প্ৰজ্ঞা’ৰ উদ্যোগত গুৱাহাটীৰ কলাক্ষেত্ৰত দেওবাৰে অনুষ্ঠিত হ’ল ‘বৌদ্ধিক নেতৃত্ব সন্মিলন’
পঙ্কজ নাথ, ষ্টাফ ৰিপৰ্টাৰ , ৮ মাৰ্চ: সমাগত বিধানসভা নিৰ্বাচনত কাক ভোট দিয়া হ’ব, কিয় ভোট দিয়া উচিত, কি কি কাৰকৰ ওপৰত ভিত্তি কৰি ভোটাধিকাৰ সাব্যস্ত কৰা উচিত, নিৰ্বাচনৰ পূৰ্বে মনৰ মাজত দোলা দিয়া এনেধৰণৰ প্ৰশ্নৰ সমাধানৰ দিক নিৰ্দেশনা পোৱা গ’ল দেওবাৰে ‘প্ৰজ্ঞা’ৰ উদ্যোগত আয়োজিত ‘বৌদ্ধিক নেতৃত্ব সন্মিলন’ত। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ড° বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত সমাজৰ ভিন্ন ক্ষেত্ৰৰ বিশিষ্ট তথা নেতৃস্থানীয় ব্যক্তিসকলে ভোটাধিকাৰ সাব্যস্ত কৰাৰ দিশত এক স্পষ্ট ধাৰণা দাঙি ধৰে। ড° অৰূপজ্যোতি চৌধুৰীৰ সঞ্চালনাৰ গাম্ভীৰ্যপূৰ্ণ সভাখনত অংশগ্ৰহণ কৰে ৰাজ্যৰ ধৰ্মীয়, আধ্যাত্মিক, সামাজিক, সাংস্কৃতিক, শৈক্ষিক, প্ৰশাসনিক আদি ভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলে। সাম্প্ৰতিক অসমৰ জন গাঁথনিৰ পৰিৱৰ্তনৰ উদ্বেগজনক পৰিস্থিতিৰ লগতে অসমৰ বৰ্তমানৰ সামগ্ৰিক পৰিস্থিতিত জনসাধাৰণে ল’বলগীয়া কেইটামান সিদ্ধান্ত আলোচনাৰ বাবে এই সভাত গ্ৰহণকৰা হয়। সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এই সিদ্ধান্ত সমূহ ফঁহিয়াই ‘কাক ভোট দিম’ সেই প্ৰশ্নৰ উত্তৰ বিচাৰি প্ৰজ্ঞাৰ তৰফৰ পৰা আগবঢ়োৱা বিন্দুসমূহ তথা বিষয়বোৰৰ ভিতৰত আছে বিভিন্ন বিষয় আৰু বিন্দু। সাধাৰণতে নিৰ্বাচনৰ সৈতে বিষেশ সম্পৰ্কিত যেন নলগা এটা গুৰুত্বপূৰ্ণ বিষয় হৈছে অসমৰ প্ৰকৃতি সুৰক্ষাৰ বিষয়টো । এনে ৰাজনৈতিক দলক ভোট দিব লাগে যিটো দলে অসমৰ প্ৰাকৃতিক সম্পদৰাজিৰ সুৰক্ষাক অগ্ৰাধিকাৰ দিয়ে। দ্বিতীয়তে, অসমৰ যুৱ শক্তিৰ বিকাশৰ বাবে মাদক দ্ৰব্য-ড্ৰাগছৰ বিৰুদ্ধে শক্তিশালী স্থিতি লোৱাৰ ক্ষেত্ৰত ৰাজনৈতিক দলৰ স্শষ্ট নীতি থাকিব লাগে। তৃতীয়তে, অসম বিৰোধী, খিলঞ্জীয়া বিৰোধী অপশক্তিৰ প্ৰচাৰৰ বিৰুদ্ধে সমাজ সচেতন হৈ থাকিব লাগে। চতুৰ্থতে, অসমৰ খিলঞ্জীয়াৰ ভূমি তথা চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ বিষয়টো অগ্ৰাধিকাৰ পোৱাৰ যুক্তিযুক্ত আলোচনা। আন এটা গুৰুত্বপূৰ্ণ দিশ হ’ল- অসম যাতে পুনৰ হত্যা-হিংসা-বন্ধৰ পৰিৱেশলৈ উভতি যাব নালাগে, সেই কথা মনত ৰাখি জনসাধাৰণে উপযুক্ত ৰাজনৈতিক দল বাচনি কৰা । ষষ্ঠতে, স্বাৱলম্বন, স্বদেশী সামগ্ৰীৰ ব্যৱহাৰ, জৈৱিক কৃষিৰ প্ৰসাৰৰ ক্ষেত্ৰত ৰাজনৈতিক নেতাৰ দৃষ্টিভংগী নিৰ্বাচনৰ সময়ত জনসাধাৰণে স্পষ্ট ৰূপত জানি লোৱাৰ প্ৰয়োজনীয়তা। সকলোৰে বাবে শিক্ষা উপলব্ধতাৰ বিষয়টো মাথোঁ এক শ্লোগানতে সীমাবদ্ধ নাৰাখি, শিক্ষা সকলো স্তৰৰ জনসাধাৰণৰ বাবে উপলব্ধ কৰাৰ বাবে বেচৰকাৰী শিক্ষাৰ ব্যাৱসায়ীক নিয়ন্ত্ৰনৰ প্ৰয়োজনীয়তাতো গুৰুত্ব আৰোপ কৰা হয়। ভোটদানৰ প্ৰতি অনীহা তথা ভোট নষ্ট কৰাৰ প্ৰৱণতাৰ বিৰুদ্ধে সজাগতাৰ সৃষ্টিত গুৰুত্ব দি NOTAত ভোট দান কৰি যাতে খিলঞ্জীয়াৰ ভোট নষ্ট কৰা নহয় তাৰ প্ৰতি সজাগ হোৱাত গুৰুত্ব আৰোপ কৰা হয়। আলোচনা আৰম্ভ কৰি নৃত্যাচাৰ্য, পদ্মভূষণ যতীন্দ্ৰনাথ গোস্বামীয়ে ‘প্ৰজ্ঞা’ই আগবঢ়োৱা প্ৰস্তাৱ তথা সিদ্ধান্ত সমূহৰ প্ৰতি সমৰ্থন আগবঢ়াই দুখ প্ৰকাশ কৰে,“ সত্ৰ নাথাকিলে সত্ৰীয়া সংস্কৃতি নাথাকে, সত্ৰীয়া সমাজ নাথাকে। জনগাঁথনিৰ পৰিৱৰ্তনে সত্ৰীয়া সমাজৰ বহু ক্ষতি কৰিলে।” নিৰ্বাচনৰ সময়ত এই স্পৰ্শকাতৰ বিষয়টোত গুৰুত্ব দিয়া উচিত বুলি মতপোষণ কৰে সত্ৰীয়া নৃত্যৰ পুৰোধা ব্যক্তিজনে। বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়েও জনগাঁঠনিৰ পৰিবৰ্তন আৰু জনসংখ্যাৰ নিয়ন্ত্ৰণ জৰুৰী হৈ পৰিছে বুলি মন্তব্য কৰে। জনগাঁথনিৰ পৰিৱৰ্তনে ভাষা-সাহিত্যত আঘাত হনা বুলি উদ্বেগ প্ৰকাশ কৰে বিশিষ্ট সাহিত্যিক গৰাকীয়ে। উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়েও খিলঞ্জীয়া, অসমীয়া সমাজত কৰ্ম প্ৰৱণতা হ্ৰাস পোৱাক লৈ উদ্বেগ প্ৰকাশ কৰি এইক্ষেত্ৰত সঠিক ব্যৱস্থা গ্ৰহণত গুৰুত্ব আৰোপ কৰে। ভাষণ প্ৰসঙ্গত সত্ৰাধিকাৰ গৰাকীয়ে স্পষ্টকৈ কয়- ৰজাঘৰ, প্ৰজাঘৰ আৰু গুৰুঘৰ একত্ৰিত নহ’লে সমাজ আগবাঢ়িব নোৱাৰে। অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহাইও ৰাজনীতিক অপাংক্তেয়, অস্পৃশ্য বুলি ভবাৰ মানসিকতা ত্যাগত গুৰুত্ব দিয়ে। ‘প্ৰজ্ঞা’ই আগবঢ়োৱা প্ৰস্তাৱ তথা সিদ্ধান্তৰ ভিত্তিত ২০১৬ চনৰ পূৰ্বৰ আৰু ২০১৬ চনৰ পিছৰ সময়ছোৱাৰ তুলনামুলক বিশ্লেষণৰ আহ্বান জনায়। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্ৰৰ প্ৰচাৰক বশিষ্ঠ বুজৰবৰুৱাই ‘প্ৰজ্ঞা’ৰ প্ৰচেষ্টাক শলাগি কয়- ৰাজনৈতিক ক্ষেত্ৰখনক সঠিক দিশত আগুৱাই নিয়াৰ দায়িত্ব ধৰ্মীয়, সাংস্কৃতিক, প্ৰশাসনিক, শৈক্ষিক আদি অৰাজনৈতিক ক্ষেত্ৰখনৰ। সন্মিলনত অংশগ্ৰহণ কৰি প্ৰাক্তন উপাচাৰ্য অমলেন্দু চক্ৰৱৰ্তীয়ে প্ৰাচীন ভাৰতীয় জ্ঞান পৰম্পৰাইহে বৰ্তমানৰ সমাজখনক সঠিক দিশত আগুৱাই নিব পাৰিব বুলি উল্লেখ কৰি এইক্ষেত্ৰত যিটো ৰাজনৈতিক দলে গুৰুত্ব দিছে তেনে ৰাজনৈতিক দলক অগ্ৰাধিকাৰ দিয়াত গুৰুত্ব আৰোপ কৰে। প্ৰাক্তন অধ্যাপিকা নীলিমা ভাগৱতীয়েও শিক্ষা আৰু স্বাস্থ্যক গুৰুত্ব দিয়াৰ লগতে নাৰী আৰু সমাজৰ সুৰক্ষাৰ বিষয়টো বিবেচনা কৰাৰ বাবে আহ্বান জনায়। বিশিষ্ট ভাস্কৰ্য শিল্পী বীৰেন সিংহই সমাজক কৰ্মমূখী কৰাৰ ক্ষেত্ৰত আগবাঢ়ি আহিবলৈ আহ্বান জনায়। সন্মিলনত অংশ গ্ৰহণ কৰি কেবাজনো বক্তাই ‘প্ৰজ্ঞা’ই আগবঢ়োৱা সিদ্ধান্ত তথা প্ৰস্তাৱৰ প্ৰতি সমৰ্থন জনাই সাৰমৰ্ম পৰামৰ্শ তথা বক্তব্য আগবঢ়ায়। নিৰ্বাচনত কাক ভোট দিব তাকে লৈ শ্ৰুতলিপি দিয়া বা নিৰ্দেশ দিয়াৰ অধিকাৰ কাৰো নাই যদিও কি বিষয়ক লৈ দল বা নেতা নিৰ্বাচন কৰিব সেই কথা চৰ্চা কৰাৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰি বিভিন্ন ক্ষেত্ৰৰ উল্লেখ্য ব্যক্তিসকলে এই সন্মিলনত বক্তব্য প্ৰদান কৰে। বিষয়সমূহ বিষদ আলোচনাৰ অন্তত অৰূপ বুজৰবৰুৱাই সভাত শঁলাগৰ শৰাই আগবঢ়াই আৰু বন্দে মাতৰম গীতেৰে সভাৰ সামৰণি পৰে৷

