30 C
New Delhi
Wednesday, July 29, 2026
spot_img
Homeঅসমগড়গাঁও মহাবিদ্যালয়ত বাণিজ্য বিভাগৰ উদ্যোগত আন্তঃবিভাগীয় দবা প্ৰতিযোগিতা সম্পন্নঃ ভৈৰৱ গগৈ শ্ৰেষ্ঠ

গড়গাঁও মহাবিদ্যালয়ত বাণিজ্য বিভাগৰ উদ্যোগত আন্তঃবিভাগীয় দবা প্ৰতিযোগিতা সম্পন্নঃ ভৈৰৱ গগৈ শ্ৰেষ্ঠ

গড়গাঁও মহাবিদ্যালয়ত বাণিজ্য বিভাগৰ উদ্যোগত আন্তঃবিভাগীয় দবা প্ৰতিযোগিতা সম্পন্নঃ ভৈৰৱ গগৈ শ্ৰেষ্ঠ

দুৰ্নীতিৰ দৰ্পণ, ষ্টাফ ৰিপৰ্টাৰ, ​শিৱসাগৰ, ৩১ মাৰ্চঃ শিক্ষা আৰু ক্ৰীড়া প্ৰতিভাক সমান্তৰালভাৱে বিকাশ সাধন কৰাৰ লক্ষ্যৰে শিৱসাগৰৰ ঐতিহ্যমণ্ডিত গড়গাঁও মহাবিদ্যালয়ৰ বাণিজ্য বিভাগৰ উদ্যোগত আজি এখন আন্তঃবিভাগীয় দবা খেল সফলভাৱে আয়োজন কৰা হয়৷ মহাবিদ্যালয়ৰ চৌহদত অনুষ্ঠিত এই প্ৰতিযোগিতাৰ মূল উদ্দেশ্য আছিল ছাত্ৰ-ছাত্ৰীসকলৰ বিশ্লেষণমূলক চিন্তাধাৰা আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা বৃদ্ধি কৰা, যিয়ে বাণিজ্য আৰু ব্যৱসায়ৰ জটিল জগততো সঠিক সিদ্ধান্ত লোৱাত সহায়ক হয়৷ এই প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ তথা বিশিষ্ট শিক্ষাবিদ ড০ সব্যসাচী মহন্তই৷ উদ্বোধনী ভাষণত তেখেতে বাণিজ্য বিভাগৰ এই প্ৰচেষ্টাক প্ৰশংসা কৰি কয় যে দবা হৈছে ভৱিষ্যতৰ বাবে আৱশ্যকীয় কৌশলগত দূৰদৰ্শিতা বিকাশৰ এক উত্তম মাধ্যম৷ ​বাণিজ্য বিভাগৰ মুৰব্বী ড০ অনিল তাঁতীৰ আদৰণি ভাষণেৰে খেলৰ মূল কাৰ্যসূচী আৰম্ভ হয়৷ ভাষণ প্ৰসংগত তেখেতে উল্লেখ কৰে যে বিভাগটো ছাত্ৰ-ছাত্ৰীসকলৰ সামগ্ৰিক বিকাশৰ বাবে সদায় প্ৰতিশ্ৰুতিবদ্ধ, য’ত শ্ৰেণীকোঠাৰ তত্ত্বসমূহক ব্যৱহাৰিক আৰু মানসিক অনুশীলনৰ সৈতে সংযোগ কৰা হয়৷ প্ৰতিযোগিতাখন সঠিক আৰু পেছাদাৰীভাৱে পৰিচালনা কৰিবলৈ অভিজ্ঞ খেলুৱৈ উৎপল বৰুৱা আৰু স্বৰাজ বুঢ়াগোঁহাই উপস্থিত থাকি সময়-নিয়ন্ত্ৰিত খেলসমূহ সুসংগঠিতভাৱে পৰিচালনা কৰে৷ এই অনুষ্ঠানৰ সফল সমাপ্তিত বিশেষভাৱে সহায় কৰে কাৰ্যসূচী সমন্বয়ক তথা বাণিজ্য বিভাগৰ সহকাৰী অধ্যাপক ড° মিণ্টু গগৈ আৰু আইকিউএচিৰ সমন্বয়ক ড০ সুৰজিত শইকীয়াই৷ ​প্ৰতিযোগিতাখনত মহাবিদ্যালয়খনৰ বহু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে অত্যন্ত উৎসাহেৰে অংশগ্ৰহণ কৰে আৰু প্ৰতিজনে সূক্ষ্ম চাল তথা মানসিক দৃঢ়তাৰে শীৰ্ষ স্থান লাভৰ বাবে প্ৰতিদ্বন্দ্ব্বিতা আগবঢ়ায়৷ খেলত মহাবিদ্যালয়খনৰ যথেষ্ট সংখ্যক অধ্যাপক-অধ্যাপিকা উপস্থিত থাকি প্ৰতিযোগীসকলক উৎসাহ প্ৰদান কৰে৷ তীব্ৰ প্ৰতিদ্বন্দ্ব্বিতাপূৰ্ণ এই প্ৰতিযোগিতাত ভৈৰৱ গগৈয়ে প্ৰথম স্থান লাভ কৰি শ্ৰেষ্ঠত্ব অৰ্জন কৰে৷ আনহাতে, দেৱজিত দে আৰু দিগন্ত বিশ্বাসে ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়৷ এনে বৌদ্ধিক ক্ৰীড়াই ছাত্ৰ-ছাত্ৰীসকলৰ মানসিক বিকাশৰ লগতে শৈক্ষিক পৰিৱেশটোতো এক ইতিবাচক প্ৰভাৱ পেলাব বুলি সচেতন মহলে আশা প্ৰকাশ কৰিছে৷

RELATED ARTICLES
Lucknow
broken clouds
29.3 ° C
29.3 °
29.3 °
74 %
3.5kmh
63 %
Tue
29 °
Wed
36 °
Thu
36 °
Fri
35 °
Sat
36 °

Most Popular