39.1 C
New Delhi
Thursday, April 16, 2026
spot_img
Homeখেলখে’লো ইণ্ডিয়া অস্মিতা মহিলা সাঁতোৰত অসমৰ দপদপনি; দ্বিতীয় দিনা দুটা স্বৰ্ণ, এটা...

খে’লো ইণ্ডিয়া অস্মিতা মহিলা সাঁতোৰত অসমৰ দপদপনি; দ্বিতীয় দিনা দুটা স্বৰ্ণ, এটা ৰূপ লাভ

খে’লো ইণ্ডিয়া অস্মিতা মহিলা সাঁতোৰত অসমৰ দপদপনি; দ্বিতীয় দিনা দুটা স্বৰ্ণ, এটা ৰূপ লাভ

পঙ্কজ নাথ, ষ্টাফ ৰিপৰ্টাৰ, ১৩ এপ্ৰিল: আহমেদাবাদত অনুষ্ঠিত খেলো ইণ্ডিয়া অস্মিতা মহিলা সাঁতোৰ প্ৰতিযোগিতাৰ দ্বিতীয় দিনত অসমে দুটা স্বৰ্ণ আৰু এটা ৰূপ পদক লাভ কৰি দপদপীয়া প্ৰদৰ্শন আগবঢ়ালে৷ অসম সাঁতোৰ সংস্থাৰ প্ৰচাৰ সম্পাদক মুকুটেশ্বৰ গোস্বামীয়ে জানিবলৈ দিয়া মতে, দৰ্শিতা বৰুৱাই ১৮ বছৰ অনুৰ্ধ ছোৱালীৰ ৪০০ মিটাৰ ফ্ৰীষ্টাইল শাখাত ৪: ৪৮.৪৭ সময় লৈ প্ৰথম স্থান অধিকাৰ কৰি ৰাজ্যখনৰ বাবে প্ৰথমটো স্বৰ্ণ পদক জয় কৰে৷ প্ৰাপ্তি চালিহাই ১৮ বছৰ অনুৰ্ধ ছোৱালীৰ ২০০ মিটাৰ বাটাৰফ্লাই শাখাত ২: ৪৬.০৩ সময়ৰে আন এটা স্বৰ্ণ পদক অৰ্জন কৰে৷ ইফালে, মধুপ্ৰিয়া গগৈয়ে ১৮ বছৰ অনুৰ্ধ ছোৱালীৰ ২০০ মিটাৰ বেকষ্ট্ৰোক শাখাত ২: ৩৭.৬১ সময় লৈ ৰূপৰ পদক লাভ কৰে৷ সংস্থাটোৰ সাধাৰণ সম্পাদক ভাস্কৰ ৰঞ্জন দাসে পদক বিজয়ীসকলক অভিনন্দন জনাই তেওঁলোকৰ প্ৰদৰ্শনক “অতুলনীয় আৰু প্ৰেৰণাদায়ক” বুলি অভিহিত কৰে৷

RELATED ARTICLES
Lucknow
haze
38 ° C
38 °
38 °
37 %
3.1kmh
5 %
Thu
37 °
Fri
42 °
Sat
44 °
Sun
45 °
Mon
44 °

Most Popular