39.1 C
New Delhi
Wednesday, April 22, 2026
spot_img
Homeঅসমশিৱসাগৰত বিশেষ পৰ্যবেক্ষক মনজীৎ সিঙৰ আগমনঃ* জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত নিৰ্বাচনী পৰ্যালোচনা...

শিৱসাগৰত বিশেষ পৰ্যবেক্ষক মনজীৎ সিঙৰ আগমনঃ* জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত নিৰ্বাচনী পৰ্যালোচনা সভাত অংশগ্ৰহণ

শিৱসাগৰত বিশেষ পৰ্যবেক্ষক মনজীৎ সিঙৰ আগমনঃ* জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত নিৰ্বাচনী পৰ্যালোচনা সভাত অংশগ্ৰহণ

দুৰ্নীতিৰ দৰ্পণ, ষ্টাফ ৰিপৰ্টাৰ, শিৱসাগৰ, ২৬ মাৰ্চঃ ভাৰতীয় নিৰ্বাচন আয়োগৰ দ্বাৰা অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচন ২০২৬-ৰ বাবে নিয়োজিত বিশেষ পৰ্যবেক্ষক ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া (অৱসৰপ্ৰাপ্ত) মনজীৎ সিঙে আজি শিৱসাগৰ জিলাত উপস্থিত হৈ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন নিৰ্বাচন সংক্ৰান্তিয় পৰ্যালোচনা বৈঠকত মিলিত হয়৷ বৈঠকত বিশেষ পৰ্যবেক্ষক গৰাকীয়ে শিৱসাগৰ আৰু চৰাইদেউ জিলাত বিধানসভা নিৰ্বাচন সন্দৰ্ভত গ্ৰহণ কৰা সামগ্ৰিক প্ৰস্তুতিমূলক ব্যৱস্থাপনাৰ বিষয়ে বিস্তৃতভাবে বুজ লয়৷ আজিৰ বৈঠকত ভাৰতীয় নিৰ্বাচন আয়োগৰ দ্বাৰা শিৱসাগৰ জিলাৰ বাবে নিয়োজিত সাধাৰণ পৰ্যবেক্ষক নৰসিম্হুগাৰী টি. এল. ৰেড্ডী (ভাৰতীয় প্ৰশাসনিক সেৱা), ব্যয় পৰ্যবেক্ষক বি. ব্ৰহ্ম বিদ্যা (ভাৰতীয় ৰাজহ সেৱা), আৰক্ষী পৰ্যবেক্ষক প্ৰশান্ত বৰ্মা (ভাৰতীয় আৰক্ষী সেৱা), শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ জিলা আয়ুক্তদ্বয় মৃদুল য়াদৱ আৰু নেহা য়াদৱ, শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষকদ্বয় পাপৰি চেতিয়া আৰু সুৰজীৎ সিং পানেছৰ, নাজিৰাৰ সম-জিলা আয়ুক্ত প্ৰতিভা মেশ্ৰাম, সহকাৰী আয়ুক্ত চন্দনা জাহ্নবী আৰু নিৰ্বাচনী বিষয়া অদিতি নেওঁগ উপস্থিত থাকে৷

RELATED ARTICLES
Lucknow
dust
41 ° C
41 °
41 °
11 %
7.7kmh
2 %
Wed
43 °
Thu
44 °
Fri
45 °
Sat
45 °
Sun
45 °

Most Popular