লাহৰিজান ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথৰ জৰাজীৰ্ণ অৱস্থা , ভয়ংকৰ দুৰ্ঘটনাৰ আঁৰত মৃত্যু ফাঁদ
দুৰ্নীতিৰ দৰ্পণ খটখটী সংবাদদাতা ১১ এপ্ৰিল ২০২৬ :- আজি দিনৰ ভাগত এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা অলৌকিকভাৱে প্ৰাণ ৰক্ষা পালে এজন চালকে। মাছ ভৰ্তি এখন অটো মালগাড়ী, পঞ্জীয়ণ নং AS-09-BC-4286, বোকাজানৰ পৰা লাহৰিজান অভিমুখে গৈ থকা অৱস্থাত হঠাৎ লাহৰিজানৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথৰ প্ৰকাণ্ড গাতত জমা হোৱা গভীৰ পানীৰ মাজত ভাগৰি পৰে। মুহূৰ্ততে গাড়ীখন নিয়ন্ত্ৰণ হেৰুৱাই ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয়। প্ৰত্যক্ষদৰ্শীসকলে কয়—এই পথ এতিয়া যেন মৃত্যুৰ ফাঁদত পৰিণত হৈছে। দৈনিক সৰু-ডাঙৰ দুৰ্ঘটনা সংঘটিত হৈ আছে, তথাপিও সংশ্লিষ্ট বিভাগৰ তৰফৰ পৰা এতিয়ালৈ কোনো ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। এতিয়া বাৰিষা বতৰ আৰম্ভ হোৱাৰ লগে লগে পথৰ অৱস্থা অধিক ভয়াবহ ৰূপ ধাৰণ কৰিছে। প্ৰকাণ্ড গাতবোৰ পানীৰে ভৰি থকা বাবে যিকোনো সময়তে ডাঙৰ দুৰ্ঘটনা ঘটাৰ আশংকা বৃদ্ধি পাইছে। লাহৰিজান লাইন হোটেলৰ পৰা অসম নাগালেণ্ড সীমান্ত লৈকে জৰাজীৰ্ন অৱস্থা । ৰাইজৰ দাবী —সংশ্লিষ্ট বিভাগীয় কৰ্তৃপক্ষই যেন অতি শীঘ্ৰে এই মৃত্যুৰ ফাঁদত পৰিণত হোৱা পথছোৱা মেৰামতি কৰি, সম্ভাৱ্য ডাঙৰ দুৰ্ঘটনা আৰু প্ৰাণহানি ৰোধ কৰিবলৈ তৎক্ষণাত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে ।

