41.1 C
New Delhi
Sunday, April 26, 2026
spot_img
Homeশেহতীয়া খবৰবাঘবৰৰ চোৰ কলগাছিয়াত আটক

বাঘবৰৰ চোৰ কলগাছিয়াত আটক

বাঘবৰৰ চোৰ কলগাছিয়াত আটক। মণ্ডল বীজ ভাণ্ডাৰত চুৰি কৰিবলৈ আহি ধৰা পৰিল বাঘবৰৰ ছাইদুল ইছলাম নামৰ চোৰজন, ৰাইজে লফা থপা দি গতাই দিয়ে আৰক্ষীক

দুৰ্নীতিৰ দৰ্পণ,মগৰব আলী ভূঞা, বৰপেটা , ৮ মাৰ্চ: বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত কলগাছিয়া বজাৰৰ মণ্ডল বীজভাণ্ডাৰত শনিবাৰে সন্ধিয়া সংঘটিত হয় চুৰিকণ্ড। ড্ৰয়াৰৰ তলা ভাঙি চোৰে লুটি নিয়ে টকা। টকা চুৰি কৰাৰ সময়ত দোকানৰ গৰাকীয়ে প্ৰত্যক্ষ কৰি হাতে লুটে আটক কৰে চোৰটোক। চোৰটো বাঘবৰৰ বাছেৰ উদ্দিনৰ ল’ৰা ছাইদুল ইছলাম বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে, দোকানীয়ে মাগৰিবৰ নামাজ পঢ়িবলৈ মছজিদত সোমায় যদিও সেই সুযোগতে চোৰে দোকানৰ ভিতৰত সোমাই ড্ৰয়াৰৰ তলা ভাঙে। কিন্তু ক্ষন্তেক পিছতেই দোকানীয়ে পুনৰ দোকানত আহি চুৰি কাণ্ড প্ৰত্যক্ষ কৰে। লগে লগেই চোৰটোক আটক কৰে। চোৰটোক আটক কৰি ৰাইজে উত্তম মাধ্যম সোধাই ৰছিৰে বান্ধি ৰাখে যদিও পিছত আৰক্ষীৰ হাতত গতাই দিয়ে। বাঘবৰৰ পৰা কলগাছিয়াত চুৰিকাণ্ড সংঘটিত কৰিবলৈ অহা উক্ত ঘটনাক কেন্দ্ৰ কৰি কলগাছিয়া বজাৰত এক চাঞ্চল্যৰ সৃষ্টি হয়। উল্লেখ্য যে বাঘবৰত দীৰ্ঘদিন ধৰি ড্ৰাগছ, জুৱা, তীৰ, চুৰি, ডকাইতিৰ ধৰে অসামাজিক কাৰ্যকলাপ বৃদ্ধি পোৱাৰ বাবেই এনে চোৰক উপদ্ৰপ বৃদ্ধি পাইছে বুলি ৰাইজে মন্তব্য কৰে। সেয়ে অতি শীঘ্ৰেই এনে চোৰক কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়াৰ দাবী জনায় ৰাইজে।

RELATED ARTICLES
Lucknow
haze
40 ° C
40 °
40 °
22 %
3.6kmh
0 %
Sun
45 °
Mon
46 °
Tue
44 °
Wed
41 °
Thu
36 °

Most Popular