30 C
New Delhi
Wednesday, July 29, 2026
spot_img
Homeঅসমডিগবৈ বালিজানত বিহু নাচ আৰু ঢোল বাদন কৰ্মশালাৰ সামৰণি অনুষ্ঠান

ডিগবৈ বালিজানত বিহু নাচ আৰু ঢোল বাদন কৰ্মশালাৰ সামৰণি অনুষ্ঠান

ডিগবৈ বালিজানত বিহু নাচ আৰু ঢোল বাদন কৰ্মশালাৰ সামৰণি অনুষ্ঠান : 

দুৰ্নীতিৰ দৰ্পন,ডিগবৈ,৩১ মাৰ্চ : ডিগবৈ বালিজানত “বিহু নাচ” আৰু “ঢোল বাদন” কৰ্মশালা পৰিচালনা সমিতিৰ উদ্যোগত  বিগত বৰ্ষৰ দৰে এইবাৰো গৌৰৱোজ্জ্বল ষষ্ঠ  বাৰ্ষিক “বিহু নাচ” আৰু “ঢোল বাদন” কৰ্মশালা অনুষ্ঠিত কৰা হয় । দিনজোৰা কাৰ্যসূচীৰে  কৰ্মশালাৰ সামৰণি পৰে । বিশিষ্ট সমাজ সেৱক তথা অৱসৰপ্ৰাপ্ত শিক্ষক দুলাল মৰাণে প্ৰয়াত কণ্ঠ শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত এগছি বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানটি শুভাৰম্ভ কৰে। সামৰণি অনুষ্ঠানত উপস্থিত থাকে তিনিচুকীয়া জিলাৰ বিহু সুৰক্ষা সমিতিৰ সভানেত্ৰী চিনু বুঢ়াগোহাঁই , চতুৰ্থ আৰু পঞ্চম বৰ্ষৰ মুখ্য প্ৰশিক্ষক বৰবিহুৱতী মনিকা দাস,বালিজান প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জয়ন্ত ভূঞা, বালিজান বৰজান শতদল শাখা সাহিত্য সভাৰ উপ সভাপতি ক্ষীৰেশ্বৰ শৰ্মা, বিশিষ্ট সমাজ সেৱক অশোক শৰ্মা,  বিশিষ্ট সমাজ সেৱক প্ৰকাশ গগৈ,বৰবিল জিলা পৰিষদৰ সদস্যা আৰতি দেৱী শৰ্মা, ডিগবৈ আঞ্চলিক যুৱ কংগ্ৰেছৰ সভাপতি পুলিকান্ত মৰাণ, বৰবিল গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰূপজ্যোতি ফুকন,অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী অমিয়া গগৈ,বিশিষ্ট সমাজ সেৱক বিশ্বনাথ শৰ্মা বৰদলৈ,অনুসূচীত জাতি ছাত্ৰ সন্থাৰ সভাপতি প্ৰশান্ত দাসৰ লগতে বহুতো গণ্য মান্য ব্যক্তি । ইয়াৰ পিছতে  মঞ্চ উদ্বোধন কৰে কৰ্মশালাৰ প্ৰশিক্ষাৰ্থী সকলৰ অভিভাৱক সকলে বোৱাৰী বিহু । ইয়াৰ পিছতে প্ৰশিক্ষক সকলৰ চিনাকি পৰ্ব,সম্বৰ্ধনা অনুষ্ঠানৰ লগতে গুৰু সেৱা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। ১০ দিনীয়া সফল সমাপ্তিত ৰাইজৰ মঙ্গল ধ্বনি গুৰুৰ আশীৰ্বাদেৰে