35.5 C
New Delhi
Monday, June 15, 2026
spot_img
Homeঅসমনামৰূপত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন কৰিলে বিধায়ক...

নামৰূপত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন কৰিলে বিধায়ক তৰংগ গগৈয়ে।

নামৰূপত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন কৰিলে বিধায়ক তৰংগ গগৈয়ে।
দুৰ্নীতিৰ দৰ্পন —- নামৰূপ –১৩ মাৰ্চ..
আজি নামৰূপৰ সোণাৰি তিনিআলিত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন কৰিলে বিধায়ক তৰংগ গগৈয়ে। ২০২৩ -২৪ বৰ্ষৰ বিধায়ক পুঁজিৰ অন্তৰ্গত ৫০৬৫০০ টকা ব্যয় সাপেক্ষ নিৰ্মাণ কৰি উলিওৱা সুধা কণ্ঠ আৰু জুবিন গাৰ্গৰ প্ৰায় সাত ফুট উচ্চতাৰ প্ৰতিমূৰ্তি দুভাগ আজি বিয়লি আনুষ্ঠানিক ভাবে উন্মোচন কৰে বিধায়ক তৰংগ গগৈয়ে। বিধায়ক গৰাকীয়ে আৰম্ভনিতে বন্তি জ্বলাই দুয়োজন শিল্পীৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি প্ৰদান কৰি আৱেগিক হৈ পৰে। উৰুলি ধ্বনি আৰু দুয়ো গৰাকী শিল্পীৰ গীতেৰে মুখৰিত হৈ পৰা অনুষ্ঠানটোত তেওঁ কয় যে এইয়া বিধায়ক গৰাকীৰ সপোন আছিল আৰু তেওঁ কয় যে নিজৰ কাৰ্যকালত পৰিকল্পনা কৰা সকলো কাম সম্পন্ন কৰাৰ লগতে বৰেণ্য শিল্পী দুগৰাকীলৈ শ্ৰদ্ধাঞ্জলি স্বৰূপে নামৰূপ আৰু নাহৰকটীয়া দুয়ো স্থানতে প্ৰতি মূৰ্তি স্থাপন কৰিবলৈ সক্ষম হোৱাটো এক সৌভাগ্য বুলি মন্তব্য কৰি কয় সমগ্ৰ অসমৰ ভিতৰতে কেৱল নাহৰকটিয়া সমষ্টিতে দুয়োগৰাকী শিল্পীৰ প্ৰতিমূৰ্তি একে লগে পাব ৰাইজে । লগতে তেওঁ কয় যে অনাগত কালত নৱ প্ৰজন্মৰ শিল্পী দুগৰাকীৰ প্ৰতি জিজ্ঞাসা হ’ব তেতিয়া অধ্যয়ন কৰিব আৰু তেতিয়াহে চৰ্চা কৰিব । অতি কম সময়তে মূৰ্তি দুটা নিমাৰ্ণ কৰি উলিওৱা গহপুৰৰ অশোক বৰাকো ধন্যবাদ জনাই বিধায়ক গৰাকীয়ে। আজিৰ অনুষ্ঠানত নামৰূপ পৌৰসভাৰ বিষয়ববীয়া , নামৰূপৰ বিভিন্ন অনুষ্ঠানৰ সভাপতি সম্পাদক প্ৰমুখ্য নামৰূপৰ ৰাইজ উপস্থিত থাকে।

RELATED ARTICLES
Lucknow
clear sky
40.2 ° C
40.2 °
40.2 °
16 %
4.9kmh
5 %
Mon
40 °
Tue
43 °
Wed
45 °
Thu
45 °
Fri
46 °

Most Popular