39.7 C
New Delhi
Wednesday, June 3, 2026
spot_img
Homeঅসমঅসম–নাগালেণ্ড সীমান্তৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথৰ জৰাজীৰ্ণ অৱস্থা, ৰাইজৰ ক্ষোভ

অসম–নাগালেণ্ড সীমান্তৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথৰ জৰাজীৰ্ণ অৱস্থা, ৰাইজৰ ক্ষোভ

অসম–নাগালেণ্ড সীমান্তৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথৰ জৰাজীৰ্ণ অৱস্থা, ৰাইজৰ ক্ষোভ

দুৰ্নীতিৰ দৰ্পণ , মইনুল হুছেইন ওঝা , খটখটী সংবাদাতা , ২১ এপ্ৰিল । কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ অন্তৰ্গত খটখটী এলেকাৰ অসম–নাগালেণ্ড সীমান্তৰ দলংৰ পৰা লাহৰিজান বজাৰ, লাহৰিজান শ্মশান ঘাট হৈ গৌতম বস্তি লৈকে থকা ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথৰ জৰাজীৰ্ণ অৱস্থাই স্থানীয় ৰাইজ আৰু যাত্ৰীসকলক দীৰ্ঘদিন ধৰি সমস্যাত পেলাইছে। জানিব পৰা মতে, প্ৰায় দুবছৰ ধৰি এই পথটো অত্যন্ত বেয়া অৱস্থাত পৰি আছে। পথৰ মাজে মাজে সৃষ্টি হোৱা প্ৰকাণ্ড গাতসমূহে যান-বাহন চলাচলত গুৰুতৰ অসুবিধা সৃষ্টি কৰিছে। বিশেষকৈ বাৰিষাৰ সময়ত বৰষুণৰ পানীয়ে গাতবোৰ পূৰ্ণ হৈ পৰাত পথ কোনটো আৰু পুখুৰী কোনটো চিনাক্ত কৰাটো চালকসকলৰ বাবে অত্যন্ত কঠিন হৈ পৰে। উল্লেখযোগ্য যে, দৈনিক এই পথৰে হাজাৰ হাজাৰ যান-বাহন চলাচল কৰে। লগতে পথচাৰী আৰু স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলেও এই পথ ব্যৱহাৰ কৰি নিয়মিত যাতায়ত কৰে। এনে অৱস্থাত যিকোনো সময়তে দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা বৃদ্ধি পাইছে। ইফালে স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰি কয় যে, ইমান দিন ধৰি পথটো বেয়া অৱস্থাত থকাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষই ইয়াৰ কোনো স্থায়ী মেৰামতিৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। ফলত ৰাইজৰ মাজত অসন্তোষ বৃদ্ধি পাইছে। স্থানীয় ৰাইজে অতি শীঘ্ৰে এই পথটো মেৰামতি কৰাৰ বাবে সংশ্লিষ্ট বিভাগৰ ওচৰত জোৰালো দাবী জনাইছে। আৰু মুল কথা হৈছে পথৰ দুয়ো কাষে ড্ৰেন নথকাৰ কাৰনে অতি সোনকালে পথটো বেয়া হৈ পৰে ।

RELATED ARTICLES
Lucknow
broken clouds
36.9 ° C
36.9 °
36.9 °
24 %
5.4kmh
59 %
Wed
39 °
Thu
43 °
Fri
43 °
Sat
43 °
Sun
44 °

Most Popular