37.3 C
New Delhi
Wednesday, June 17, 2026
spot_img
Homeঅসমকটহগুৰিৰ জাকিৰ হুছেইনৰ মৃত্যুত শোকৰ ছাঁ

কটহগুৰিৰ জাকিৰ হুছেইনৰ মৃত্যুত শোকৰ ছাঁ

কটহগুৰিৰ জাকিৰ হুছেইনৰ মৃত্যুত শোকৰ ছাঁ

দুৰ্নীতিৰ দৰ্পণ, আদিলুৰ ৰহমান,জাজৰি,১৫ এপ্ৰিল: নগাঁও জিলাৰ ধিঙ ৰাজহ চক্ৰৰ অন্তৰ্গত কটহগুৰিৰ নিবাসী তথা মীন পালক জাকিৰ হুছেইনৰ যোৱা ১৪ এপ্ৰিলত দেহাৱসান ঘটে। দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত ভুগি থকা হুছেইনক ৩ এপ্ৰিলত গুৱাহাটীস্থিত বি. বৰুৱা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। অৱশেষত ১৪ এপ্ৰিলৰ পুৱা প্ৰায় ২:৩০ বজাত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৪৬ বছৰ।জাকিৰ হুছেইন এ আই ইউ ডি এফৰ এজন সক্ৰিয় কৰ্মী হিচাপে পৰিচিত আছিল আৰু অঞ্চলটোৰ সামাজিক তথা ধৰ্মীয় কাৰ্যসূচীত সক্ৰিয়ভাৱে জড়িত আছিল। তেওঁৰ মৃত্যুত টুকটুকী প্ৰেছ ক্লাৱে গভীৰ শোক প্ৰকাশ কৰিছে।আজি পুৱা ১০ বজাত কটহগুৰি আঞ্চলিক জামে মছজিদ প্ৰাংগণত তেওঁৰ পুত্ৰ হাফিজ ৰুয়েল আহমেদৰ ইমামতিত্বত জানাজাৰ নামাজ সম্পন্ন কৰা হয়। মৃত্যুৰ সময়ত তেওঁ চাৰিগৰাকী পুত্ৰ সন্তানসহ বহু গুণমুগ্ধক এৰি থৈ যায়। তেওঁৰ মৃত্যুত অঞ্চলজুৰি শোকৰ পৰিৱেশ সৃষ্টি হৈছে।

RELATED ARTICLES
Lucknow
broken clouds
37.5 ° C
37.5 °
37.5 °
24 %
2.5kmh
53 %
Wed
41 °
Thu
44 °
Fri
44 °
Sat
46 °
Sun
45 °

Most Popular