প্ৰশিক্ষাৰ্থী সকলোৱে একেলগে গুৰু সেৱা কৰে । ইয়াৰ পিছতে শিশু শিল্পী আদিত্য ৰঞ্জন কাশ্যপৰ গীটাৰ বাদন প্ৰদৰ্শন কৰে । ইয়াৰ পিছতে বিহু নাচৰ মুখ্য প্ৰশিক্ষক প্ৰিয়ংকা চিংফৌ হাজৰিকাৰ এটি বিহুনৃত্য প্ৰদৰ্শণ কৰে। ইয়াৰ পিছতে শাখা অনুযায়ী প্ৰশিক্ষাৰ্থিসকলৰ “বিহু নাচ” আৰু “ঢোল বাদন” প্ৰদৰ্শনী আৰম্ভ কৰা হয় । বিশিষ্ট অতিথি সকলৰ সুন্দৰ ব্যক্তব্য লগতে শেষত প্ৰশিক্ষক সকলে “বিহু নাচ” আৰু “ঢোল বাদন”ৰ ওপৰত প্ৰশিক্ষাৰ্থি  সকলক বহু গুৰুত্ব পূৰ্ণ বক্তব্য দাঙি ধৰে। ১০ দিনীয়া কৰ্মশালাত প্ৰশিক্ষক হিচাপে উপস্থিত থাকে”বিহু নাচ”ৰ মুখ্য প্ৰশিক্ষক নিউজ লাইভ বৰবিহুৱতী-২০১৫ খিতাপ অৰ্জন কৰা বৰবিহুৱতী প্ৰিয়ংকা চিংফৌ হাজৰিকা, মুখ্য প্ৰশিক্ষক ঢুলীয়া বিতোপন বৰুৱা,প্ৰশিক্ষক দিব্যজ্যোতি গগৈ,প্ৰশিক্ষক বাস্তৱ ৰাজবংশী,প্ৰশিক্ষক সত্যৰঞ্জন ফুকন,প্ৰশিক্ষক ৰিতুপন খেৰুৱাৰ,প্ৰশিক্ষক লোক নাথ মলিয়া,প্ৰশিক্ষক দীপজ্যোতি তালুকদাৰ । ইয়াৰ পিছতে অতিথি সকলে একোখনকৈ কৰ্মশালাৰ মানপত্ৰ প্ৰদান কৰে ।শেষত চতুৰ্থ আৰু পঞ্চম বৰ্ষৰ মুখ্য প্ৰশিক্ষক বৰবিহুৱতী মনিকা দাস আৰু ষষ্ঠ বৰ্ষৰ মুখ্য প্ৰশিক্ষক প্ৰিয়ংকা চিংফৌ হাজৰিকাৰ বিহু নৃত্য প্ৰদৰ্শন কৰে । মুখ্য সম্পাদক ৰিদিপ বৰুৱাই সকলোকে শলাগ জ্ঞাপন কৰি ক্ষমা প্ৰাৰ্থনা বিচাৰি সামৰণি অনুষ্ঠান অন্ত পৰে । বালিজান “বিহু নাচ” আৰু “ঢোল বাদন” কৰ্মশালা পৰিচালনা সমিতি ২০২৬ বৰ্ষৰ সমিতি ক্ৰমে সভাপতি তৰুপ্ৰভা সোণোৱাল,উপ সভাপতি প্ৰণৱ শইকীয়া,মণিকা শেনচোৱা, উৎপল কুমাৰ গগৈ,যুটীয়া সম্পাদক- গীতাশ্ৰী দাস, পপী গগৈ,সহকাৰী সম্পাদক বৰ্ণীল দাস,প্ৰশান্ত দাস,কোষাধ্যক্ষ অৰূপ দাস,সাংস্কৃতিক ও কৰ্মশালা পৰিচালনা বিভাগৰ চন্দন দাস,পণ্টি দাস,চন্দনা দাস,পল্লৱী দাস,ববিতা গগৈ,প্ৰগতি দত্ত, বিপ্লৱী বড়া,ব্যৱস্থাপনা বিভাগ:গহীন দাস ,মন্দিপ দাস,ভাস্কৰ দাস আৰু পল্লৱ দাস ।

RELATED ARTICLES
Lucknow
broken clouds
29.3 ° C
29.3 °
29.3 °
74 %
3.5kmh
63 %
Tue
29 °
Wed
36 °
Thu
36 °
Fri
35 °
Sat
36 °

Most Popular