40.3 C
New Delhi
Sunday, June 21, 2026
spot_img
Homeঅসমসহস্ৰাধিক সমৰ্থক আৰু দলীয় কৰ্মীক লগত লৈ মনোনয়ন দাখিল কৰে ধুবুৰীৰ জনপ্ৰিয়...

সহস্ৰাধিক সমৰ্থক আৰু দলীয় কৰ্মীক লগত লৈ মনোনয়ন দাখিল কৰে ধুবুৰীৰ জনপ্ৰিয় নেতা উত্তম প্ৰসাদ

সহস্ৰাধিক সমৰ্থক আৰু দলীয় কৰ্মীক লগত লৈ মনোনয়ন দাখিল কৰে ধুবুৰীৰ জনপ্ৰিয় নেতা উত্তম প্ৰসাদ

দুৰ্নীতিৰ দৰ্পণ, ধুবুৰী, ২৩ মাৰ্চ ২৬ঃ ঐতিহাসিক ধুবুৰী জিলাৰ ৮ নং ধুবুৰী বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ দলীয় টিকট পোমপ্ৰথম বাৰৰ বাবে লাভ কৰি, আজি উত্তম প্ৰসাদে ধুবুৰী জিলা আয়ুক্ত কাৰ্য্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে৷ মনোনয়ন পত্ৰ দাখিল কৰাৰ আগতে ধুবুৰীৰ চহৰস্থিত সেনপাৰৰ পৰা জিলা আয়ুক্ত কাৰ্য্যালয় লৈকে সহস্ৰাধিক পুৰুষ আৰু মহিলাই ৰেলী বাহিৰ কৰি ধুবুৰীৰ জনপ্ৰিয় নেতা উত্তম প্ৰসাদক আৰ্শীবাদ আৰু মৰম প্ৰদান কৰি জিলা আয়ুক্ত কাৰ্য্যালয়লৈ আগবাঢ়ি দিয়ে৷ এই মনোনয়ন পত্ৰ দাখিলৰ যাত্ৰা পথত উত্তম প্ৰসাদে বিভিন্ন মঠ- মন্দিৰত সেৱা জনায়৷ আৰু যাত্ৰ পথত মুখামুখি হোৱা জেষ্ঠ জনৰ আৰ্শীবাদ গ্ৰহণ কৰে৷ লগতে মনোনয়ন পত্ৰ দাখিলৰ সময়ত ধুবুৰী মণ্ডলৰ লগতে জিলা কমিটিক লগত লৈ মনোনয়ন দাখিলৰ বাবে ধুবুৰী জিলাৰ আয়ুক্ত কাৰ্যালয়লৈ ৰাওনা হয়৷ তাৰ লগতে এই বিশাল ৰেলীত বিভিন্ন জাতি জনগোষ্ঠীৰ নৃত্যৰে ধুবুৰী চহৰখনত এক উৎসৱ মুখৰ পৰিবেশৰ মাজত বিশাল পদ যাত্ৰা আৰম্ভ কৰে বুলি দেখিবলৈ পোৱা যায়৷

RELATED ARTICLES
Lucknow
broken clouds
40 ° C
40 °
40 °
22 %
4.7kmh
74 %
Sun
40 °
Mon
44 °
Tue
44 °
Wed
45 °
Thu
45 °

Most Popular