সহস্ৰাধিক সমৰ্থক আৰু অনুৰাগীৰ সৈতে ছাগলীয়াৰ পৰা ধুবুৰী লৈ মনোনয়ন দাখিলৰ যাত্ৰা অশ্বিনী ৰায় সৰকাৰৰ
দুৰ্নীতিৰ দৰ্পণ, ধুবুৰী, ২৩ মাৰ্চ – ধুবুৰী জিলাৰ গোলকগঞ্জ বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ পৰা দলীয় টিকট তৃতীয়বাৰৰ বাবে লাভ কৰি আজি অশ্বিনী ৰায় সৰকাৰে ধুবুৰী আয়ুক্ত কাৰ্য্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে৷ মনোনয়ন পত্ৰ দাখিল কৰাৰ পূৰ্বে ছাগলীয়াৰ পৰা ধুবুৰী লৈকে যাত্ৰা পথত সৰকাৰে বিভিন্ন মঠ- মন্দিৰত সেৱা জনায়৷ আৰু উক্ত যাত্ৰ পথত মুখামুখি হোৱা জেষ্ঠ জনৰ আৰ্শীবাদ গ্ৰহণ কৰে ৰায় সৰকাৰে৷ লগতে মনোনয়ন পত্ৰ দাখিলৰ সময়ত গোলকগঞ্জ মণ্ডল, গৌৰীপুৰ মণ্ডল, আৰু ধুবুৰী মণ্ডলৰ লগতে জিলা কমিটিক লগত লৈ মনোনয়ন দাখিলৰ বাবে ধুবুৰী জিলাৰ আয়ুক্ত কাৰ্যালয়লৈ ৰাওনা হয়৷ তাৰ উপৰিও বিহু, গোৱালনী, আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক নৃত্যৰে ধুবুৰী চহৰত এক উৎসৱ মুখৰ পৰিবেশৰ মাজত বিশাল ৰেলীৰে যাত্ৰা আৰম্ভ কৰে বুলি দেখিবলৈ পোৱা গৈছে৷

