30.7 C
New Delhi
Tuesday, July 28, 2026
spot_img
Homeখেলগড়গাঁও মহাবিদ্যালয়ত আন্তঃবিভাগ মহিলা ক্ৰিকেট প্ৰতিযোগিতা সম্পন্ন*

গড়গাঁও মহাবিদ্যালয়ত আন্তঃবিভাগ মহিলা ক্ৰিকেট প্ৰতিযোগিতা সম্পন্ন*

গড়গাঁও মহাবিদ্যালয়ত আন্তঃবিভাগ মহিলা ক্ৰিকেট প্ৰতিযোগিতা সম্পন্ন*

দুৰ্নীতিৰ দৰ্পণ, ষ্টাফ ৰিপৰ্টাৰ, শিৱসাগৰ, ২৬ মাৰ্চঃ ঐতিহ্যমণ্ডিত গড়গাঁও মহাবিদ্যালয়ৰ ক্ৰীড়া একাডেমীৰ উদ্যোগত, মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষ আৰু শিক্ষক গোটৰ মহিলা কোষৰ সহযোগত ছাত্ৰীসকলৰ ক্ৰীড়া প্ৰতিভা বিকাশৰ উদ্দেশ্যে অনুষ্ঠিত আন্তঃবিভাগ ক্ৰিকেট খেল প্ৰতিযোগিতাৰ আজি অন্ত পৰে৷ যোৱা ৯ মাৰ্চৰ পৰা অনুষ্ঠিত হৈ থকা এই প্ৰতিযোগিতাখনত মহাবিদ্যালয়খনৰ বিভিন্ন বিভাগৰ মুঠ ১২টা ছাত্ৰীদলে উৎসাহেৰে অংশগ্ৰহণ কৰে৷ চূড়ান্ত খেলখন উদ্বোধন কৰি মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° সব্যসাচী মহন্তই কয় যে শিক্ষাৰ্থীৰ ক্ৰীড়া মানসিকতা গঠনৰ বাবে গড়গাঁও মহাবিদ্যালয়ে অহৰহ প্ৰয়াস কৰি আহিছে আৰু মহিলা ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিতকৰণেৰে এই প্ৰয়াস অব্যাহত ৰখাৰ বাবে তেখেতে উদ্যোক্তাসকলৰ শলাগ লয়৷ প্ৰতিযোগিতাখনৰ অন্যতম উদ্যোক্তা, মহাবিদ্যালয়ৰ শিক্ষক গোটৰ মহিলা কোষৰ সমন্বয়ক ড০ দেৱযানী বকলীয়ালে আঁত ধৰা উদ্বোধনী অনুষ্ঠানটিত উপাধ্যক্ষ দিগন্ত কোঁৱৰ, আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সমন্বয়ক ড° সুৰজিত শইকীয়া, শিক্ষক গোটৰ সভাপতি প্ৰণৱ দুৱৰাৰ লগতে বিভিন্ন বিভাগৰ শিক্ষক-শিক্ষাৰ্থীসকল উপস্থিত থাকে৷ তীব্ৰ প্ৰতিযোগিতামূলক চূড়ান্ত খেলখনত অসমীয়া বিভাগৰ দলটোৱে ভূতত্ত্ব বিভাগক ৬ ৰানেৰে পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ দখল কৰে৷ বিজয়ী অসমীয়া বিভাগে ‘শিল্পী পেঞ্চনাৰ বীৰেণ দাস সোঁৱৰণী বঁটা’ লাভ কৰে আৰু দ্বিতীয় স্থান অধিকাৰ কৰা ভূতত্ত্ব বিভাগে ‘দ্ৰোণকান্ত দাস সোঁৱৰণী বঁটা’ লাভ কৰে৷ এই দুয়োটা ট্ৰফীৰ দাতা বুৰঞ্জী বিভাগৰ মুৰব্বী ড° বলোৰাম দাসলৈ উদযাপন সমিতিয়ে বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে অসমীয়া বিভাগৰ পৰিণীতা বৰুৱাক প্ৰদান কৰা ’প্ৰতিযোগিতাৰ সৰ্বশ্ৰেষ্ঠ খেলুৱৈ বঁটা’ৰ দাতা ৰসায়ন বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড° ছাহিন শেহনাজ বেগম আৰু দুয়োটা চূড়ান্ত দলক প্ৰদান কৰা পদকসমূহৰ দাতা ৰসায়ন বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড° আৰাণ্ডাও নাৰ্জাৰীলৈও বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰে৷ উল্লেখযোগ্য যে, এই প্ৰতিযোগিতাখন গড়গাঁও মহাবিদ্যালয় ক্ৰীড়া একাডেমীৰ তত্ত্বাৱধানত সহকাৰী অধ্যাপক গৌতম হাজৰিকা, ড° শোমকাই মানহাম আৰু ড° অৰাণ্ডাও নাৰ্জাৰীৰ নেতৃত্বত সফলভাৱে সম্পন্ন হয়৷ চূড়ান্ত খেলখনৰ আম্পায়াৰ হিচাপে সহকাৰী অধ্যাপক সংগীতা চেতিয়া আৰু গৌতম হাজৰিকাই নিয়াৰিকৈ দায়িত্ব পালন কৰে৷

RELATED ARTICLES
Lucknow
overcast clouds
28.2 ° C
28.2 °
28.2 °
76 %
2.1kmh
97 %
Tue
36 °
Wed
36 °
Thu
35 °
Fri
34 °
Sat
34 °

Most Popular