30 C
New Delhi
Friday, July 31, 2026
spot_img
Homeঅসমউত্তৰ গুৱাহাটী কবি সন্মিলনৰ কাৰ্য্যনিৰ্বাহক সভা সম্পন্ন

উত্তৰ গুৱাহাটী কবি সন্মিলনৰ কাৰ্য্যনিৰ্বাহক সভা সম্পন্ন

উত্তৰ গুৱাহাটী কবি সন্মিলনৰ কাৰ্য্যনিৰ্বাহক সভা সম্পন্ন।

পঙ্কজ নাথ, ষ্টাফ ৰিপৰ্টাৰ , ১২ এপ্ৰিল: কামৰূপ জিলাৰ উত্তৰ গুৱাহাটী আউনীআটী সত্ৰৰ ঐতিহ্য ভৱনত কালি শণিবাৰে উত্তৰ গুৱাহাটী কবি সন্মিলনৰ এখন কাৰ্য্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায়। উত্তৰ গুৱাহাটী কবি সন্মিলনৰ সভাপতি অৰূপ ধৰ বৰুৱাই সঞ্চালনা কৰা সভাৰ উদ্দেশ্য বাখ্যা কৰে কবি সন্মিলনৰ সম্পাদিকা জয়শ্ৰী শৰ্মা ভট্টাচাৰ্য্যই । কবি সন্মিলনৰ উপ সভাপতি পাৰ্থ প্ৰতীম বৰকাকতিয়ে নতুন প্ৰজন্মক তথা বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীক পুৰণি গীতসমূহৰ প্ৰতি আগ্ৰহাম্বিত কৰাবৰ বাবে এটা কাৰ্য্যসূচী যাতে ৰাখিব পাৰে তাৰ ওপৰত বক্তব্য দাঙি ধৰে । ইয়াৰ লগতে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পুৰণি গীতৰ সমাহাৰৰ জৰিয়তে প্ৰতিযোগিতা পাতিবৰ বাবেও পৰামৰ্শ আগবঢ়ায়। কামৰূপ জিলা কবি সন্মিলনৰ সহ সম্পাদিকা ঊষা দেৱীয়ে বিশিষ্ট কবিসকলৰ উপস্থিতিত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী তথা নতুন প্ৰজন্মৰ মাজতো এক প্ৰতিযোগিতা আয়োজনৰ কথা উল্লেখ কৰে । লগতে সেই সকলক অকল কবিতাৰ মাজতে আৱদ্ধ নাৰাখি সমাজৰ দায়বদ্ধতাৰ প্ৰতিও সচেতন ভূমিকা ল’বৰ বাবে বত্তৃতা প্ৰদান কৰে। সভাত কবিতা পাঠ কৰে ননী নাথ ,গংগা ভৰালী বৰ্মন, বিনিতা দাস,জয়শ্ৰী শৰ্মা ভট্টাচাৰ্য্য আৰু প্ৰণতি বৰুৱাই। আনহাতে গীতৰ জৰিয়তে পৰিবেশটো সুন্দৰ আৰু জীপাল কৰি তোলে ধীৰেশ্বৰ বড়ো, ৰীতা দাস ওজা, ইজুমণি বৰুৱাই । সভাত সৰ্ব সন্মতি ক্ৰমে আগন্তক দিনত প্ৰণতি বৰুৱাক সন্মিলনৰ কোষাধ্যক্ষ হিচাবে নিৰ্বাচন কৰা হয়। সভাত সভাপতিৰ ভাষণত অৰূপ ধৰ বৰুৱাই সকলোৰে গঠনমূলক দিহা পৰামৰ্শ আৰু সহায় সহযোগিতাৰ জৰিয়তে আগন্তক কবি সন্মিলনক এখন লেখত ল’বলগীয়া সন্মিলন হিচাবে পৰিগণিত কৰিবৰ বাবে চেষ্টা অব্যাহত ৰাখিব বুলি উল্লেখ কৰে। বৰুৱাই লগতে ওপৰোক্ত বক্তাসকলৰ পৰামৰ্শ সমূহ অতি সোনকালে সফলকাম কৰিব বুলিও মন্তব্য আগবঢ়ায়। সভাত শলাগৰ শৰাই আগবঢ়াই ঊষা দেৱীয়ে। শেষত অসম সংগীতৰ জৰিয়তে সভা ভংগ কৰা হয় ।

RELATED ARTICLES
Lucknow
overcast clouds
31.2 ° C
31.2 °
31.2 °
65 %
7.9kmh
96 %
Fri
34 °
Sat
36 °
Sun
35 °
Mon
31 °
Tue
29 °

Most Popular