35.1 C
New Delhi
Friday, July 31, 2026
spot_img
Homeঅসমৰৌতাত পুনৰ ২০০ কেজি গাঞ্জা জব্দ।

ৰৌতাত পুনৰ ২০০ কেজি গাঞ্জা জব্দ।

ৰৌতাত পুনৰ ২০০ কেজি গাঞ্জা জব্দ।

সংবাদ: ৰৌতা , ১১ মার্চ , অবৈধ গাঞ্জাৰ বিৰুদ্ধে এক্সন মুডত দেখিবলৈ পোৱা গৈছে ৰৌতা আৰক্ষীক।ৰৌতা আৰক্ষীৰ পুনৰ গাঞ্জা বিৰোধী অভিযান। অভিযানত বৃহৎ পৰিমাণৰ গাঞ্জাসহ গ্ৰেপ্তাৰ এটা সৰবৰাহকাৰীক।

ধৃত গাঞ্জা সৰবৰাহকাৰীটো ৰৌতাৰ বজ্ৰঝাৰৰ বিপুল বড়ো বুলি জানিব পৰা গৈছে। বিগত ১০ মাৰ্চৰ নিশা এক গোপন খবৰৰ ভিত্তিত ৰৌতাৰ ঝাৰগাঁৱত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰণৱ কুমাৰ ডেকাই অভিযান চলাইছিল। আৰক্ষীৰ অভিযানত দুখন বিলাসী বাহনসহ ২০৩ কিলোগ্ৰাম নিষিদ্ধ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়। ক্রমাৎ গাঞ্জাৰ হটস্পটলৈ ৰূপান্তৰিত হোৱা ৰৌতা অঞ্চলত আৰক্ষীৰ এনে গাঞ্জাবিৰোধী অভিযানক প্ৰসংশাৰে উপচাইছে অঞ্চলটোৰ বিদ্বৎ মহলে। উল্লেখ্য যে, ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্রণৱ কুমাৰ ডেকাই দায়িত্বভাৰ গ্ৰহণৰ পাছৰে পৰা অঞ্চলটোত পূর্বতকৈ হ্ৰাস পাইছে বহু অপৰাধজনিত ঘটনা। যাৰবাবে আৰক্ষী বিষয়াগৰাকীক ৰৌতা অঞ্চলত দীৰ্ঘসময়ৰ বাবে দায়িত্বভাৰ অৰ্পণৰ বাবে ওদালগুৰি জিলাৰ আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱাৰ অনুৰোধ জনাইছে সচেতন মহলে।

RELATED ARTICLES
Lucknow
overcast clouds
31.2 ° C
31.2 °
31.2 °
65 %
7.9kmh
96 %
Fri
34 °
Sat
36 °
Sun
35 °
Mon
31 °
Tue
29 °

Most Popular