41.5 C
New Delhi
Sunday, June 21, 2026
spot_img
Homeকবিতাওলোটা খৰ

ওলোটা খৰ

ওলোটা খৰ
✍️ আয়শা ছিদ্দিকা (আছৰি) বাংলিপাৰা, বৰপেটা

সিংহ থাকে গহীন বনত
আত্ম পৰিচয় হেনো পাহৰি
মেকুৰী বোপাই সুযোগ বুজি
ৰজা বুলি দিয়ে চিনাকী।
ময়ুৰ,হৰিণ, বাঘ,জিৰাফ,
নিজৰ ৰূপত নিজেই পঞ্চমুখ
মেকুৰী বোপাই ছলটোকে পাই
প্ৰসংশা কৰি দিলে সুখ।
নিগনি পলাল প্ৰাণৰ ভয়ত
গাত নাপাই গছৰ খোঙত
মেকুৰী বোপাই দিলে আশ্বাস
খোৱাৰ লালসা নাই যে মনত।
সাপ-নেউল হেনো ওলাইছে সহ
এশিকনি দিয়াৰ মনস্থ কৰি
উমান পাই চতুৰ মেকুৰী বোপাই
ছেও দিলে সাপ-নেওলৰ এনাজৰী।
সান্ধ খোৱা ধূৰ্ত বোন্ধা মেকুৰী
টোপ চাই দিব জানে কোব
সেয়ে বনৰ ৰজাক অন্ধকাৰত থৈ
সকলোকে বনাব পাৰিছে বেকুব।

RELATED ARTICLES
Lucknow
broken clouds
43.1 ° C
43.1 °
43.1 °
18 %
6.4kmh
84 %
Sun
40 °
Mon
45 °
Tue
45 °
Wed
46 °
Thu
47 °

Most Popular