চিএলপি এবাকাচ আৰু বৈদিক গণিত, জাগীৰোড কেন্দ্ৰৰ চেম্পিয়ন দলৰ খিতাপ অৰ্জন
দুৰ্নীতিৰ দৰ্পণ, জাগীৰোড, ১২ মে’: যোৱা দেওবাৰে গুৱাহাটীৰ ৰূপনগৰস্থিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত কীৰ্থি ফাউণ্ডেশ্যনে আয়োজন কৰা সপ্তম আন্তঃজিলা চিএলপি এবাকাচ চেম্পিয়নশ্বিপ আৰু জোনাকী পখিলাৰ সন্ধানত শীৰ্ষক প্ৰতিযোগিতামূলক সাংস্কৃতিক অনুষ্ঠানত অসমৰ বিভিন্ন জিলাৰ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলে অংশগ্ৰহণ কৰে। উল্লেখ্য যে উক্ত এবাকাচৰ চেম্পিয়নশ্বিপখনিৰ ফাউণ্ডেশ্যন লেভেল, লেভেল – ৪ আৰু লেভেল – ৬ পৰ্যায়ত জাগীৰোড কেন্দ্ৰই খিতাপ দখল কৰিবলৈ সক্ষম হয় । ফাউণ্ডেশ্যন লেভেলৰ পৰা জেচা ৰয় আৰু নয়নিকা দাসে ক্ৰমে প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰে । আনহাতে লেভেল – ৪ লেভেল – ৬ ৰ পৰা মেচা মান্তা আৰু ত্ৰিৰ্যনয়ন কোঁৱৰে প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হয় । ইয়াৰ উপৰিও পিতৃ-মাতৃ আৰু সন্তানৰ চুপাৰহিট ডুৱ’ প্ৰতিযোগিতাত বিবেক ডেকা আৰু পবিত্ৰ ডেকাই প্ৰথম স্থান আৰু জিউচ মুণি আৰু সীমা ডেকাই দ্বিতীয় স্থান লাভ কৰি জাগীৰোডলৈ গৌৰৱ কঢ়িয়াই আনে। ৰেম্প ওৱাক প্ৰতিযোগিতাত শিশুসকলৰ মাজৰ পৰা ক্লিৰজিৰ টিমুংপিয়ে প্ৰথম স্থান আৰু অভিভাৱকৰ পৰা ৰুমা বড়োৱে দ্বিতীয় স্থান লাভ কৰে । ৰেম্প ওৱাকৰ শিশু আৰু অভিভাৱকৰ দ্বৈত ৰেম্প ওৱাক প্ৰতিযোগিতাত নিৰ্মাণ শৰ্মা আৰু পিতৃ মানৱ জ্যোতি শৰ্মাই বিজয়ী হ’বলৈ সক্ষম হয় । ৰাজ্যিক পৰ্যায়ৰ চিত্ৰাংকন প্ৰতিযোগিতাত ক- শাখা আৰু খ- শাখাৰ পৰা ক্ৰমে তনিচ পাটৰ আৰু জিজ্ঞাসু ঠাকুৰীয়াই স্থান লাভ কৰে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ হাতৰ আখৰ প্ৰতিযোগিতাত ৰিচিকা দেউৰীয়ে প্ৰথম স্থান আৰু চয়ন বৰাই দ্বিতীয় স্থান অধিকাৰ কৰে। অসমৰ বিভিন্ন জিলাৰ পৰা অহা এবাকাচৰ প্ৰতিযোগিতাত চিএলপি এবাকাচ জাগীৰোড কেন্দ্ৰই চেম্পিয়ন দলৰ খিতাপ লাভ কৰে।ছাত্ৰ-ছাত্ৰীসকলৰ শ্ৰেষ্ঠ কেন্দ্ৰ পৰিৱেশন দল আৰু অভিভাৱক সকলৰো শ্ৰেষ্ঠ কেন্দ্ৰ পৰিৱেশন দল হিচাপে জাগীৰোড কেন্দ্ৰই নিজৰ চিনাকি গঢ়িবলৈ সক্ষম হয়। জাগীৰোড কেন্দ্ৰৰ পৰিচালক মানৱ জ্যোতি শৰ্মাক শ্ৰেষ্ঠ কেন্দ্ৰ পৰিচালক আৰু জ্যোতি শৰ্মাক শ্ৰেষ্ঠ কেন্দ্ৰ প্ৰশিক্ষক হিচাপে বিবেচিত কৰি ট্ৰফী, মানপত্ৰ আৰু মেদেল প্ৰদান কৰাৰ লগতে চিএলপি এবাকাচ জাগীৰোড কেন্দ্ৰটিক শ্ৰেষ্ঠ কেন্দ্ৰৰ বঁটা প্ৰদান কৰে । এবাকাচৰ সঞ্চালিকা তথা শিশু মনস্তত্ববিদ কুকি মহন্তই জাগীৰোড কেন্দ্ৰক চেম্পিয়নৰ বঁটা প্ৰদান কৰে ।এই গৌৰৱ কঢ়িয়াই অনাত জাগীৰোডবাসীয়ে এবাকাচৰ কতৃপক্ষৰ কামৰ শলাগ লোৱাৰ লগতে অভিনন্দন জ্ঞাপন কৰে।

