39.1 C
New Delhi
Thursday, April 16, 2026
spot_img
Homeঅসমগা ধুবলৈ গৈ ঘূৰি নাহিল বনকৰ্মী অজয় কুৰ্মী, ওৰাং ৰাষ্ট্ৰীয় উদ্যানত অঘটন

গা ধুবলৈ গৈ ঘূৰি নাহিল বনকৰ্মী অজয় কুৰ্মী, ওৰাং ৰাষ্ট্ৰীয় উদ্যানত অঘটন

গা ধুবলৈ গৈ ঘূৰি নাহিল বনকৰ্মী অজয় কুৰ্মী, ওৰাং ৰাষ্ট্ৰীয় উদ্যানত অঘটন

ষ্টাফ ৰিপ’ৰ্টাৰ; দলগাঁও; ১৪ এপ্ৰিল- সমগ্ৰ ৰাজ্যজুৰি আজি পালন কৰা হৈছে অসমীয়াৰ বাপোতি সাহোন ৰঙালী বিহু৷ আজি হৈছে গৰু বিহু৷ গৰু বিহুৰ দিনা পুৱাৰ ভাগত লোক সকলে নিজৰ গো-ধনক নুৱাই ধুৱাই পৰিষ্কাৰ কৰি নতুনক আদৰি লোৱাৰ প্ৰাক-মুহূৰ্তত ৰাজ্যত জোকাৰি গৈছে এক শিহৰণকাৰী ঘটনাই৷ অতি মৰ্মান্তিক আৰু দুখ লগা ঘটনাৰ বিৱৰণে আপোনাকো মৰ্মাহত কৰি তুলিব৷ গৰু বিহুৰ দিনৰ প্ৰায় এঘাৰ বজাৰ আশে-পাশে এক মৰ্মান্তিক ঘটনাই জোকাৰি গৈছে সমগ্ৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ লগতে পাৰ্শ্বৱৰ্তী শিয়ালমাৰী কাছোমাৰী গাঁও৷ ঘটনা অনুসৰি নিজ কৰ্তব্য সামৰি বালি কেম্পৰ দুগৰাকী বনকৰ্মী ওৰাং ৰাষ্ট্ৰীয় উদ্যান এলেকাত থকা সৰু পুখুৰীত কাপোৰ আৰু গা ধুবলৈ গৈছিল সুঠাম দেহৰ অধিকাৰী যুৱক অজয় কুৰ্মী (২৪) আৰু সতীৰ্থ মকবুল আলী৷ কাপোৰ ধুই উঠি গা ধুবলৈ আৰম্ভ কৰিছিল দুয়োৱে৷ মকবুল আলীয়ে গা ধুই উঠে যদিও অজয় কুৰ্মী নামৰ বনকৰ্মী জনে গা ধুবলৈ পানীত ডুব দিছিল যদিও অলপ সময় ধৰি পাৰলৈ উঠি নহাত মকবুল আলীয়ে চিঞৰ-বাখৰ কৰে আৰু বিচাৰি সন্ধান উলিয়াব নোৱাৰে৷ চিঞৰ শুনি ওচৰত থকা লোকসকলে আহি পানীত সন্ধান উলিয়াব চেষ্টা কৰে যদিও বিফল হয়৷ পিছত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বনৰক্ষী বিষয়া হিৰুপম দলেক ঘটনাটো অৱগত কৰে৷ বনৰক্ষী বিষয়া জনে বিভাগীয় উৰ্ধতম কৰ্তৃপক্ষৰ লগতে SDRF বাহিনীক ঘটনাটো অৱগত কৰে আৰু ক্ষন্তেক পিছত SDRF বাহিনী উক্ত স্থানত উপস্থিত হৈছিল৷ SDRF বাহিনীৰ সহযোগত ঘণ্টাযোৰা তীব্ৰ অভিযানত তেইছ বছৰীয়া বন কৰ্মী অজয় কুৰ্মীক মৃত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ সতীৰ্থ মকবুল আলীয়ে ঘটনাটোৰ বাবে অত্যন্ত দুখ প্ৰকাশ কৰে আৰু সেই সময়ত ভয় কৰিছিল বুলিও প্ৰকাশ কৰে৷ পুখুৰীৰ পানীৰ পৰা উদ্ধাৰ কৰি মৃতদেহটোৰ প্ৰাথমিক তদন্তৰ বাবে দলগাঁও আৰক্ষী থানালৈ লৈ আনে পিছত মৰণোত্তৰ পৰীক্ষাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিব বুলি জানিবলৈ দিয়ে বনৰক্ষী বিষয়াই৷ ঘটনাস্থলীত বন বিভাগৰ দল আৰু দলগাঁও আৰক্ষীৰ এটি দল উপস্থিত আছিল৷ মৃত অজয় কুৰ্মীৰ ঘৰ ঢেকীয়াজুলিৰ থানাৰ অন্তৰ্গত চপাই নলবাৰী গাঁৱত বুলি জানিব পৰা গৈছে৷ অজয় কুৰ্মীৰ পিতৃ চল্টো কুৰ্মী মাতৃ কুলন্তী কুৰ্মী৷ মৃত অজয়ৰ আছে আন দুগৰাকী ভাতৃ৷ মাতৃ কুলন্তী কুৰ্মী চাহ বাগিচাত এতিয়াও কাম কৰে বুলি জানিব পৰা গৈছে৷ অজয়ৰ মৃত্যুৰ খবৰ পাই ঘটনাস্থলীত ভাতৃ আৰু পিতৃ মাটিত বাগৰি বাগৰি ক্ৰন্দনত ভাগি পৰিছে আৰু পিতৃয়ে অকল অজয় অজয় বুলি হিয়া ঢাকুৰি কান্দি কান্দি মাতিছে৷ উল্লেখ্য যে মাত্ৰ তিনিবছৰ পূৰ্বে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত কেজোৱেল হিচাপে চাকৰিত যোগদান কৰিছিল অজয় কুৰ্মীয়ে৷ গৰু বিহুৰ দিনাই সংগঠিত হোৱা এই শোকাৱহ ঘটনাই ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্মী, অজয়ৰ পৰিয়াল আৰু আত্মীয়ৰ লগতে শিয়ালমাৰী কাছোমাৰী অঞ্চলত শোকৰ ছাঁ পেলাইছে৷

RELATED ARTICLES
Lucknow
haze
38 ° C
38 °
38 °
37 %
3.1kmh
5 %
Thu
37 °
Fri
42 °
Sat
44 °
Sun
45 °
Mon
44 °

Most Popular