35.5 C
New Delhi
Monday, June 15, 2026
spot_img
Homeঅসমনাৰায়ণৰ শক্তি প্ৰদৰ্শন , দলীয় টিকট ঘোষণাৰ পাছতেই বিশাল সমদলৰে বৰক্ষেত্ৰীত এন্ট্ৰি...

নাৰায়ণৰ শক্তি প্ৰদৰ্শন , দলীয় টিকট ঘোষণাৰ পাছতেই বিশাল সমদলৰে বৰক্ষেত্ৰীত এন্ট্ৰি নাৰায়ণ ডেকাৰ

নাৰায়ণৰ শক্তি প্ৰদৰ্শন , দলীয় টিকট ঘোষণাৰ পাছতেই বিশাল সমদলৰে বৰক্ষেত্ৰীত এন্ট্ৰি নাৰায়ণ ডেকাৰ

মুকালমুৱাৰ পৰা সুৰজিত পাঠক ১৯ মাৰ্চ
ভাৰতীয় জনতা পাৰ্টীয়ে আজি দলীয় টিকট ঘোষণা কৰাৰ পাছতেই নলবাৰী জিলাৰ ৩৮নং বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ বিজেপি কৰ্মী আৰু সমৰ্থকসকলৰ হৰ্ষোল্লাস দেখিবলৈ পোৱা যায় ৷ বৰক্ষেত্ৰী বিধানসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীয়ে মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে বৰ্তমানৰ গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ নাৰায়ন ডেকাক প্ৰক্ষেপিত কৰাৰ পাছতেই মিত্ৰজোঁটৰ কৰ্মী-সমৰ্থকসকল ৰাজপথলৈ ওলাই আহে ৷ বিজেপিয়ে দলীয় টিকট ঘোষণা কৰাৰ পাছতেই নাৰায়ন ডেকাই গুৱাহাটীৰ পৰা নলবাৰীৰ ঘগ্ৰাপাৰৰে বৰক্ষেত্ৰীত পদাৰ্পণ কৰে ৷ ৩৮নং বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ বৰভাগৰ নাৰপাৰা দুৰ্গা মন্দিৰত নাৰায়ন ডেকাই সেৱা লৈ বিশাল সমদলৰে বৰক্ষেত্ৰী সমষ্টিটো ভ্ৰমণ কৰে ৷ প্ৰায় দহ সহস্ৰাধিক মিত্ৰজোঁটৰ সমৰ্থকক লগত লৈ প্ৰায় চল্লিছ কিলোমিটাৰ পথ ভ্ৰমণ কৰে নাৰায়ন ডেকাই ৷ ২০১৬ চনৰ বৰক্ষেত্ৰী সমষ্টিৰ বিজেপি বিধায়ক অধ্যক্ষ নাৰায়ন ডেকাই এখন পুষ্পসজ্জিত বাহনত উঠি বৰভাগ, উলাবড়ী, কমাৰকুছি, আৰিকুছি, লোহাৰকাঠা, আদাবাৰী, মুকালমুৱা, বৰতলা, ৰামপুৰ, মুগদি হৈ আমৃখোৱাত উপস্থিত হয় ৷ সমগ্ৰ পথচোৱাতে নাৰায়ন ডেকাক বিজেপি মিত্ৰজোঁটৰ কৰ্মী-সমৰ্থকসকলে গামোচা, ফুল আদিৰে সম্ভাষণেৰে উষ্ম আদৰণি জনায় ৷ আনকি একাংশ দলীয় কৰ্মীয়ে জেচিবি বাহনৰ পৰা নাৰয়ন ডেকালৈ পুস্প চটিয়াই আদৰণি জনায় ৷ বিজেপি মিত্ৰজোঁটৰ কৰ্মী-সমৰ্থকসকলে দলীয় পতাকা, বেনাৰ, পোষ্টাৰ আদি লৈ নাৰায়ন ডেকা জিন্দাবাদ, বিজেপি জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ আদি বিভিন্ন শ্লোগান প্ৰদান কৰে সমগ্ৰ পথচোৱাত ৷ নাৰায়ন ডেকাক সমগ্ৰ ভ্ৰমণচোৱাত সংগ দিয়ে ভাৰতীয় জনতা পাৰ্টীৰ বৰক্ষেত্ৰী সমষ্টিৰ প্ৰভাৰী দিলজিৎ বৰ্মনে ৷ দহ সহস্ৰাধিক বিজেপি মিত্ৰজোঁটৰ কৰ্মী-সমৰ্থকে দুচকীয়া, চাৰিচকীয়া বাহনৰে সমদল কৰি আজি একপ্ৰকাৰ বৰক্ষেত্ৰীৰ কংগ্ৰেছী বিধায়ক দিগন্ত বৰ্মনৰ ভেটিত কঁপনি তোলে ৷

RELATED ARTICLES
Lucknow
clear sky
40.2 ° C
40.2 °
40.2 °
16 %
4.9kmh
5 %
Mon
40 °
Tue
43 °
Wed
45 °
Thu
45 °
Fri
46 °

Most Popular