31 C
New Delhi
Tuesday, July 28, 2026
spot_img
Homeঅসমহাইস্কুল শিক্ষান্ত পৰীক্ষাত খলিছাভিটা জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ ছাত্ৰী ববিনা পাৰবিনৰ উজল সাফল্য;...

হাইস্কুল শিক্ষান্ত পৰীক্ষাত খলিছাভিটা জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ ছাত্ৰী ববিনা পাৰবিনৰ উজল সাফল্য; গণিতত লাভ কৰিলে ১০০ নম্বৰ।

হাইস্কুল শিক্ষান্ত পৰীক্ষাত খলিছাভিটা জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ ছাত্ৰী ববিনা পাৰবিনৰ উজল সাফল্য; গণিতত লাভ কৰিলে ১০০ নম্বৰ।

​দুৰ্নীতিৰ দৰ্পন:গোৱালপাৰা ষ্টাফ ৰিপ’ৰ্টাৰ,১০ এপ্ৰিল,শেহতীয়াকৈ ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত গোৱালপাৰা জিলাখনৰ খলিছাভিটা জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ ছাত্ৰী তথা চাৰালঝাৰ গাঁৱৰ বজিয়াল হকৰ কন্যা ববিনা পাৰবিনে ৯২ শতাংশ নম্বৰ লাভ কৰি সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। বিশেষভাৱে উল্লেখযোগ্য যে, ববিনাই গণিত বিষয়ত ১০০ ৰ ভিতৰত ১০০ নম্বৰ লাভ কৰি নিজৰ মেধাৰ পৰিচয় দিছে।

তেওঁ সৰ্বমুঠ ৫৫০ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে।

কেৱল ববিনাই নহয়, বিদ্যালয়খনৰ ফলাফল সামগ্ৰিকভাৱে যথেষ্ট আশাপ্ৰদ। চলিত বৰ্ষত এই বিদ্যালয়ৰ পৰা মুঠ ২১ জন ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ইয়াৰে:

​প্ৰথম বিভাগ: ৯ জন

​দ্বিতীয় বিভাগ: ১২ জন

​উত্তীৰ্ণৰ হাৰ: ১০০ শতাংশ

নিজৰ এই সাফল্যৰ বাবে ববিনাই বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ কঠোৰ পৰিশ্ৰম আৰু পিতৃ-মাতৃৰ প্ৰেৰণাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। ভৱিষ্যতে এজন সফল নাগৰিক হোৱাৰ লক্ষ্যৰে আগবাঢ়িব খোজা ছাত্ৰীগৰাকীৰ এই সফলতাত এতিয়া সমগ্ৰ অঞ্চলটোতে আনন্দৰ লহৰ উঠিছে।

খলিছাভিটা জ্ঞানপীঠ জাতীয় বিদ্যালয়ৰ পৰা প্ৰতি বছৰেই তেনে উন্নত ফলাফল লাভ কৰি অহাৰ ধাৰা এইবাৰো অক্ষুণ্ণ থাকিল। বিদ্যালয়খনৰ এজন প্ৰাক্তন ছাত্ৰ, যিয়ে বৰ্তমান চিকিৎসা বিজ্ঞান (Medical) অধ্যয়নৰ সুযোগ লাভ কৰিছে, তেওঁ উল্লেখ কৰে যে বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ অত্যন্ত উন্নত। লগতে তেওঁ জানিবলৈ দিয়ে যে বৰ্তমান বিদ্যালয়খনত নতুন নামভৰ্তি প্ৰক্ৰিয়াও চলি আছে।

​শিক্ষক আৰু স্থানীয় ৰাইজে ববিনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি আশীৰ্বাদ প্ৰদান কৰিছে।

RELATED ARTICLES
Lucknow
broken clouds
30.4 ° C
30.4 °
30.4 °
69 %
3.7kmh
69 %
Tue
30 °
Wed
37 °
Thu
37 °
Fri
34 °
Sat
35 °

Most Popular