জাগী ভকতগাঁৱত উত্তৰণ সন্মিলিত মহিলা গোষ্ঠীৰ বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা
দুৰ্নীতিৰ দৰ্পণ, জাগীৰোড, ১৮ মাৰ্চ: বৃহত্তৰ জাগী ভকগাঁও অঞ্চলৰ অগ্ৰণী বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থা উত্তৰণ সন্মিলিত মহিলা গোষ্ঠীৰ উদ্যোগত বিগত বৰ্ষসমূহৰ দৰেই এইবাৰো বিহু নাচ আৰু ঢোল বাদনৰ প্ৰশিক্ষণ আৰু প্রাইজমানি প্রতিযোগিতাৰ আয়োজন কৰা হৈছে৷ প্ৰখ্যাত লেখিকা সমাৰোহ সমিতি, বাঘজাপ শাখাৰ সহযোগত জাগী ভকতগাঁৱত অনুষ্ঠিত হ’বলগীয়া এই প্ৰশিক্ষণ কৰ্মশালাৰ লগতে মৌ বিহুৱতী, সৰু বিহুৱতী, বৰ বিহুৱতী, বোৱাৰী বিহুৱতী আদিৰ প্রতিযোগিতাও অনুষ্ঠিত হ’ব। য’ত প্ৰতিটো শাখাৰ প্ৰতিযোগিতাৰ বিজয়ীসকলৰ বাবে মানপত্ৰ, ট্ৰফীসহ সৰ্বমুঠ বিশ হাজাৰ টকাৰ আকৰ্ষণীয় পুৰস্কাৰ থাকিব। উল্লেখ্য যে ২৫ মাৰ্চৰ পৰা পাঁচদিনীয়াকৈ অনুষ্ঠিত হ’বলগা উক্ত প্ৰশিক্ষণ কৰ্মশালাত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বিহুৱা তথা কাঁহী নাচৰ বিচাৰক নুৰ আলি, লতাশীল বিহুমঞ্চৰ বিহু সম্ৰাজ্ঞী তথা অভিনেত্ৰী সীমা কাকতি, বিচাৰক তথা বিহুৱতী সবিতা বসুমতাৰী আৰু খ্যাতিসম্পন্ন বিহুৱা ক্ৰমে দীপমনি তালুকদাৰ আৰু সংগীত বৰদলৈ প্ৰশিক্ষক হিচাপে উপস্থিত থাকিব বুলি উদ্যোক্তাসকলে এক বিজ্ঞপ্তিৰ জৰিয়তে জানিবলৈ দিয়ে। লগতে সীমিত আসন থকা বুলি উল্লেখ কৰি ইচ্ছুক প্ৰশিক্ষাৰ্থীসকলক শীঘ্ৰেই ৮০১১৭৬৩৯১৪, ৭৮৯৬৫০২০২৭ অথবা ৭০০২১৯৮৫৭০ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাই উত্তৰণ সন্মিলিত মহিলা গোষ্ঠীৰ সভানেত্ৰী পৰিণীতা হাজৰিকাই।

