সহস্ৰাধিক সমৰ্থক আৰু যুৱ অনুৰাগীৰ সৈতে ১০ নং বিলাসীপাৰা বিধানসভা সমষ্টিৰ অগপ দলৰ পৰা মনোনয়ন দাখিল জীৱেশ ৰায়ৰ
দুৰ্নীতিৰ দৰ্পণ, ধুবুৰী, ২৩ মাৰ্চ ২৬ঃ ধুবুৰী জিলাৰ ১০ নং বিলাসীপাৰা বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁট প্ৰাৰ্থী জীৱেশ ৰায়ে বিলাসীপাৰাৰ পৰা যুৱ নেতা হিচাপে পোনপ্ৰথম বাবে অগপ দল তথা ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁট প্ৰাৰ্থী হিচাপে টিকট লাভ কৰাৰ পিছত আজি আনুষ্ঠানিকভাবে জীৱেশ ৰায়ে মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন পত্ৰ দাখিল কৰাৰ আগতে বিলাসীপাৰাৰ পৰা ধুবুৰী লৈকে এক বিশাল ৰেলীৰে ধুবুৰী চহৰত আহি উপস্থিত হয়। আৰু যাত্ৰা পথত ৰায়ে বিভিন্ন মঠ- মন্দিৰত সেৱা জনাই ভগবানৰ আৰ্শীবাদ লোৱা দেখা যায়। তাৰ ওপৰিও যাত্ৰ পথত মুখামুখি হোৱা জেষ্ঠ জনৰ আৰ্শীবাদ গ্ৰহণ কৰে যুৱ নেতা জীৱেশ ৰায়ে। লগতে মনোনয়ন পত্ৰ দাখিলৰ সময়ত বিলাসীপাৰাৰ পৰা সহস্ৰাধিক সমৰ্থক আৰু যুৱ অনুৰাগী লগতে অগপ আৰু বিজেপি কৰ্মীক লগত লৈ মনোনয়ন দাখিলৰ বাবে ধুবুৰী জিলাৰ আয়ুক্ত কাৰ্য্যালয়ৰ দিশে ৰাওনা হয়। বিহু, গোৱালনী, আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ নৃত্যৰে জীৱেশ ৰায়ক আদৰণি জনোৱাৰ লগতে ধুবুৰী চহৰ খনত এক উৎসৱ মুখৰ পৰিবেশৰ মাজত বিশাল ৰেলীৰে জিলা আয়ুক্ত কাৰ্য্যালয়ৰ দিশে যাত্ৰা আৰম্ভ কৰে বুলি দেখিবলৈ পোৱা গৈছে।

