30 C
New Delhi
Wednesday, July 29, 2026
spot_img
Homeঅসমঅসম কলেজ অধ্যক্ষ পৰিষদৰ মাণ্ডলিক দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্ন, পূৰ্বৰ সমিতি খনকে বাহাল...

অসম কলেজ অধ্যক্ষ পৰিষদৰ মাণ্ডলিক দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্ন, পূৰ্বৰ সমিতি খনকে বাহাল ৰাখে আগন্তুক দুবছৰলৈ

অসম কলেজ অধ্যক্ষ পৰিষদৰ মাণ্ডলিক দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্ন, পূৰ্বৰ সমিতি খনকে বাহাল ৰাখে আগন্তুক দুবছৰলৈ

দুৰ্নীতিৰ দৰ্পণ, জাগীৰোড, ৩১ মাৰ্চ: – অসম কলেজ অধ্যক্ষ পৰিষদৰ অন্তৰ্গত নগাঁও-মৰিগাঁও-হোজাই জিলাৰ মহাবিদ্যালয় সমূহৰ অধ্যক্ষ মঞ্চৰ দ্বি-বাৰ্ষিক অধৱেশনখনি জাগীৰোড মহাবিদ্যালয়ত সোমবাৰে অনুষ্ঠিত হৈ যায়৷ অধিৱেশন উপলক্ষে চাৰিবছৰীয়া স্নাতক পাঠ্যক্ৰমৰ চতুৰ্থবৰ্ষ‌: প্ৰত্যাহ্বান, বিশ্ববিদ্যালয়ৰ নীতি-নিয়ম আৰু অগ্ৰসৰ হোৱাৰ পথ নিৰূপণ- বিষয়ত গুৰুত্বপূৰ্ণ আলোচনা চক্ৰখন অনুষ্ঠিত হয়৷ পুৱা অসম কলেজ অধ্যক্ষ পৰিষদৰ পতাকা উত্তোলনেৰে অনুষ্ঠিত হোৱা এই অনুষ্ঠানত উক্ত বিষয়ত বক্তৃতা প্ৰদান কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ শৈক্ষিক পঞ্জীয়ক অধ্যাপক ৰাজীৱ সন্দিকৈয়ে৷ তেওঁ বিশ্ববিদ্যালয়ৰ শৈক্ষিক নীতিৰ ওপৰত পুংখানুপুংখ আলোচনা আগবঢ়ায়৷ মণ্ডলৰ সভাপতি তথা জাগীৰোড মহাবিদ্যালয়ৰ সভাপতি ড° ভবেন চন্দ্ৰ নেওগৰ সঞ্চালনাত অনুষ্ঠিত হোৱা এই আলোচনা চক্ৰত উচ্চ শিক্ষা সঞ্চালক পমী বৰুৱা, উপ-সঞ্চালক সুমিত্ৰা দেৱ, অসম কলেজ অধ্যক্ষ পৰিষদৰ সভাপতি ড° ধৰ্মেন্দ্ৰ নাথ, সম্পাদক ড° ৰঞ্জন কুমাৰ কলিতা, জাগীৰোড মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ডা: পুনিৰাম পাতৰ, অসম কলেজ শিক্ষক সংস্থাৰ সম্পাদক ড° পৰাগ জ্যোতি মহন্তয়ো বক্তব্য আগবঢ়ায়৷ মহাবিদ্যালয়ৰ অধ্যাপিকা সকলৰ উদ্বোধনী গীতেৰে আৰম্ভ হোৱা এই আলোচনা চক্ৰত স্নাতক চতুৰ্থ বৰ্ষৰ পাঠ্যক্ৰমৰ বাবে FYUGP ৰ কোন সকল ছাত্ৰ-ছাত্ৰী উপযুক্ত হ’ব সেই সম্বন্ধে ড° সন্দিকৈয়ে ব্যাখ্যা আগবঢ়োৱাৰ উপৰিও অধ্যক্ষ পৰিষদৰ সভাপতি আৰু সম্পাদকে বিতং পৰ্যালোচনা কৰে৷ উল্লেখযোগ্য যে নতুন শিক্ষা নীতি অনুসৰি মহাবিদ্যালয়ত স্নাতক পাঠ্যক্ৰমত অধ্যয়ন কৰা ছাত্ৰ -ছাত্ৰীয়ে চতুৰ্থ বছৰত দুই ধৰণৰ পাঠ্যক্ৰম অধ্যয়নৰ সুবিধা লাভ কৰিব৷ এই দুটা হৈছে সন্মান সহ স্নাতক পাঠ্যক্ৰম আৰু সন্মান সহ গৱেষণা পাঠ্যক্ৰম৷ ইয়াৰ বাবে পূৰ্বৰ তিনিটা বৰ্ষত এগৰাকী শিক্ষাৰ্থীয়ে নিজৰ যোগ্যতা অৰ্জন কৰিব লাগিব৷ সভাৰ অন্তত তিনিওখন জিলাৰ মহাবিদ্যালয়সমূহৰ অধ্যক্ষ তথা মঞ্চৰ সভাপতি ড° ভবেন চন্দ্ৰ নেওগৰ সভাপতিত্বত মহাবিদ্যালয়সমূহে মুখামুখি হৈ অহা বিভিন্ন সমস্যাৰ বিষয়েও আলোকপাত কৰা হয়৷ বিশেষকৈ শিক্ষক কৰ্মচাৰীৰ খালী হৈ থকা পদ পূৰণ, আন্তঃ গাঁথনি আদি সমস্যাৰ সম্পৰ্কে আলোচনা কৰে৷ আলোচনা চক্ৰতেই বিষয় বাছনি সভাখনো সম্পন্ন হয়৷ পৰৱৰ্তী দুটা বছৰৰ বাবে পূৰ্বৰ সমিতিখনকে বাহাল ৰাখি কাৰ্য্য নিৰ্বাহক সমিতিখন গঠন কৰা হয়৷ আগন্তুক দুটা বছৰৰ বাবে ড° ভবেন চন্দ্ৰ নেওগক সভাপতি, ড° বেদ কুমাৰ চলিহাক উপ-সভাপতি আৰু ড° ৰমেশ নাথক সম্পাদক হিচাপে লৈ সমিতিখন গঠন কৰা হয়৷ জাগীৰোড মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা আৰু এনচিচি ৰ কেডেটসকলৰ সহযোগত সমাপন হোৱা আলোচনা চক্ৰখনত শলাগৰ শৰাই আগবঢ়াই শিক্ষক গোটৰ সম্পাদক ড° গাৰ্গী ফুকনে৷

RELATED ARTICLES
Lucknow
broken clouds
29.3 ° C
29.3 °
29.3 °
74 %
3.5kmh
63 %
Tue
29 °
Wed
36 °
Thu
36 °
Fri
35 °
Sat
36 °

Most Popular