ্তী সময়ত প্ৰেছ ক্লাব গৃহটো বৰ্ধিতকৰণ কৰাৰ বাবে প্ৰয়োজনীয় ধন আবন্টন দিয়াৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে কাৰ্যবাহী পাৰিষদ গৰাকীয়ে । উক্ত অনুষ্ঠানত কমতাপুৰ সায়ত্ব শাসিত পৰিষদৰ পাৰিষদ মনোজ কুমাৰ ৰায়, অবিভক্ত গোৱালপাৰা জিলা আক্ৰাছুৰ সভাপতি প্ৰদীপ ৰায়, ধুবুৰী জিলা বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ সভাপতি বাবলু সৰকাৰ, তামাৰহাট প্ৰেছ ক্লাবৰ ভূমিদাতা মাংগীলাল মালু, তামাৰহাট গাঁও পঞ্চায়তৰ সভানেত্ৰী সোমা সূত্ৰধৰ, তামাৰহাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাতুল দাস, থানা এলেক নাগৰিক কমিটিৰ সভাপতি শ্ৰীবাস দাস, বিশিষ্ট সমাজ কৰ্মী উৎপল সাহা, তামাৰহাট প্ৰেছ ক্লাবৰ সমুহ বিষয়-ববীয়াৰ লগতে স্থানীয় বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে ।

RELATED ARTICLES
Lucknow
broken clouds
34.5 ° C
34.5 °
34.5 °
28 %
0.5kmh
76 %
Fri
42 °
Sat
41 °
Sun
44 °
Mon
45 °
Tue
45 °

Most Popular