30.7 C
New Delhi
Tuesday, July 28, 2026
spot_img
Homeখেলঅসমৰ উদীয়মান সাঁতোৰবিদ শ্ৰীলংকাৰ ‘পাল্ক ষ্ট্ৰেইট’ ত ঐতিহাসিক অভিযানৰ বাবে সাজু

অসমৰ উদীয়মান সাঁতোৰবিদ শ্ৰীলংকাৰ ‘পাল্ক ষ্ট্ৰেইট’ ত ঐতিহাসিক অভিযানৰ বাবে সাজু

অসমৰ উদীয়মান সাঁতোৰবিদ শ্ৰীলংকাৰ ‘পাল্ক ষ্ট্ৰেইট’ ত ঐতিহাসিক অভিযানৰ বাবে সাজু

পঙ্কজ নাথ, ষ্টাফ ৰিপৰ্টাৰ , ৪ মে’ : ৫ মে’, মঙ্গলবাৰে শ্ৰীলংকাৰ পৰা ভাৰতৰ ধনুষ্কোডি পৰ্যন্ত বিস্তৃত ‘পাল্ক ষ্ট্ৰেইট’ত অসমৰ প্ৰতিভাশালী সাঁতোৰবিদসকলে এক দুঃসাহসিক ওপেন ৱাটাৰ অভিযানত অংশগ্ৰহণ কৰিবলৈ সাজু হৈছে। এই কঠিন সমুদ্ৰপথত একক শাখাত আডিত্ৰী ৰয় চৌধুৰী আৰু কমল কৃষ্ণ দাসে নিজৰ দক্ষতা প্ৰদৰ্শন কৰিব। আনহাতে, ৰিলে শাখাত কিউচেংহান ফুকন, জানভী ডাকুৱা আৰু কাংকিতা দাসে দলীয় প্ৰচেষ্টাৰে এই দুৰ্গম জলপথ অতিক্ৰম কৰাৰ লক্ষ্য লৈ আগবাঢ়িছে। অসম সাঁতোৰ সংস্থাৰ প্ৰচাৰ সচিব মুকুটেশ্বৰ গোস্বামীয়ে গুৱাহাটীত সংবাদ মাধ্যমক জনাই যে, এই উদ্যোগে ৰাজ্যখনৰ ওপেন ৱাটাৰ সাঁতোৰত নতুন দিগন্ত উন্মোচন কৰিছে। সংস্থাৰ সাধাৰণ সম্পাদক ভাস্কৰ ৰঞ্জন দাসে অসমৰ অগ্ৰগতিক লৈ সন্তোষ প্ৰকাশ কৰি সকলো সাঁতোৰবিদলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। কঠিন স্ৰোত, বতৰৰ অনিশ্চয়তা আৰু মানসিক দৃঢ়তাৰ পৰীক্ষাৰ মাজেৰে এই অভিযান অসমৰ ক্ৰীড়া ইতিহাসত এক স্মৰণীয় অধ্যায় হিচাপে পৰিগণিত হ’ব বুলি আশা কৰা হৈছে।

RELATED ARTICLES
Lucknow
overcast clouds
28.2 ° C
28.2 °
28.2 °
76 %
2.1kmh
97 %
Tue
36 °
Wed
36 °
Thu
35 °
Fri
34 °
Sat
34 °

Most Popular