মৰিগাঁও নগৰৰ বিহুতলীৰ মতিৰাম বৰা উদ্যানত ভোটাৰসকলক আকৰ্ষিত কৰি ভোটদানৰ হাৰ বৃদ্ধি কৰিবলৈ এখন সজাগতা সভা
দুৰ্নীতিৰ দৰ্পন, মকিবুদ্দিন আহমেদ, মৰিগাঁও সদৰ, ১৯ মাৰ্চ: মৰিগাঁও জিলা নিৰ্বাচন শাখাৰ উদ্যোগত আৰু ভোটাৰৰ প্ৰণালীবদ্ধ শিক্ষা আৰু নিৰ্বাচনী অংশগ্ৰহণ চমুকৈ স্বীপ কোষৰ সহযোগত আজি মৰিগাঁও নগৰৰ বিহুতলীৰ মতিৰাম বৰা উদ্যানত ভোটাৰসকলক আকৰ্ষিত কৰি ভোটদানৰ হাৰ বৃদ্ধি কৰিবলৈ এখন সজাগতা সভাৰ আয়োজন কৰা হয়৷ সভাত ই ভি এমৰ প্ৰতীক ব্যৱহাৰ কৰি প্ৰস্তুত কৰা ’অমূল্য’ শীৰ্ষক এটি শুভংকৰ মুকলি কৰা হয়৷ তদুপৰি আজিৰ অনুষ্ঠানতে “আমাৰ ভোট অমূল্য ভোট“ শীৰ্ষক প্ৰচাৰবাক্য, প্ৰতীকচিহ্ন আৰু শীৰ্ষগীত উন্মোচন কৰা হয়৷ মায়ং ৰাজহ চক্ৰ বিষয়া প্ৰিয়ংকা গগৈয়ে আঁত ধৰা সভাখনত উপস্থিত থাকি মৰিগাঁৱৰ জিলা আয়ুক্ত অনামিকা তেৱাৰীয়ে প্ৰতিজন নাগৰিকক ভোট দিবলৈ আহ্বান জনায়৷ তেওঁ কয় যে নিৰ্বাচনত ভোটদান কৰাটো এক গণতান্ত্ৰিক দায়িত্ব আৰু কৰ্তব্য৷ তেওঁ বিশেষকৈ নতুন প্ৰজন্মৰ ভোটাৰসকলক ভোটদান কৰিবলৈ আহ্বান জনায়৷ তেওঁ কয় যে এইবাৰ নিৰ্বাচনত প্ৰথমবাৰৰ বাবে প্ৰতিদ্বন্দ্ব্বী প্ৰাৰ্থীসকলৰ ৰঙীন ফটো ই.ভি.এমত সন্নিৱিষ্ট কৰা থাকিব যাতে ভোটাৰসকলে প্ৰাৰ্থী চিনাক্তকৰণত অসুবিধা নাপায়৷ সভাত উপস্থিত থাকি জ্যেষ্ঠ সাংবাদিক প্ৰতাপ হাজৰিকাই কয় যে পাঁচ বছৰৰ মূৰে মূৰে গণতন্ত্ৰৰ এই উৎসৱ আহে৷ এই উৎসৱত স্বতঃস্ফুৰ্তভাৱে অংশ ল’বলৈ তেওঁ সকলোৰে প্ৰতি আহ্বান জনায়৷ তেওঁ বিশেষকৈ প্ৰথমবাৰৰ বাবে ভোটদানৰ অধিকাৰ লাভ কৰা যুৱক-যুৱতীসকলক অভিনন্দন জ্ঞাপন কৰে৷ সভাত জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অনন্ত কুমাৰ গগৈ, অতিৰিক্ত জিলা আয়ুক্ত (নিৰ্বাচন) অনসুয়া শৰ্মা, অতিৰিক্ত জিলা আয়ুক্ত ৰাকেশ ডেকা, সমাজকৰ্মী অতনু শৰ্মাকে প্ৰমুখ্য কৰি জিলা প্ৰশাসনৰ বিষয়াসকল আৰু ভালেসংখ্যক ৰাইজ উপস্থিত আছিল৷
মৰিগাঁও নগৰৰ বিহুতলীৰ মতিৰাম বৰা উদ্যানত ভোটাৰসকলক আকৰ্ষিত কৰি ভোটদানৰ হাৰ বৃদ্ধি কৰিবলৈ এখন সজাগতা সভা
Lucknow
broken clouds
43.1
°
C
43.1
°
43.1
°
18 %
6.4kmh
84 %
Sun
40
°
Mon
45
°
Tue
45
°
Wed
46
°
Thu
47
°

